Begin typing your search above and press return to search.

নীনা গুপ্তাৰ "দ্যা লাষ্ট কালাৰ" ছবি খন আহিছে অস্কাৰৰ তালিকাত, চাওক ভিডিঅ'

নীনা গুপ্তাৰ দ্যা লাষ্ট কালাৰ ছবি খন আহিছে অস্কাৰৰ তালিকাত, চাওক ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2020 12:57 PM GMT

নীনা গুপ্তাৰ "দ্যা লাষ্ট কালাৰ" ছবি খন আহিছে অস্কাৰৰ তালিকাত, চাওক ভিডিঅ' । মাষ্টাৰ ছেফৰ পৰা ছবি নিৰ্মাতা হ'ল চেলিব্ৰিটী বিকাশ খান্না । ছবি নিৰ্মাতা বিকাশ খান্নাৰ ছবি "দ্যা লাষ্ট কালাৰ" ছবি খনে অস্কাৰৰ ফিছৰ ছবিৰ তালিকাত স্থান লাভ কৰিছে । বিকাশ খান্নাই এই কথা ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰকাশ কৰিছে ।

https://twitter.com/TheVikasKhanna/status/1212369510591676416

ছবি খনৰ বিষয়ে বিকাশ খান্নাই টুইটাৰ একাউণ্টৰ জৰিয়তে ছবি খনৰ বিষয়ে প্ৰকাশ কৰি লিখে যে, " ২০২০ চনৰ আৰাম্ভণী অতি ভালদৰেই হ'ল । বিশ্ব তোমাক ধন্যবাদ। আমাৰ ছবি 'দ্যা লাষ্ট কালাৰ' পিয়ৰ হাৰ্ট হয় । অস্কাৰ একাডেমীয়ে ২০১৯ বৰ্ষৰ ৩৪৪ শ্ৰেষ্ঠ ছবিৰ ঘোষণা কৰিছে ।

এই ছবি খনত নীনা গুপ্তাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নীনা গুপ্তাই বিকাশ খান্নাৰ টুইটত লিখে যে " এয়া অবিশ্বাস্য । মই বহুত সুখী "।

https://twitter.com/Neenagupta001/status/1212312132408078337

এই ছবি খন এতিয়ালৈকে ভাৰতত মুক্তি লাভ কৰা নাই । ২০১৯ চনত মুম্বাই ফেষ্টিভেলত ছবি খন প্ৰদৰ্শন কৰা হৈছিল। "দ্যা লাষ্ট কালাৰ" ছবি খন বৃন্দাবন আৰু ৱাৰনসীৰ বিধবা সকলৰ জীৱনৰ ওপৰত আধাৰিত। বৃন্দাবন আৰু ৱাৰনসীৰ বিধৱা মহিলা সকলৰ জীৱনৰ সংঘৰ্ষ এই ছবি খনৰ জৰিয়তে দেখুওৱা হৈছে।

https://www.youtube.com/watch?v=-9Ddtn8LSu8

ইয়াৰ পূৰ্বে বিধৱা মহিলাৰ ওপৰত মীৰা নায়ৰে 'ৱাতৰ' নামৰ ছবি খন নিৰ্মান কৰিছিল । এই ছবিখনত জন আব্ৰাহম, লিজা ৰে ল লগতে সীম বিশ্বাসে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক : ডবং ৩ ক অতিক্ৰম কৰি ৬ দিনত অক্ষয় কুমাৰৰ গুড নিউজে ভংগ কৰিলে অভিলেখ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fire Breaks out at Kathalbari in South Salmara-Mankachar, properties worth 12 lakh destroyed

Next Story
চাকৰি