Begin typing your search above and press return to search.

বলীউডৰ অভিনেত্ৰী জাইৰা ৱাচিমৰ সিদ্ধান্তক প্ৰশংসা এজন ব্যক্তিৰ

বলীউডৰ অভিনেত্ৰী জাইৰা ৱাচিমৰ সিদ্ধান্তক প্ৰশংসা এজন ব্যক্তিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 12:03 PM GMT

বিগত সময়ত বলীউডৰ অভিনেত্ৰী জাইৰা ৱাছিমে এটি প’ষ্ট ছ’চিয়েল মিডিয়াৰ জৰিয়তে দি বি টাউনৰ ছবিৰ পৰা সন্নাস লোৱাৰ সম্পৰ্কে জনাইছিল ৷ এই সন্দৰ্ভত জাইৰা ৱাছিমক সম্পূৰ্ণৰূপে সন্মতি জনাইছে অখিল ভাৰতীয় হিন্দু মহাসভাৰ অধ্যক্ষ স্বামী চক্ৰপানিয়ে। স্বামী চক্ৰপানিয়ে এটি টুইটৰ যোগেৰে বলীউডৰ অভিনেত্ৰীসকলক উদ্দেশ্য কৰি লিখে যে ধাৰ্মিক আস্থাৰ কাৰণে অভিনেত্ৰী জাইৰাৰৰ এই পদক্ষেপ প্ৰশংসনীয় ৷

হিন্দু অভিনেত্ৰীসকলে জাইৰাৰ পৰা প্ৰেৰণা ল’ব লাগে ৷সম্প্ৰতি স্বামী চক্ৰপানিৰ এই প’ষ্টৰ পিছতে সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, জাইৰাই ছ’চিয়েল মিডিয়াত উল্লেখ কৰে যে মই বলীউডৰ ছবিত অভিনয় কৰি সুখী নহয় ৷কাৰণ এই কথাই মোৰ ধৰ্মীয় বিশ্বাসত আঘাত সানিছে ৷

ছ’চিয়েল মিডিয়াত দিয়া জাইৰাৰ এই মন্তব্য পিছতে বলীউডৰ অনুৰাগীসকলৰ লগতে বি টাউনৰ অভিনেতা অভিনেত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰ ভিতৰত বলীউডৰ অন্যতম অভিনেত্ৰী ৰবীনা টেণ্ডেন অন্যতম ৷ ৰবীনা টেণ্ডনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে যে বি টাউনত কিছুসংখ্যক লোকে দুখন ছবিৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিও বলীউডৰ প্ৰতি কৃতজ্ঞতা লাভ নকৰে ৷ আশা কৰিছোঁ সেই লোকসকলে নিজৰ পুৰণি চিন্তাৰ সহিতে ইয়াৰ পৰা শান্তিৰে ওলাই যায় ৷

উল্লেখ যোগ্য যে আমিৰ খানৰ অভিনীত বলীউডৰ ছবি দংগলৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল জাইৰা ৱসীম ৷ জাইৰা দংগলৰ কাৰণে শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । জাইৰাক সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা প্ৰিয়াংকা চোপ্ৰা,ফাৰহান আখতাৰৰ অভিনীত দ্য স্কাই পিংকত দেখা যাব।

দেওবাৰে বলীউডৰ পৰা সন্নাস লোৱাৰ সময়ত জাইৰাই কয় যে বিগত পাঁচ বছৰত মই এটাই সিদ্ধান্ত ল’লো যে মোৰ জীৱন পৰিৱৰ্তন হৈ গ’ল ৷ যেতিয়াই মই বলীউডত পদাৰ্পন কৰিলো তেতিয়াই মই বৃহৎ পৰিমাণে লোকপ্ৰিয়তা অৰ্জন কৰিলোঁ ৷ বলীউডে মোক মৰম দিলে যদিও মোক অজ্ঞানতাৰ দিশলৈও লৈ গ’ল ৷মই এনে এটা ঠাইত কাম কৰোঁ,যিয়ে মোৰ বিশ্বাসৰ ওপৰত হস্তক্ষেপ কৰিছে ৷ মই নিজৰ বিশ্বাসক অটুট ৰাখিব বিচাৰিছো ৷যদিও প্ৰত্যেক বাৰে মই বিফল হওঁ ৷ এয়া মোৰ প্ৰথম পদক্ষেপ য’ত মোৰ যাত্ৰা আৰম্ভ হৈছে ৷মই মোৰ যাত্ৰাত অজানিতে বহু লোকৰ মনত বহু অনুভৱৰ অনুভূতিৰ সঞ্চাৰ হৈছে ৷ কিন্তু সকলোকে মোৰ আহ্বান যে সফলতা,প্ৰসিদ্ধি, অধিকাৰ অথবা ধনতকৈ বিশ্বাস ডাঙৰ নহয় ।

Next Story
চাকৰি