মনোৰঞ্জন

আহি আছে অনিল কাপুৰৰ নতুন ছবি মলংগ, অনিল কাপুৰে কৰিলে টুইট

Sentinel Digital Desk

আহি আছে অনিল কাপুৰৰ নতুন ছবি মলংগ, অনিল কাপুৰে কৰিলে টুইট । আহি আছে নতুন হিন্দী ছবি মলংগ । এই ছবিত অভিনয় কৰিব লগীয়া অভিনেতা অভিনেত্ৰীৰ নাম প্ৰকাশ হোৱাৰ পিছতেই অনুৰাগী সকলে অপেক্ষা কৰি আছে মলংগৰ বাবে। ইতিমধ্যে ছবি খনৰ ৫ খন পোষ্টাৰ মুক্তি লাভ কৰিছে । লগতে ছবিখনৰ ট্ৰেইলাৰ অহা ৬ জানুৱাৰী‌ তাৰিখে মুক্তি লাভ কৰিব। ইতিমধ্যে ছবিখনত অভিনয় কৰিব লগীয়া অভিনেতা সকলৰ চৰিত্ৰ ও পোহৰলৈ আহিছে।‌ অভিনেতা অনিল কাপুৰেও ছবি খন সম্পৰ্কে টুইট কৰিছে। অনিল কাপুৰে মলংগ চলচ্চিত্ৰৰ তেওঁৰ ফটো শ্বেয়াৰ কৰে । অনুৰাগী সকলে তেওঁৰ টুইট যথেষ্ট খিনি ভাল পাইছে।

https://twitter.com/AnilKapoor/status/1213014778370674693

ছবি খনত অনিল কাপুৰৰ চৰিত্ৰ প্ৰকাশ পোৱা পিছত আকৌ এবাৰ অনিল কাপুৰ চৰ্চালৈ আহিছে । তেওঁৰ প্ৰশংসাৰে ভৰি পৰিছে ছ'চিয়েল মিডিয়া । অভিনেতা জনে ফটোৰ লগতে লিখিছে যে, " জীৱন ভগৱানৰ হাতত আছে । মোৰ হাতত বন্দুক আছে "।

অনিল কাপুৰৰ এই টুইটটোক ইতিমধ্যে ৫৬ বাৰ ৰিটুইট কৰা হৈছে । লগতে অভিনেতা অনিল কাপুৰে কৰা টুইটটোত ১৭০০ তকৈ অধিক লাইক হৈছে । অনুৰাগীৰ বিভিন্ন মন্তব্যৰে ভৰি পৰিছে ছ'চিয়েল মিডিয়া । কিছুমানে লিখিছে , " অপেক্ষা কৰিব নোৱাৰি" আন কিছুমানে লিখিছে অনিল কাপুৰক হেণ্ডচাম লাগিছে ।

https://twitter.com/AnilKapoor/status/1213045148977811457

অনিল কাপুৰৰ লগতে ছবি খনত অভিনয় কৰিব লগা কুনাল খেমুৰ ফটোও প্ৰকাশ পাইছে । কুশাল খেমুক এই ছবি খনত প্ৰথমতকৈ কিছু পৃথক দেখা গৈছে। অভিনেতা অনিল কাপুৰে টুইট কৰিছে যে , " সত্যৰ মিচাৰ লগত প্ৰতিদ্বন্দিতা" ।

ছবি খনৰ ট্ৰেইলৰ ৬ জানুৱাৰী ২০২০ ত মুক্তি লাভ কৰিব। এই ছবি খনত অভিনয় কৰিব অনিল কাপুৰ, আহিত্য ৰয় কাপুৰ, দিশা পাটনী, কুনাল খেমু লগতে আন বহু কলা কুশলী। ছবি খনৰ অধিকাংশ শ্বুটিং মাৰিছছ আৰু গোৱাত হৈছে । এই ছবি খনৰ নিৰ্দেশনা কৰিছে মোহিত সুৰী আৰু পৰিচালনা কৰিছে ভূষন কুমাৰ , কৃষ্ণ কুমাৰ , লাভ ৰঞ্জন , অংকুৰ গাৰ্গ , আৰু জয় ছেৱাকৰামান ।ছবি খনৰ সংগীত পৰিচালনা কৰিছে অংকিত টিৱাৰী , অনুপম ৰয়, জিত গাংগুলী, আৰু মিথুনে ।

জানিব পৰা মতে এই ছবি খন ২০২০ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব।

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat