মনোৰঞ্জন

বলীউডৰ বহু প্ৰতীক্ষিত আইফা এৱাৰ্ডত এটি বিশেষ সাক্ষাৎকাৰে লাভ কৰিছে চৰ্চাঃ ভিডিঅ’ চাওক

Sentinel Digital Desk

বলীউডৰ বহু প্ৰতীক্ষিত আইফা এৱাৰ্ডত এটি বিশেষ সাক্ষাৎকাৰে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ চলিত বৰ্ষৰ ২০ সংখ্যক আইফা অনুষ্ঠান ইতিমধ্যে সম্পন্ন হ’ল। আইফা বলীউডৰ ষ্টাৰ ছুপাষ্টাৰ সকলৰ চকু চাঁত মাৰি ধৰা পোচাক,গ্লেমাৰ তেওঁলোকৰ বিভিন্ন অনুষ্ঠান সকলোৰে মাজত ইতিমধ্যে সকলোৰে মাজত চৰ্চা লাভ কৰিছে । তাৰ মাজত চৰ্চালৈ আহিছে এটি বিশেষ ভিডিঅ’। যিটো ভিডিঅ’ই সকলোৰে হৃদয় জয় কৰিছে ৷

ভিডিঅ’টি সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অদিতী ভাটিয়াই ইনষ্টাগ্ৰামত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ ভিডিঅ"টিত এটা কুকুৰৰ সাক্ষাৎকাৰ লৈছে অদিতি ভাটিয়াই ৷ লগতে আইফাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ কয় অদিতীয়ে। ইফালে কুকুৰটোৱেও অদিতি ভাটিয়াৰ প্ৰশ্নক মন দি শুনে আৰু হেণ্ডচেক দিয়ে৷ আনহাতে ২ দিন পূৰ্বে শ্বেয়াৰ কৰা এই ভিডিঅ’টিয়ে জনসাধাৰণৰ হৃদয়ত স্থান পাইছে ৷লগতে এতিয়ালৈকে এই ভিডিঅ’টি ৬ লাখতকৈ অধিক লোকে প্ৰত্যক্ষ কৰিছে ৷ উল্লেখ্য যে লোকসকলে এই ভিডিঅ’টিক শ্বেয়াৰ কৰি বিভিন্ন ধৰণৰ সুন্দৰৰ মন্তব্য দিছে ৷

https://www.instagram.com/p/B2oE5-VA4Ni/?utm_source=ig_embed&utm_campaign=embed_video_watch_again

ইফালে এইবাৰ আইফা এৱাৰ্ড অনুষ্ঠিত হৈছিল মুম্বাইত ৷ এই বছৰ আইফাত ৰাজীয়ে লাভ কৰে সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান। লগতে এই ছবিখনত আলিয়াই কৰা অনবৈদ্য অভিনয়ৰ কাৰণে আলিয়া ভাট্টে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ইফালে পদ্মাৱতত কৰা অন্যবৈদ্য অভিনয়ৰ কাৰণে ৰনৱীৰ সিঙে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ ৷

আইফাত নৱাগত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ইশান খট্টৰে ৷ধড়ক ছবিৰ কাৰণে ইশান খট্টৰে লাভ কৰে এই পুৰস্কাৰে ৷আনহাতে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে সাৰা আলী খানে। সাৰাই কেদাৰ নাথ ছবিখনৰ কাৰণে এই বটাঁ লাভ কৰে। সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ কাৰণে অন্ধাধুনৰ শ্ৰীৰাম ৰাঘবনে আইফা পুৰস্কাৰ লাভ কৰে ৷ আনহাতে এইবাৰ আইফা এৱাৰ্ডৰ ২০ বছৰ সম্পূৰ্ণ হ’ল ৷

এই এৱাৰ্ড অনুষ্ঠানটো আঁত ধৰে আয়ুস্মান খুৰানা আৰু অৰ্জুন কাপুৰে ৷ এই অনুষ্ঠানত ছলমান খান,ৰনবীৰ কাপুৰ,বিক্কী কৌশল,মাধুৰী দিক্ষীত,কেটৰীনা কাইফ আৰু সাৰা আলি খানে নৃত্যানুষ্ঠান পৰিবেশন কৰে ।লগতে দীপিকা পাডুকন,আলিয়া ভাট,শ্বাহিদ কাপুৰৰ লগতে বহু বলীউডৰ চেলীব্ৰেটীয়ে অংশ গ্ৰহণ কৰে । উল্লেখ্য যে এইবাৰ আইফা এৱাৰ্ডৰ দেখা গ’ল বহু ন পুৰণি শিল্পীৰ সমাহাৰ ৷ বলীউডৰ চেলীব্ৰেটীসকলৰ আকৰ্ষণীয় পোচাকত আইফা এৱাৰ্ড উজ্জ্বলি উঠিল ৷