বলীউডৰ গায়ক হিমেশ ৰেশমিয়াৰ ছবিত কণ্ঠ দান ৰানাঘাটৰ ৰানু মণ্ডলৰ

বলীউডৰ গায়ক হিমেশ ৰেশমিয়াৰ ছবিত কণ্ঠ দান ৰানাঘাটৰ ৰানু মণ্ডলৰ

বলীউডৰ গায়ক হিমেশ ৰেশমিয়াৰ ছবিত কণ্ঠ দান ৰানাঘাটৰ ৰানু মণ্ডলৰ ৷ আপোনাৰ পশ্চিম বংগৰ ৰানাঘাটৰ ৰানু মণ্ডলক নিশ্চয় মনত আছে ৷যিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে গান গাই দেশৰ সৰ্বত্ৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই ৰানু মণ্ডলে সম্প্ৰতি হিমেশ ৰেশমিয়াৰ এখন নতুন ছবিত কণ্ঠ দান কৰি চৰ্চাৰ শীৰ্ষত আছে ।

https://www.instagram.com/p/B1eVI_cjQS3/

বলীউডৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰানু মণ্ডলে কন্ঠদান কৰা ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে। আৰু এই সৰু ভিডিঅ’টিত ৰানু মণ্ডলে সুন্দৰ কন্ঠৰে তথা অন্তঃকৰণেৰে গীত পৰিবেশন কৰিছে ৷ আৰু ভিডিঅ’টিত হিমেশ ৰেছমীয়াক বিশেষভাৱে ৰানু মণ্ডলক উৎসাহিত কৰা দেখা গৈছে ৷

ৰানু মণ্ডলে তেৰী মেৰী কাহানী নামৰ এটি গীতত কণ্ঠ নিগৰাইছে। ইফালে ৰানু মণ্ডলে গীত পৰিবেশন কৰা ভিডিঅ’ গায়ক তথা পৰিচালক হিমেশ ৰেশমিয়াই লিখে যে যদি আপোনাৰ সপোন পুৰণ হ’ব পাৰে তেন্তে আমি সেই সপোনক বাস্তৱায়িত কৰাত সহায় কৰিম ৷ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িলে সপোন বাস্তৱায়িত হ’বই।

আনহাতে ৰানু মণ্ডলৰ এই ভিডিঅ’টি এঘন্টাত ১ লাখতকৈ অধিক লোকে প্ৰত্যক্ষ কৰিছে ৷আৰু এজন লোকে কৈছে যে এই গীতটিয়ে জনসাধাৰণৰ মাজত ধুমুহাৰ সৃষ্টি কৰিব ৷ উল্লেখ্য যে পশ্চিম বংগৰ নাডিয়া জিলাৰ ৰানু মণ্ডলক ৰানাঘাটৰ লতা নামেৰে জনা যায়। সৰুৰে পৰা গান গাই ভাল পোৱা ৰানু মণ্ডল লতা মংগেশকাৰৰ অনুৰাগী ৷

বংগালৰ ৰেল ষ্টেশ্যনত গান গোৱা ৰানু মাৰিয়া সম্প্ৰতি Internet Sensation ৷ ঘটনা অনুসৰি ৰানু মাৰিয়াৰ অলপতে এক প্যাৰ কা নাগমা হ্যে গীতটিৰে ইন্টাৰনেটত ভাইৰেল হৈ পৰে ৷ আশ্চৰ্য্যজনক কথাটো এয়ে যে ৰানু মাৰিয়াৰ কণ্ঠত এক প্যাৰ কা নাগমা হ্যে গীতটি প্ৰায় এক মিলিয়ন লোকে শুনে ৷

এই সন্দৰ্ভত ২৬ বছৰীয়া অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথম বাৰৰ কাৰণে মই ৰানাঘাট ৰেল ষ্টেশ্যনত ৰানু মাৰিয়া মণ্ডলৰ কণ্ঠত মহম্মদ ৰফিৰ গীত শুনিবলৈ পাইছিলো ৷ মই নিজৰ বন্ধু বান্ধবৰ লগত ৬ নম্বৰ প্লেটফৰ্মত বহি আছিলোঁ ৷এটি ৰেডিঅ’ত ৰফী সংগীত বাজি আছিল ৷ সেই সময়তে মই এগৰাকী মহিলাই গীত গাই থকা শুনিবলৈ পালো ৷ আৰু মই ওচৰলৈ আহি তেওঁ আমাৰ কাৰণে কিবা গাব পাৰে নেকি বুলি সুধিলো ৷ইয়াৰ পিছতে ৰানু মেৰিয়া মণ্ডলে আমাৰ কাৰণৈ এটি গীত গালে ৷ মোৰ লগতে উপস্থিত সকলো লোকেই ৰানু মাৰিয়া মণ্ডলা সুললিত কণ্ঠত মোহিত হয় ৷

সেই সময়তে ৰানুৱে গোৱা গীতটি মোবাইলত ৰেকৰ্ড কৰি লয় অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে । লগতে সেই দিনটোৰ বিয়লি অতীন্দ্ৰ চক্ৰৱৰ্তী আৰু বন্ধু সকলে ৰানু মাৰিয়া মণ্ডলৰ পৰা পুৰণি সংগীত শুনে ৷ আৰু ৰানুক কিছু পৰিমাণে খাবলৈও দিয়ে ৷কাৰণ ৰানু মাৰিয়া মণ্ডলৰ ঘৰৰ অৱস্থা ভাল নাছিল ৷ইয়াৰ দুদিন পিছত অৰ্থাৎ ২৩ জুলাইত অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে ৰানু মাৰিয়াই গীত ৰেকৰ্ড কৰি থোৱা ভিডিঅ’টো ফেছবুকত প’ষ্ট কৰে ৷ আৰু সেই ভিডিঅ’টি ফেচবুকত প’ষ্ট কৰাৰ পিচতেই পূৰ্বৰ ৰেল ষ্টেশ্যনত গীত গোৱা ৰানু মেৰিয়া মণ্ডল সম্প্ৰতি ইতিহাস।

ভিডিঅ প্ৰতক্ষ্য কৰক:CRPF seized 10 kg of Ganja in Sivasagar | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com