মনোৰঞ্জন

২০১৯ চনৰ উপাৰ্জনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বলীউডৰ চৰ্চিত ছবি কবীৰ সিঙ

Sentinel Digital Desk

সদ্যমুক্তি প্ৰাপ্ত ছবি কবীৰ সিঙ বলীউডত প্ৰায় ১৫০ কোটি টকা উপাৰ্জন কৰিছে ৷ইয়াৰ লগে লগে ২০১৯ চনৰ ১৫০ কোটি টকা উপাৰ্জন কৰা তৃতীয়খন ছবি ৰূপে পৰিগণিত হৈছে । ইয়াৰ বিপৰীতে আয়ুস্মান খুৰানাৰ ছবি আৰ্টিকল ১৫ নে ব্ৰাহ্মণ সমাজৰ প্ৰতিক্ৰিয়াৰ পিছতো ১২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিঙে মুক্তি হোৱাৰ দিনাই ৭০.৮৩ কোটি টকা উপাৰ্জন কৰিছিল ৷ইফালে সন্দীপ ৰেড্ডী বাংগাৰ নিৰ্দেশনাত নিৰ্মিত কবীৰ সিঙে ২০.২১ কোটি টকা উপাৰ্জন কৰে ৷ ছবিখনে শনিবাৰলৈ ১৬৩.৭৩ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও চলিত বৰ্ষত ১৫০ কোটি টকা উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হয় উৰি দ্য চাৰ্জিকেল ষ্টাইক আছিল ৷

দ্বিতীয়খন ছবি আছিল ভাৰত ছবি ৷চতুৰ্থ নম্বৰত আছিল কেসৰী আৰু পঞ্চম স্থানত আছিল ট’টেল ধামাল ৷ অন্যহাতে, আয়ুস্মান খুৰানাৰ ছবি আৰ্টিকল ১৫ য়ে মুক্তিৰ প্ৰথম দিনা ৫.২ কোটি,দ্বিতীয় দিনা ৭.২৫ কোটি উপাৰ্জন কৰে। অৰ্ৱশ্য ৩০ জুনৰ দিনা ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেল থকাৰ কাৰণে উপাৰ্জনত অলপ প্ৰভাৱ পৰে ৷ মুঠতে আৰ্টিকল ১৫ য়ে ১২.২৭ কোটি টকা উপাৰ্জন কৰে ৷

ছাহিদ কাপুৰ আৰু কিয়াৰা আডৱানীৰ অভিনীত কবীৰ সিঙে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷আৰু ছবিখন শ্বাহিদ কাপুৰৰ জীৱনৰ মুক্তিৰ প্ৰথম দিনাই সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে ছাহিদৰ জীৱনৰ সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি আছিল পদ্মাৱত ৷ কাৰণ ছবিখনে মুক্তিৰ প্ৰথম দিনা উপাৰ্জন কৰিছিল ১৯ কোটি ৷ ইয়াৰ বিপৰীতে কবীৰ সিঙে হাস্য মধুৰ ছবি টোটেল ধামালৰ ৰেকৰ্ড ভাঙে ৷

উল্লেখ্য যে শ্বাহিদ কাপুৰ আৰু কাইৰা আডৱানিৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছত অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছিল ৷ ছবিখনত শ্বাহিদ কাপুৰে কবীৰ সিঙৰ চৰিত্ৰত আৰু কাইৰা আডৱানিয়ে কবীৰ সিঙৰ প্ৰেমিকা প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ ট্ৰেইলৰটোৰ প্ৰথমতে শ্বাহিদ কাপুৰে সুৰা,ড্ৰাগছ খাই থকা দেখা পোৱা গৈছে ৷

এই চৰিত্ৰটোৱে চলচ্চিত্ৰ প্ৰেমীসকলে ৰোমন্থন কৰিব উড়তা পাঞ্জাৱক৷ ইফালে কবীৰ সিং এজন চিকিৎসা সেৱাৰ ছাত্ৰ ৷ প্ৰেমিকা প্ৰীতিৰ লগত বিচ্ছেদ হোৱাৰ পিছত সম্পূৰ্ণ পৰিৱৰ্তন হয় কবীৰ সিং ৷ কবীৰ সিং প্ৰীতি কাৰণে কেনেধৰণে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে দেখুওৱা হৈছে ৷ কবীৰ সিঙ সন্দৰ্ভত শ্বাহিদ কাপুৰে কয় যে ষ্টাৰ হিচাপে নহয় মই এজন অভিনেতা হিছাপে কাম কৰিছোঁ ৷ এই ছবিখন তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক ৷ অৰ্জুন ৰেড্ডীত অভিনয় কৰিছে বিজয় দেৱৰকোণ্ডাই ৷