Begin typing your search above and press return to search.

 ডবং ৩ ক অতিক্ৰম কৰি ৬ দিনত অক্ষয় কুমাৰৰ গুড নিউজে ভংগ কৰিলে অভিলেখ

 ডবং ৩ ক অতিক্ৰম কৰি ৬ দিনত অক্ষয় কুমাৰৰ গুড নিউজে ভংগ কৰিলে অভিলেখ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2020 10:55 AM GMT

ডবং ৩ ক অতিক্ৰম কৰি ৬ দিনত অক্ষয় কুমাৰৰ গুড নিউজে ভংগ কৰিলে অভিলেখ। অক্ষয় কুমাৰ,কৰিণা কাপুৰ, দিলজিৎ দোছাজ, কায়াৰা আডৱানীৰ অভিনীত ছবি গুড নিউজে ইতিমধ্যে ছবি ঘৰত প্ৰথম সপ্তাহ সম্পূৰ্ণ কৰিলে । ছবি খন মুক্তিৰ ৬ দিনতেই অতি ভাল প্ৰদৰ্শন কৰা দেখা যায় । ছবি খনে প্ৰথম সপ্তাহতে অতি ভাল আয় কৰে । এই ছবি খনে ডবং ৩ অতিক্ৰম কৰে । ছলমান খানৰ ডবং ৩ ২০১৯ চনৰ ২০ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল । এই ছবি খন মুক্তিৰ পূৰ্বে কিছু বিতৰ্কৰ সন্মুখীন হ'ব লগীয়া ও হৈছিল ।

তথ্য অনুসৰি জানিব পৰা গৈছে যে অক্ষয় কুমাৰৰ গুড নিউজ মঙ্গলবাৰে সৰ্বাধিক আয় কৰা ১৬ তম ছবি । এই ৰেকৰ্ড প্ৰথমতে ছলমান খানৰ আছিল । ছলমান খানৰ ডবং ৩ য়ে মঙ্গলবাৰে ১৫.২৭ টকা আয় কৰে । আনহাতে মঙ্গলবাৰে অক্ষয় কুমাৰৰ গুড নিউজে আয় কৰে ১৫.৫০ কোটি টকা। ইয়াৰ লগতে প্ৰথম সপ্তাহত গুড নিউজে নৱবৰ্ষৰ সময়ত ১০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

তদুপৰি অক্ষয় কুমাৰৰ গুড নিউজ ছবি খনে ২০১৯ বৰ্ষত মঙ্গলবাৰে আয় কৰা সৰ্বাধিক আয় কৰা ছবিৰ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে এই ছবি খনে প্ৰথম দিনা খন ১৭.৫৬ কোটি টকা, দ্বিতীয় দিনা ২১.৭৮ কোটি টকা , তৃতীয় দিনা ২৬ কোটি টকা, চতুৰ্থ দিনত ১৩ কোটি টকা, পঞ্চম দিনত ১৬ কোটি টকা আয় কৰিবলৈ সক্ষম হয়। কিছুমানে কয় যে এই ছবি খনে পৰিবৰ্তী সময়ত আৰু অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে।

এই ছবি খনে দৰ্শকৰ যথেষ্ট সমাদাৰ লাভ কৰিবলৈ সক্ষম হয়। এই ছবি খন কমেডিৰ লগতে কিছু আৱেগ সনা দৃশ্য ও দেখিবলৈ পোৱা যায় । এই ছবি খন ২০১৯ চনৰ ২৭ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল।অক্ষয় কুমাৰ, কৰিণা কাপুৰ, দিলজিৎ দোছাজ, কায়াৰা আডৱানীৰ অভিনীত ছবি গুড নিউজৰ পৰিচালনা কৰে ৰাজ মেহতাই আৰু সংগীত পৰিচালনা কৰে জন ছুটেৱাৰ্ট ।

অন্য খবৰৰ বাবে পঢ়ক : আহিবলগীয়া ছবি লুড’ ত অভিষেক বচ্চনৰ লগত থাকিব ৰাজকুমাৰ ৰাও

ভিডিঅ প্ৰতক্ষ্য কৰক: Fire Breaks out at Kathalbari in South Salmara-Mankachar, properties worth 12 lakh destroyed

Next Story
চাকৰি