মনোৰঞ্জন

চন্দ্ৰযান২ ৰ সন্দৰ্ভত টুইট কৰি বিপদ দিশা পাটানীৰ: কিন্তু কিয়?

Sentinel Digital Desk

দিশা পাটানী বলীউডৰ এক চৰ্চিত অভিনেত্ৰী। যেতিয়া দিশা পাটানীয়ে বলীউডত পদাৰ্পন কৰিছিল তেতিয়া অনুৰাগীসকলে ভাবিছিল যে দিশাৰ নামটো কেনেকৈ উচ্ছাৰণ কৰা হ’ব। সম্প্ৰতি টুইটাৰত দিশা পাটানীক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে । আৰু সেই টুইটে সকলোকে হাঁহিৰ খোৰাক দিছে ৷বিগত সময়ত অভিনেত্ৰীগৰাকীয়ে চন্দ্ৰযান ২ কলৈ এটা টুইট কৰিছিল ৷

https://twitter.com/DishPatani/status/1170237065222471680

ইছ’ৰোৰ বিজ্ঞানীসকলক সম্পূৰ্ণ সহযোগিতা শীৰ্ষক এক বাৰ্তা প্ৰেৰণৰ কৰি দিশা টুইট কৰিছিল যে চন্দ্ৰযান২ ত জৰিত প্ৰত্যেকজন বিজ্ঞানীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ৷আমাক নতুন প্ৰেৰণা দিয়াৰ কাৰণে ইছ’ৰোক ধন্যবাদ ৷ জয় হিন্দ ৷কিন্তু ইয়াৰ পিছতে দিশা পাটানীৰ অনুৰাগীসকলৰ বিভিন্ন টুইটে চৰ্চা লাভ কৰিছে ৷

কাৰণ দিশা পাটানীৰ টুইটৰ পিছত এগৰাকী লোকে কয় যে বিক্ৰম লেণ্ডাৰে কিয় তোমাৰ নামৰ দৰে ব্যৱহাৰ কৰিছে। এগৰাকী লোকে কৈছে যে দিশা পাটানীৰ নামৰ সমালোচনা কৰি কয় যে দিশা অৰ্থাৎ দিশ আৰু পাটা নাহি ৷ আৰু ইয়াৰ পিছত ভিডিঅ’টো ৰ সন্দৰ্ভত কৰা টুইটতো ভাইৰেল হৈ পৰে ৷এগৰাকীয়ে লিখিছে মই বহুত দেৰিকৈ জানিলো ৷ এলঅ’এল আমাক কেই মিনিট মান দিয়ক।

আনহাতে উল্লেখ্য যে,চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছ’ৰোয়ে। এই কথা প্ৰকাশ কৰিছে ISRO ৰ মুৰব্বী কে ছিৱানে ৷ অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ কিছুমান আলোক চিত্ৰ প্ৰেৰণ কৰিছে। ইফালে বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সম্প্ৰতি চেষ্টা কৰি আছে বুলি জনালে কে ছিৱানে।

অৱশ্য অৰ্বিটৰৰ দ্বাৰা লোৱা লেণ্ডাৰ বিক্ৰমৰ কিছুমান ফ’টো এতিয়াও ইছ’ৰোয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে ইছ’ৰোয়ে সাত ছেপ্তেম্বৰত চন্দ্ৰ পৃষ্ঠত এক ইতিহাস গঢ়িবলৈ লোৱাৰ মুহুৰ্ততে চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ লগত সম্পৰ্ক বিছিন্ন হয়। নিশা প্ৰায় ১ বাজি ৩০ মিনিটৰ পৰা ২ বজাৰ ভিতৰত চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব লগা চন্দ্ৰযান ২ সম্পৰ্ক বিছিন্ন হোৱাৰ পিছতে এক আৱেগিক পৰিবেশ বিৰাজ কৰে ইছ’ৰোত ৷ কিন্তু ইছ’ৰোৰ অধ্যক্ষ কে সিৱানৰ মত অনুসৰি এই মিশ্যন প্ৰায় ৯৯ শতাংশ সফল হয়।

কাৰণ একেবাৰে শেষ পৰ্যায়ত লেণ্ডাৰৰ লগতে সম্পৰ্ক বিছিন্ন হয়। লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ প্ৰক্ৰিয়া সঠিক আছিল ৷দক্ষিণ ধ্ৰুৱৰ পৰা ২.১ কিলো মিটাৰ দূৰত থাকোঁতেই পৃথিৱীৰ পৰা সম্পৰ্ক বিছিন্ন হয় । এতিয়া আমি অৰ্বিটৰ পৰা পোৱা তথ্যসমূহৰ বিশ্লেষণ কৰি আছো ৷ অনাগত ১৪ দিনত লেণ্ডাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰা হ’ব ৷এই মন্তব্য ইছ’ৰোৰ মুৰব্বী কে সিৱানৰ। উল্লেখ্য যে সাত ছেপ্তেম্বৰত নিশা দেশ বাসীয়ে এক ঐতিহাসিক ক্ষণৰ মুখামুখি হ’বলৈ যাওঁতেই চন্দ্ৰযান ২ ৰ সৈতে সংযোগ বিছিন্ন হয়।

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP gheraoed PWD office in Nagaon | The Sentinel News | Assam News