নিউয়ৰ্ক ফেশ্যন উইকৰ ৰেম্পত জিলিকিছে ২১ বছৰীয়া অসমৰ যুৱতী

নিউয়ৰ্ক ফেশ্যন উইকৰ ৰেম্পত জিলিকিছে ২১ বছৰীয়া অসমৰ যুৱতী

নিউয়ৰ্ক ফেশ্যন উইকৰ ৰেম্পত জিলিকিছে ২১ বছৰীয়া অসমৰ যুৱতী ৷ বিশ্বৰ আটাইতকৈ বহু প্ৰতীক্ষিত ফেশ্যন অনুষ্ঠান ৷ কাৰণ এই অনুষ্ঠনত বিশ্বৰ নামী দামী ফেশ্যন ব্ৰেণ্ডসমূহে অংশ গ্ৰহণ কৰে ৷ আৰু অনাগত দিনত সেই ব্ৰেণ্ডসমূহে আধিপত্য বিস্তাৰ কৰে জনসাধাৰণৰ মাজত ।কাৰণ ফেশ্যন প্ৰেমীসকলে অধীৰ আগ্ৰহেৰে পৰ্যবেক্ষণ কৰে সেই ডিজাইনসমূহ। কিন্তু এই ফেশ্যন শ্ব’সমূহত কেৱল নতুন পোচাকসমূহৰেই যে গুৰুত্ব আছে এনে নহয় ৷ এই অনুষ্ঠানসমূহৰ লগতে জৰিত হৈ পৰে বহু লোকৰ নাম ৷ কাৰণ এনে ধৰণৰ এটা অনুষ্ঠানত ৰেম্প ৱাক বা অন্য কোনো বিষয়ত জৰিত জৰিত হৈ পৰাটো সাধাৰণ কথা নহয় ৷

যি কি নহওঁক এইবাৰ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত সংযোজন হৈছে অসমৰ ২১ বছৰীয়া মডেল মধুলিকা শৰ্মা ৷ মধুলিকাই নিউয়ৰ্ক বিখ্যাত লেবেল চীজ মাৰ্জানৰ লগত নিউয়ৰ্ক ফেশ্যন উইকত ৰেম্প ৱাক কৰিছে। লগতে অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ বেণ্ড জেমৰমেনৰ লাইনআপ আৰু প্ৰসিদ্ধ ৰেডি টু ওৱেৰ লেবেল ব্ৰক কালেকশ্যনত ৰেম্প ৱাক কৰিছে ৷

আনহাতে ফেশ্যন ইণ্ডাষ্ট্ৰী বা মনোৰঞ্জন ক্ষেত্ৰৰ বিভিন্ন জগতত আমি মিঠা বৰণীয়া ছাল বা ডাৰ্ক স্কীণৰ যুৱতীসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাটো শুনিবলৈ পাওঁ ৷ ব্যক্তিক্ৰম নহয় মধুলিকা শৰ্মাও। কাৰণ প্ৰথমতে মিঠা বৰনীয়া ছালৰ কাৰণে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা মধুলিকা সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেল ৷ ইফালে মধুলিকাই ফেশ্যন অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্দৰ্ভত কয় যে এনৱাইচিয়ে মোক সততে বিচাৰি থাকে ৷কিন্তু মই প্ৰথমতে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ল’ব বিচাৰিছিলো ৷সেইকাৰণে মই চলিত বৰ্ষৰ জুন মাহলৈকে কেৱল পাৰ্ট টাইম মডেলিং কৰিছিলো। ইয়াৰ পিছত মই গ’লো নিউয়ৰ্কত ৷ তাত মোৰ বৃহৎ ফেশ্যন শ্ব’ৰ "শ্ব’ পেকেজ" কাৰণে প্ৰস্তাৱ দিয়ে ৷য’ত এজেন্সীসমূহে বহু বিখ্যাত ফ’টো সমূহ নিৰ্বাচিত ক্লাইন্টলৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছত মই বহু বিখ্যাত এজেন্ট সমূহক সাক্ষাৎ কৰিবলৈ সুবিধা পাঁও ৷ ইয়াৰ ভিতৰত অনিতা বিট’ন অন্যতম। তেওঁ আলেকজেণ্ডাৰ ৱাং,ডিয়ৰ আৰু মাৰ্ক জাক’বছৰ দৰে বেণ্ডসমূহৰ পৰিচালক ৷লগতে উত্তৰ পূবৰ লোকসকলৰ ফেশ্যনৰ সন্দৰ্ভত মধুলিকাৰ মন্তব্য যে উত্তৰ পূব সদায়ে পশ্চিমীয়া সভ্যতা আৰু মিডিয়াৰ লগত সম্পৰ্ক আছে ।লগতে ফেশ্যনৰ সন্দৰ্ভত তেওঁলোকৰ মাজত প্ৰচাৰ আছে। সেয়েহে মই বহু প্ৰথমতে ফেশ্যনৰ লগত অৱগত হৈ পৰিছিলো আৰু এই ক্ষেত্ৰত খনত মই নিজকে আগুৱাই নিবলৈ সাহস পাইছিলো। আমি আমাৰ আইতা,মাৰ লগতে বা সকলোৱে আন্তঃৰাষ্ট্ৰীয় ফেশ্যন জগতৰ লগত কেনেদৰে জৰিত হৈ পৰিছিল সেয়া দেখিছিলো আৰু ঠিক সেই ধৰণে আমিও আগ বাঢ়িছো ৷

নিউয়ৰ্ক ফেশ্যন উইকৰ পিছত এইবাৰ পেৰিছ ফেশ্যন উইকত আৰু তাৰ পিছত মিলনলৈ উৰা মাৰিব মধুলিকাই ৷উল্লেখ্যযে নতুন প্ৰজন্মৰ কাৰণেও এক বিশেষ বাৰ্তাপ্ৰেৰণ কৰিলে মধুলিকা শৰ্মাই । নতুন প্ৰজন্মক উদ্দেশ্য কৰি মধুলিকাৰ মন্তব্য যে নিজৰ ছালৰ ৰঙক গ্ৰহণ কৰা৷ কেতিয়াও মিছাঁৰ আশ্ৰয় নল’বা ৷ যাতে আনে তোমাক চিনিয়েই নাপায়।

ভিডিঅ প্ৰতক্ষ্য কৰক:Broad daylight burglary incident in Jagi Road | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com