লেকমী ফেশ্যন উইক ২০১৯ত বলীউড চেলীব্ৰেটীৰ সমাহাৰ: ভিডিঅ’ চাওক

লেকমী ফেশ্যন উইক ২০১৯ত বলীউড চেলীব্ৰেটীৰ সমাহাৰ: ভিডিঅ’ চাওক

লেকমী ফেশ্যন উইক ২০১৯ ৰ ৰেম্পত এইবাৰ বলীউডৰ মাল্টীষ্টাৰৰ সমাহাৰ ৷ অভিনেত্ৰী কংগনা ৰানাউট,শিল্পা চেট্টী,মালাইকা আৰোৰা,অৰ্জুন কাপুৰ লগতে সকলো ষ্টাৰৰ সমাহাৰত উজ্জ্বল হৈ উঠিল বৰ্ষটোৰ চৰ্চিত লেকমী ফেশ্যন উইক ৷ ইফালে কংগনা ৰানাউট শ্ব’ ষ্ট’পাৰ হিচাপে ৰেম্পত খোজ কাঢ়ে দিশা পাটিলৰ পোচাকেৰে ।

https://www.instagram.com/p/B1lQhsTHwOD/

মলাইকা আৰোৰাই ৰেম্পত খোজ কাঢ়ে ডিজাইনাৰ দিয়া আৰু ৰাজৱীৰৰ পোচাকেৰে । আনহাতে শিল্পা চেট্টী শ্ব’ষ্টপাৰ হয় ডিজাইনাৰ পুনিত ব’লানাৰ পোচাকেৰে। ইফালে কংগনাই নীলা ৰঙৰ লেহেংগা আৰু ব্লাউজেৰে ৰেম্পত খোজ দিয়ে ৷ মলাইকা আৰোৰাই মেৰেন ৰঙৰ পোচাকেৰে নিজকে আকৰ্ষনীয় ৰূপত সজাই ৰেম্পত খোজ কাঢ়ে ৷

https://www.instagram.com/p/B1lYmwyho-5/

শিল্পা চেট্টীয়ে সোনালী ৰঙৰ পোচাকেৰে ৰেম্পত খোজ কাঢ়ে। ইফালে বলীউড আৰু দক্ষিণ ভাৰতৰ অভিনেত্ৰী জেনেলিয়া ডিছুজাই বিগত পাঁচ বছৰৰ পিছত পুনৰ ৰেম্পত ডিজাইনাৰ সৰোজ জালানৰ পোচাকত দেখা যায় ৷ জেনেলিয়াৰ মন্তব্য যে সৰোজ জালানৰ পোচাকত ৰেম্পত খোজ কাঢ়ি মই বহু উৎসাহিত ৷ বলীউডৰ অভিনেতা অৰ্জুন কাপুৰেৰে লেকমী ফেশ্বন উইকত খোজ কাঢ়ে। লগতে লেকমী ফেশ্যন উইকত দেখিবলৈ পোৱা যায় দিশা পাটানী আৰু আয়ুস্মান খুৰানাক ৷

https://www.instagram.com/p/B1lRVTsB3mB/

অৰ্জুণ কাপুৰৰ ভাতৃ আৰু সঞ্জয় কাপুৰৰ পুত্ৰ জাহান কাপুৰক দেখা যায় ৰেম্পত ৷ৰোহিত গান্ধী আৰু ৰাহুল খান্নাৰ পোচাকত শ্ব’ ষ্টপাৰ হিছাপে থাকে আয়ুস্মান খুৰানা আৰু দিশা পাটানী ৷ ইফালে বলীউডৰ নৱাগতা অভিনেত্ৰী অন্যন্যা পাণ্ডেই অনুশ্ৰী ৰেড্ডী আৰু অৰ্পিতা মেহতাৰ পোচাকত ৰেম্পত দেখা যায় । বলীউডৰ আন এগৰাকী অভিনেত্ৰী কেটৰীনা কাইফক লেকমী ফেশ্ব্যন উইকত দেখা যায় মনিষ মালহোত্ৰাৰ পোচাকত ৷ গাঢ় সেউজীয়া তথা ভায়লেট লেহেংগাৰে কেটৰীনা কাইফক লাগিছে অত্যন্ত সুন্দৰ ৷

https://www.instagram.com/p/B1j8HfeAjlp/

https://www.instagram.com/p/B1jPuXuAPDa/

https://www.instagram.com/p/B1eWY6fhW5Y/

ভিডিঅ প্ৰতক্ষ্য কৰক:CRPF seized 10 kg of Ganja in Sivasagar | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com