বলীউডৰ ছবিৰ পৰা সন্ন্যাস লোৱাৰ সিদ্ধান্ত দংগল গাৰ্ল জাইৰা ৱসীমৰ:প্ৰতিক্ৰিয়া বলীউডৰ

বলীউডৰ ছবিৰ পৰা সন্ন্যাস লোৱাৰ সিদ্ধান্ত দংগল গাৰ্ল জাইৰা ৱসীমৰ:প্ৰতিক্ৰিয়া বলীউডৰ

বলীউডৰ ছুপাৰহিট ছবি দংগল আৰু চিক্ৰেট ছুপাৰষ্টাৰ ছবি দুখনৰ জনপ্ৰিয় অভিনেত্ৰী জাইৰা ৱচিমৰ মন্তব্য শেহতীয়াকৈ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে । অলপতে ,অভিনেত্ৰী জাইৰা ৱসীমে বলীউডৰ পৰা সন্নাস লোৱাৰ কথা ঘোষণা কৰে । জাইৰাই ছ’চিয়েল মিডিয়াত উল্লেখ কৰে যে মই বলীউডৰ ছবিত অভিনয় কৰি সুখী নহয় ৷কাৰণ এই কথাই মোৰ ধৰ্মীয় বিশ্বাসত আঘাত সানিছে ৷

ছ’চিয়েল মিডিয়াত দিয়া জাইৰাৰ এই মন্তব্য পিছতে বলীউডৰ অনুৰাগীসকলৰ লগতে বি টাউনৰ অভিনেতা অভিনেত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰ ভিতৰত বলীউডৰ অন্যতম অভিনেত্ৰী ৰবীনা টেণ্ডেন অন্যতম ৷ ৰবীনা টেণ্ডনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে যে বি টাউনত কিছুসংখ্যক লোকে দুখন ছবিৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিও বলীউডৰ প্ৰতি কৃতজ্ঞতা লাভ নকৰে ৷ আশা কৰিছোঁ সেই লোকসকলে নিজৰ পুৰণি চিন্তাৰ সহিতে ইয়াৰ পৰা শান্তিৰে ওলাই যায় ৷

https://twitter.com/TandonRaveena/status/1145327226490982400

উল্লেখ যোগ্য যে আমিৰ খানৰ অভিনীত বলীউডৰ ছবি দংগলৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল জাইৰা ৱসীম ৷ জাইৰা দংগলৰ কাৰণে শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । জাইৰাক সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা প্ৰিয়াংকা চোপ্ৰা,ফাৰহান আখতাৰৰ অভিনীত দ্য স্কাই পিংকত দেখা যাব।

দেওবাৰে বলীউডৰ পৰা সন্নাস লোৱাৰ সময়ত জাইৰাই কয় যে বিগত পাঁচ বছৰত মই এটাই সিদ্ধান্ত ল’লো যে মোৰ জীৱন পৰিৱৰ্তন হৈ গ’ল ৷ যেতিয়াই মই বলীউডত পদাৰ্পন কৰিলো তেতিয়াই মই বৃহৎ পৰিমাণে লোকপ্ৰিয়তা অৰ্জন কৰিলোঁ ৷ বলীউডে মোক মৰম দিলে যদিও মোক অজ্ঞানতাৰ দিশলৈও লৈ গ’ল ৷মই এনে এটা ঠাইত কাম কৰোঁ,যিয়ে মোৰ বিশ্বাসৰ ওপৰত হস্তক্ষেপ কৰিছে ৷ মই নিজৰ বিশ্বাসক অটুট ৰাখিব বিচাৰিছো ৷যদিও প্ৰত্যেক বাৰে মই বিফল হওঁ ৷ এয়া মোৰ প্ৰথম পদক্ষেপ য’ত মোৰ যাত্ৰা আৰম্ভ হৈছে ৷মই মোৰ যাত্ৰাত অজানিতে বহু লোকৰ মনত বহু অনুভৱৰ অনুভূতিৰ সঞ্চাৰ হৈছে ৷ কিন্তু সকলোকে মোৰ আহ্বান যে সফলতা,প্ৰসিদ্ধি, অধিকাৰ অথবা ধনতকৈ বিশ্বাস ডাঙৰ নহয় ।

https://twitter.com/ZairaWasimmm/status/1145120455939854336

অন্যহাতে জাইৰা ৱসীম হৈছে ফিল্ম ফেয়াৰ পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত অভিনেত্ৰী ৷২০১৭ চনত জাইৰাই ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা ৰাষ্ট্ৰীয় শিশু অভিনেত্ৰীৰ বটাঁ লাভ কৰে ৷জাইৰা ৱসিমৰ ২০১৬ চনত মুক্তি প্ৰাপ্ত ছবি দংগলে প্ৰায় ২০০০ কোটি টকা উপাৰ্জন কৰিছিল ৷ ইয়াৰ উপৰিও চিক্ৰেট ছুপাৰষ্টাৰত অন্যবৈদ্য অভিনয় কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com