মনোৰঞ্জন

চলিত বৰ্ষত বলীউডৰ ডিম্পল গাৰ্ল ব্যস্ত থাকিব দুখন ছবিত

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন সম্প্ৰতি ব্যস্ত হৈ আছে ৮৩ ৰ দৃশ্যগ্ৰহণত ৷ অলপতে চৰ্চা লাভ কৰিছিল যে দীপিকা পাডুকন পৰিচালক অনুৰাগ বাসুৰ ছবি ইমলীত অভিনয় কৰিব ৷কিন্তু এই খবৰ সত্য নহয় ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি দীপিকাই চলিত বৰ্ষত বেলেগ কামত নিয়োজিত থাকিলেও ছপাক আৰু ৮৩ ছবিৰ ওপৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিব ৷ লগতে দীপিকা পাডুকনে ৮৩ আৰু ছপাক ছবিৰ প্ৰযোজনা কৰিছে ৷

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ চৰ্চিত ছবি ছপাকৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ল ।মংগলবাৰে ছবিখনৰ কৰ্ম কৰ্তাসকলে একেলগে ফটো আগবঢ়াই অনুৰাগীলৈ ৷ ইফালে দীপিকা পাডুকনে ছবিখনৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ ফটো ইনষ্টাগ্ৰামত অনুৰাগীলৈ আগবঢ়াইছে ৷ আৰু দীপিকা পাডুকনৰ এই ফটোত প্ৰথম মন্তব্য আগবঢ়াইছে দীপিকা পাডুকনৰ স্বামী ৰনৱীৰ সিঙে।

ইফালে দিপীকা পাডুকনৰ অনুৰাগীসকল অভিনেত্ৰী গৰাকীক চাবলৈ এতিয়াও উৎসুক হৈ আছে ৷ ইফালে ছপাক ছবিৰ দৃশ্যগ্ৰহণ হৈছিল দিল্লীত ৷ সেয়েহে দীপিকা পাদুকনক চাবলৈ দৃশ্যগ্ৰহণ স্থলীত ভিৰ কৰিছিল অনুৰাগীসকলে। এক বিশেষ তথ্য অনুসৰি নিৰ্মাতাসকলে সম্প্ৰতি দিল্লীত দৃশ্য গ্ৰহণ কৰাৰ পিছত নয়ডাত দৃশ্যগ্ৰহণ কৰাৰ কাৰণে গমন কৰিছিল ৷ ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ সম্প্ৰতি লক্ষ্মী আগৰৱালে এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ হৈ কাম কৰাৰ লগতে,আৰু যাতে এনে ধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি সজাগ সৃষ্টি কৰে ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সদ্য বিবাহিত অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰনবীৰ কাপুৰ দুয়ো একেলগে ছবিত অভিনয় কৰাৰ প্ৰস্তুতি কৰিছে।দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে অভিনয় কৰিব লগীয়া ছবিখন পৰিচালনা কৰিব অনুৰাগ বাসয়ে ৷অনুৰাগ বাসুয়ে সম্প্ৰতি দুয়ো গৰাকী অভিনেতাৰ মতামতলৈ অপেক্ষা কৰি আছে ৷ ইফালে ৰনবীৰ কাপুৰে অনুৰাগ বাসুৰ জগ্গা জাছুছ আৰু বৰ্ফি ছবিত অভিনয় কৰিছিল ৷ কিন্তু দীপিকা পাডুকন প্ৰথমবাৰৰ কাৰণে অনুৰাগ বাসুৰ ছবিত অভিনয় কৰিব ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰক একেলগে শেষবাৰৰ কাৰণে ইমতিয়াজ আলীৰ তামাশা ছবিত দেখা গৈছিল।

উল্লেখ্য যে পূৰ্বতে ৰনবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু এই প্ৰেম বেছিদিন নাথাকিল ৷ৰনৱীৰ সিঙৰ লগত বিগত সময়ত বিবাহ হয় দীপিকা পাডুকনৰ ৷ আৰু বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ লগত আকৌ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ৰনবীৰ কাপুৰৰ৷