Begin typing your search above and press return to search.

দংগল গাৰ্লক উদ্দেশ্য কৰি লিখা বাৰ্তা ডিলিট কৰিলে ৰবীনা টেণ্ডনে

দংগল গাৰ্লক উদ্দেশ্য কৰি লিখা বাৰ্তা ডিলিট কৰিলে ৰবীনা টেণ্ডনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 12:20 PM GMT

দংগল আৰু ছিক্ৰেট ছুপাৰষ্টাৰৰ দৰে ছবিত কাম কৰা বলীউডৰ অভিনেত্ৰী জাইৰা ৱাছিমক লৈ টুইট ডিলিট কৰিলে ৰবীনা টেণ্ডনে। ৩০ জুনত বলীউডৰ পৰা সন্ন্যাস লোৱাৰ কথা ঘোষণা কৰিছিল দংগল গাৰ্ল জাইৰা ৱাছিমে। ইয়াৰ পিছতে সমগ্ৰ দেশৰ অনুৰাগীসকলৰ লগতে বলীউডৰ তাৰকাসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ৰবীনা টেণ্ডনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে যে বি টাউনত কিছুসংখ্যক লোকে দুখন ছবিৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিও বলীউডৰ প্ৰতি কৃতজ্ঞতা লাভ নকৰে ৷ আশা কৰিছোঁ সেই লোকসকলে নিজৰ পুৰণি চিন্তাৰ সহিতে ইয়াৰ পৰা শান্তিৰে ওলাই যায় ৷

https://twitter.com/TandonRaveena/status/1145774947718975488

কিন্তু শেহতীয়াকৈ জাইৰা ৱাছিমে বাধ্যত পৰি বলীউডৰ পৰা সন্ন্যাস লোৱাৰ কথা প্ৰকাশ পায়। ৰবীনা টেণ্ডনে এটা ৱেব চাইটৰ খবৰক শ্বেয়াৰ কৰি লিখে যে যদি জাইৰাই কাৰোবাৰ প্ৰৰোচনাত পৰি বলীউড এৰাৰ সিদ্ধান্ত লৈছে তেন্তে মই অত্যন্ত দুখিত ৷কাৰণ জাইৰা বহু প্ৰতিভাৰ অধিকাৰী আৰু বহু সংখ্যকৰ কাৰণে জাইৰা প্ৰেৰণা দায়ী ৷মই জাইৰাক শুভকামনা জনাইছো ৷ আৰু প্ৰথম টুইটটোৰ ক্ষেত্ৰত মই যথেষ্ট অনুতপ্ত হৈছো ৷গতিকে মই নিজৰ প্ৰথম টুইট ডিলিট কৰিছোঁ ৷

উল্লেখ্য যে আমিৰ খানৰ অভিনীত বলীউডৰ ছবি দংগলৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল জাইৰা ৱসীম ৷ জাইৰা দংগলৰ কাৰণে শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । জাইৰাক সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা প্ৰিয়াংকা চোপ্ৰা,ফাৰহান আখতাৰৰ অভিনীত দ্য স্কাই পিংকত দেখা যাব।

দেওবাৰে বলীউডৰ পৰা সন্নাস লোৱাৰ সময়ত জাইৰাই কয় যে বিগত পাঁচ বছৰত মই এটাই সিদ্ধান্ত ল’লো যে মোৰ জীৱন পৰিৱৰ্তন হৈ গ’ল ৷ যেতিয়াই মই বলীউডত পদাৰ্পন কৰিলো তেতিয়াই মই বৃহৎ পৰিমাণে লোকপ্ৰিয়তা অৰ্জন কৰিলোঁ ৷ বলীউডে মোক মৰম দিলে যদিও মোক অজ্ঞানতাৰ দিশলৈও লৈ গ’ল ৷মই এনে এটা ঠাইত কাম কৰোঁ,যিয়ে মোৰ বিশ্বাসৰ ওপৰত হস্তক্ষেপ কৰিছে ৷ মই নিজৰ বিশ্বাসক অটুট ৰাখিব বিচাৰিছো ৷যদিও প্ৰত্যেক বাৰে মই বিফল হওঁ ৷ এয়া মোৰ প্ৰথম পদক্ষেপ য’ত মোৰ যাত্ৰা আৰম্ভ হৈছে ৷মই মোৰ যাত্ৰাত অজানিতে বহু লোকৰ মনত বহু অনুভৱৰ অনুভূতিৰ সঞ্চাৰ হৈছে ৷ কিন্তু সকলোকে মোৰ আহ্বান যে সফলতা,প্ৰসিদ্ধি, অধিকাৰ অথবা ধনতকৈ বিশ্বাস ডাঙৰ নহয় ।

অন্য খবৰৰ বাবে পঢ়ক: বলীউডৰ অভিনেত্ৰী জাইৰা ৱাচিমৰ সিদ্ধান্তক প্ৰশংসা এজন ব্যক্তিৰ

Next Story
চাকৰি