Begin typing your search above and press return to search.

কলেজৰ দিনত ট্ৰেইনত গিটাৰ বজাই ধন উপাৰ্জন কৰিছিল আয়ুস্মান খুৰানাই

কলেজৰ দিনত ট্ৰেইনত গিটাৰ বজাই ধন উপাৰ্জন কৰিছিল আয়ুস্মান খুৰানাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2019 11:40 AM GMT

বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুস্মান খুৰানাই ছবি অন্ধাধুনৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অলপতে বলীউডৰ অভিনেতাগৰাকী অভিনেত্ৰী নুচৰত ভৰোচাৰ লগতে দ্য কপিল শৰ্মা শ্ব’ত দেখা গ’ল । আয়ুস্মান আৰু নুচৰত ড্ৰীম গাৰ্লৰ প্ৰমোশ্যনৰ কাৰণে দ্য কপিল শৰ্মা শ্ব’ত উপস্থিত হয়। এই অনুষ্ঠানত আয়ুস্মানে কলেজৰ দিনত কেনেকৈ পথত গান গাই টকা উপাৰ্জন কৰিছিল সেই বিষয়ে মন্তব্য কৰে।

অনুষ্ঠানটোত কপিল শৰ্মাই আয়ুস্মানক সোধা এক প্ৰশ্নৰ উত্তৰত অভিনেতা গৰাকীয়ে কয় যে মই কলেজত পঢ়া সময়ত বন্ধু বান্ধৱৰ লগত চণ্ডীগড় ইন্টাৰচিটীৰ দ্বিতীয় শ্ৰেণীৰ ট্ৰেইনত যাত্ৰা কৰিছিলো। তাত আমি গীতাৰ বজাই গান গাওঁ ৷বহু লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ আমাক পইচা দিয়ে ৷আৰু আমি এনেকৈয়ে প্ৰায় ১০০০ টকা উপাৰ্জন কৰোঁ ৷লগতে বন্ধু বান্ধৱৰ লগতে কৰা গোৱা যাত্ৰাও ট্ৰেইনত উপাৰ্জন কৰা টকাৰেই হয় বুলি মন্তব্য কৰে আয়ুস্মানে ৷

এই অনুষ্ঠানত কপিল শৰ্মাই বিভিন্ন প্ৰশ্ন কৰে দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক ৷ আনহাতে বলীউডত আয়ুস্মান খুৰানাই এক বিশেষ আসন দখল কৰিবলৈ সক্ষম হৈছে । কোনো ধৰণৰ গডফাদাৰ নোহোৱাকৈ বলীউডৰ ছবিত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আয়ুস্মান খুৰানা বহুতৰ কাৰনে প্ৰেৰণাৰ উৎস।

অন্য খবৰৰ বাবে পঢ়ক : লেকমী ফেশ্যন উইক ২০১৯ত বলীউড চেলীব্ৰেটীৰ সমাহাৰ: ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক:Digboi MLA Suren Phukan inaugurates houses under PM Awas Yojana- Gramin

Next Story
চাকৰি