বলীউডৰ ছবি কবীৰ সিঙে বক্স অফিচত তুলিছে খলকনি: প্ৰথম দিনাই উপাৰ্জন কৰে ২০.২১ কোটি

বলীউডৰ ছবি কবীৰ সিঙে  বক্স অফিচত তুলিছে খলকনি: প্ৰথম দিনাই উপাৰ্জন কৰে ২০.২১ কোটি

বলীউডৰ ছবি কবীৰ সিঙ বক্স অফিচত তুলিছে খলকনি ৷ ছাহিদ কাপুৰ আৰু কিয়াৰা আডৱানীৰ অভিনীত কবীৰ সিঙে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ছবিখনে বক্স অফিচত প্ৰথম দিনা ২০.২১ কোটি টকা উপাৰ্জন কৰে। ছবি সমীক্ষক তৰুণ আদৰ্শই ছবিখনৰ সন্দৰ্ভত কয় যে প্ৰথম দিনাই কবীৰ সিঙে সন্তোষজনক উপাৰ্জন কৰে ৷

https://twitter.com/taran_adarsh/status/1141792995534151681

আৰু ছবিখন শ্বাহিদ কাপুৰৰ জীৱনৰ মুক্তিৰ প্ৰথম দিনাই সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে ছাহিদৰ জীৱনৰ সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি আছিল পদ্মাৱত ৷ কাৰণ ছবিখনে মুক্তিৰ প্ৰথম দিনা উপাৰ্জন কৰিছিল ১৯ কোটি ৷ ইয়াৰ বিপৰীতে কবীৰ সিঙে হাস্য মধুৰ ছবি টোটেল ধামালৰ ৰেকৰ্ড ভাঙে ৷

টোটেল ধামালে প্ৰথম দিনা ১৬.৫১ কোটি টকা উপাৰ্জন কৰিছিল ৷ চলিত বৰ্ষত পাঁচ খন ছবিৰ প্ৰথম দিনৰ উপাৰ্জন হৈছে ভাৰত ছবিয়ে উপাৰ্জন কৰে ৪২.৩০ কোটি টকা,কলংক ছবিয়ে কৰে ২১.৬০,কেসৰীয়ে কৰে ২১.০৬ ,কবীৰ সিঙে কৰে ২০.২১ আৰু গলী বয়ে কৰে ১৯.৪০ কোটি টকা ৷

উল্লেখ্য যে শ্বাহিদ কাপুৰ আৰু কাইৰা আডৱানিৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছত অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছিল ৷ ছবিখনত শ্বাহিদ কাপুৰে কবীৰ সিঙৰ চৰিত্ৰত আৰু কাইৰা আডৱানিয়ে কবীৰ সিঙৰ প্ৰেমিকা প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ ট্ৰেইলৰটোৰ প্ৰথমতে শ্বাহিদ কাপুৰে সুৰা,ড্ৰাগছ খাই থকা দেখা পোৱা গৈছে ৷

এই চৰিত্ৰটোৱে চলচ্চিত্ৰ প্ৰেমীসকলে ৰোমন্থন কৰিব উড়তা পাঞ্জাৱক৷ ইফালে কবীৰ সিং এজন চিকিৎসা সেৱাৰ ছাত্ৰ ৷ প্ৰেমিকা প্ৰীতিৰ লগত বিচ্ছেদ হোৱাৰ পিছত সম্পূৰ্ণ পৰিৱৰ্তন হয় কবীৰ সিং ৷ কবীৰ সিং প্ৰীতি কাৰণে কেনেধৰণে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে দেখুওৱা হৈছে ৷ কবীৰ সিঙ সন্দৰ্ভত শ্বাহিদ কাপুৰে কয় যে ষ্টাৰ হিচাপে নহয় মই এজন অভিনেতা হিছাপে কাম কৰিছোঁ ৷ এই ছবিখন তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক ৷ অৰ্জুন ৰেড্ডীত অভিনয় কৰিছে বিজয় দেৱৰকোণ্ডাই ৷

ছবিখন ব্লক ব্লাষ্টাৰ হিছাপে পৰিগণিত হৈছিল ৷ ট্ৰেইলৰ লন্চ কৰি শ্বাহিদ কাপুৰে কয় যে ছবিখনৰ কাৰণে ওজন বৃদ্ধি কৰিছিল অভিনেতা গৰাকীয়ে ৷ ছবিখনত বহু দৃশ্য আছে য’ত মই এটি কোঠাত অকলে বঢ়ি থাকো,সুৰা পান কৰি থাকোঁ। এজন ষ্টাৰ হিছাপে এই দৃশ্যসমূহ কৰিবলৈ আপোচ লাগে যদিও সেই দৃশ্য সমূহত এগৰাকী অভিনেতা হিছাপে অভানয় কৰিছোঁ ৷

ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com