Begin typing your search above and press return to search.

ছলমান খান ,আমিৰক পিছুৱাই ২০১৯ বৰ্ষত শীৰ্ষ ছবি বাহুবলীৰে অভিলেখ গঢ়িলে প্ৰভাসে

ছলমান খান ,আমিৰক পিছুৱাই ২০১৯ বৰ্ষত শীৰ্ষ ছবি বাহুবলীৰে অভিলেখ গঢ়িলে প্ৰভাসে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2020 1:01 PM GMT

ছলমান খান ,আমিৰক পিছুৱাই ২০১৯ বৰ্ষত শীৰ্ষ ছবি বাহুবলীৰে অভিলেখ গঢ়িলে প্ৰভাসে । ২০১৯ বৰ্ষটো শেষ হোৱাৰ লগে লগে আৰু ২০২০ বৰ্ষৰ আৰম্ভনিৰ লগতে এটা দশকৰো অন্ত পৰে । উক্ত সময়ছোৱাত চলচিত্ৰ জগতৰো এটা দশকৰ অন্তত বস্ক অফিচত ছবিৰ সংগ্ৰহৰ তালিকা প্ৰস্তুত কৰা হয় । এই বস্ক অফিচ ৰ সংগ্ৰহ অনুসৰি বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ১০ খন চিনেমাৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হয় । বস্ক অফিচ সংগ্ৰহিত প্ৰতিবেদনত চলচিত্ৰ সমুহে মুঠ কিমান টকা সংগ্ৰহ কৰিলে তাৰ সমীক্ষা কৰাৰ লগতে ৰাইজে কোনখন ছবি বেছি উপভোগ কৰিলে সেই সমীক্ষা প্ৰস্তুত কৰি উলিয়াই ।

বিগত বছৰ কেইটাত ছলমান খান আৰু আমিৰ খানৰ ছবিয়ে শীৰ্ষ স্থান লাভ কৰি আছিল কিন্তু ছলমান খান , আমিৰ খানৰ অভিলেখ ভংগ কৰি এইবাৰ প্ৰভাসে এই দশকত শীৰ্ষ স্থান দশল কৰে । ১০ খন শীৰ্ষ চিনেমা নিৰ্বাচনৰ তালিকাত প্ৰভাসে অভিনয় কৰা ছবি 'বাহুবলীৰ ' সংগ্ৰহ আটাইতকৈ বেছি আৰু এই চিনেমাখনত প্ৰভাসৰ লগতে অন্যান্য মুখ্য চৰিত্ৰত অভিনয় কৰে অনুষ্কা চেট্টী আৰু ছত্ৰৰাজে । তাৰ পিছতেই দ্বিতীয় স্থানত ৰাইজে আটাইতকৈ বছি উপভোগ কৰা ছবি হ'ল ছলমান খানে অভিনয় কৰা 'বজৰংগী ভাইজান ' আৰু এইখন ছবিত অন্য এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শিশু শিল্পী হৰ্শালী মালহোত্ৰা ।এই চিনেমাখনৰ পাছতে হৰ্ষিতা মালহোত্ৰা অধিক জনপ্ৰিয়তা লাভ কৰে । তৃতীয় স্থানত প্ৰভাসৰ বাহুবলী : দ্যা দ্যা বিগিনিং , চতুৰ্থতে আমিৰ খানে অভিনয় কৰা ছবি দংগল আৰু পাচঁ নম্বৰ স্থানত আছ ' গোলমাল এগেইন ' ।

নিসন্দেহে বাহুবলী চিনেমাখনৰ জৰিয়তে প্ৰভাসে বলীউদৰ অন্য অভিনেতাসকলক পিছ পেলোৱাৰ লগতে লোকপ্ৰিয়তাৰ ক্ষেত্ৰতো শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । বলিউডৰ তিনিজন খান তথা ছলমান খান , শ্বাহৰুখ খান আৰু আমিৰ খানক পিছুৱাই শীৰ্ষ স্থান দখল কৰে। ১০ খন শীৰ্ষ তালিকাখনত অক্ষয় কুমাৰৰ ৰাউডী ৰাথোৰ আৰু প্ৰেম ৰটন ধন পায়ো নামৰ দুখন চিনেমা কিছু লাখ টকাৰ ব্যৱধানত আতঁৰি থাকে ।

অন্য খবৰৰ বাবে পঢ়ক : নীনা গুপ্তাৰ “দ্যা লাষ্ট কালাৰ” ছবি খন আহিছে অস্কাৰৰ তালিকাত, চাওক ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU and other organizations launched ‘Gana Hunkar’ against CAA 2019 in Tinsukia

Next Story