মনোৰঞ্জন

বলীউডৰ পৰা সন্যাস লোৱাৰ পিছত জাইৰা ৱছিমৰ লগত যোগাযোগ বিগ বছৰ নিৰ্মাতাৰ

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী জাইৰা ৱচিম বিগত সময়ত বলীউডৰ পৰা সন্নাস লোৱাৰ প্ৰসংগত চৰ্চাত আছে ৷বলীউডৰ পৰা সন্নাস লোৱাৰ সময়ত জাইৰাই কয় যে বিগত পাঁচ বছৰত মই এটাই সিদ্ধান্ত ল’লো যে মোৰ জীৱন পৰিৱৰ্তন হৈ গ’ল ৷ যেতিয়াই মই বলীউডত পদাৰ্পন কৰিলো তেতিয়াই মই বৃহৎ পৰিমাণে লোকপ্ৰিয়তা অৰ্জন কৰিলোঁ ৷ বলীউডে মোক মৰম দিলে যদিও মোক অজ্ঞানতাৰ দিশলৈও লৈ গ’ল ৷মই এনে এটা ঠাইত কাম কৰোঁ,যিয়ে মোৰ বিশ্বাসৰ ওপৰত হস্তক্ষেপ কৰিছে ৷

মই নিজৰ বিশ্বাসক অটুট ৰাখিব বিচাৰিছো ৷যদিও প্ৰত্যেক বাৰে মই বিফল হওঁ ৷ এয়া মোৰ প্ৰথম পদক্ষেপ য’ত মোৰ যাত্ৰা আৰম্ভ হৈছে ৷মই মোৰ যাত্ৰাত অজানিতে বহু লোকৰ মনত বহু অনুভৱৰ অনুভূতিৰ সঞ্চাৰ হৈছে ৷ কিন্তু সকলোকে মোৰ আহ্বান যে সফলতা,প্ৰসিদ্ধি, অধিকাৰ অথবা ধনতকৈ বিশ্বাস ডাঙৰ নহয় ।কিন্তু ইয়াৰ মাজতে প্ৰকাশ পোৱা এক খবৰ অনুসৰি জাইৰা ৱচিমৰ লগত যোগাযোগ কৰিছে বিগ বছ ১৩ ৰ নিৰ্মাতা বৃন্দই ৷কিন্তু এতিয়ালৈকে এই তথ্যৰ সন্দৰ্ভত জাইৰা ৱচিমে কোনো মন্তব্য দিয়া নাই ৷

অৱশ্যে সম্প্ৰতি জাইৰাৰ বিগ বছৰ নিৰ্মাতাসকলৰ এই যোগাযোগক ইতিবাচক হিচাপে লৈছে যদিও কোনো মন্তব্য দিয়া নাই ৷কিন্তু সমালোচকসকলৰ মতে জাইৰাই বিগ বচত অংশ গ্ৰহণ কৰিলে বলীউডৰ ছবিত অভিনয় নকৰাৰ সিদ্ধান্তত কি পদক্ষেপ ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷ইফালে বিগ বছত বিশেষকৈ বিবাদিত অভিনেতা অভিনেত্ৰীসকলেই অংশ গ্ৰহণ কৰে ৷

গতিকে সাম্প্ৰতিক সময়ত বলীউডত জাইৰাতকৈ অধিক বিবাদিত অভিনেত্ৰী আন কোনোৱেই নাই ৷ অন্যহাতে বিগ বছ অনুষ্ঠানটো ২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ এই বাৰ বিগ বছত থাকিব কেৱল চেলীব্ৰেটী ৷ ১৫ সপ্তাহ ধৰি হ’ব লগা বিগ বচ১৩ ৰ শেষ হ’ব ২০২০ চনৰ ১২ জানুৱাৰীত ৷ উল্লেখ্য যে বিগ বছত অংকিতা লোখণ্ডে,বিবেক দাহিয়া,দেৱলীনা ভট্টাচাৰ্য,মাহী ৱিজ আৰু জয় ভানুশালীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷