ছলমান খানৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ এইগৰাকী অভিনেত্ৰী

ছলমান খানৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ এইগৰাকী অভিনেত্ৰী

বলীউডৰ অভিনেতা চলমান খানে ঈদত অনুৰাগীসকললৈ আগবঢ়াব Radhe: Your Most wanted Bhai ছবিখন ৷এই ছবিখনত ছলমানখানৰ লগত অভিনয় কৰিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানীয়ে ৷ ভাৰত ছবিৰ পিছত দিশা পাটানীয়ে দ্বিতীয় বাৰলৈ ছলমান খানৰ লগত অভিনয় কৰিব ।

ইফালে দ্বিতীয় বাৰৰ কাৰণে ছলমান খানৰ লগত অভিনয় কৰি ছলমান খানৰ প্ৰশংসাত পঞ্চমুখ হৈছে দিশা পাটানী ৷ এক বিশেষ সাক্ষাৎকাৰত দিশা পাটানীয়ে কয় যে ছলমান খানৰ লগত কাম কৰিবলৈ পায় মই যথেষ্ঠ উৎসাহী ৷ছলমান বহু বিনম্ৰ আৰু দয়ালু ব্যক্তি ৷ লগতে দিশায়ে ছলমান খানক চান্তা ক্লজ বুলিও অভিহিত কৰে। সাক্ষাৎকাৰটোত দিশায়ে কয় যে মই ছলমান খানৰ লগত দ্বিতীয় বাৰৰ কাৰণে ছবিত অভিনয় কৰি বহু উৎসাহী হৈ পৰিছো ৷ছলমান ছাৰ একেবাৰে ছান্তা ক্লজৰ দৰে।

প্ৰত্যেক বাৰেই ছলমান খানে অনুৰাগীসকলৰ কাৰণে বিভিন্ন সুখৰ মুহুৰ্ত লৈ আহে । ব্যতিক্ৰম নহয় এইবাৰো ৷লগতে দিশায়ে কয় যে ছলমান খানৰ লগত অভিনয় কৰিবলৈ পায় মই অত্যন্ত সুখী। ছলমান খান শান্ত হোৱাৰ লগতে বহু দয়ালু ব্যক্তি। ছলমান খানৰ কাম দেখি মই যথেষ্ট প্ৰেৰণা লাভ কৰোঁ ৷ ইফালে ছলমান খান আৰু দিশা পাটানীৰ কেমেষ্ট্ৰীক ভাৰত ছবিত সকলোৱে আকোঁৱালি লৈছিল ৷উল্লেখ্য যে দিশা পাটানীক মলং ছবিত দেখিবলৈ পোৱা যাব ৷ এই ছবিখনত দিশা পাটানীয়ে আদিত্য ৰয় কাপুৰ আৰু অনিল কাপুৰৰ লগত অভিনয় কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Man trampled to death by wild jumbo in Margherita

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com