মনোৰঞ্জন

সংগীত পৰিচালক বাপ্পী লাহিড়ীৰ প্ৰতি দ্বাৰা প্ৰেৰিত হৈ ১.৫ কোটি টকাৰ সোণ পৰিধান এজন ব্যক্তিৰ

Sentinel Digital Desk

সংগীত পৰিচালক বাপ্পী লাহিড়ীৰ প্ৰতি প্ৰভাৱিত হৈ সোণ পিন্ধিলে এগৰাকী অনুৰাগীয়ে ৷অৱশ্য সোন পিন্ধাতো কোনো ডাঙৰ কথা নহয়। কিন্তু বাপ্পী লাহিড়ীৰ প্ৰতি আকৃষ্ট হৈ সোন পিন্ধাতো এক চৰ্চিত খবৰ ৷ কাৰণ মোহনীয় কণ্ঠৰ কাৰণে যিদৰে সংগীত শিল্পী বাপ্পী লাহিড়ী প্ৰসিদ্ধ ঠিক তেনেকৈ প্ৰসিদ্ধ সমগ্ৰ দেহত সোন পৰিধান কৰাক লৈ ৷

যি কি নহওক আজি আমি আপোনালোকক ক’ম এজন লোকৰ বিষয়ে ৷ তেওঁৰ নাম প্ৰশান্ত চপকাল ৷ আমি যেতিয়া যিকোনো এজন সংগীতজ্ঞৰ সংগীত শুনো তেতিয়া আমি তেওঁৰ সংগীত,কণ্ঠৰ প্ৰতি আকৃষ্ট হওঁ । পুনেৰ ব্যৱসায়ী প্ৰশান্ত চপকালে সৰুৰে পৰা বাপ্পি লাহিড়ীৰ প্ৰতি আকৃষ্ট হৈছিল ৷ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ডাঙৰ হৈ বাপ্পি লাহিড়ীৰ দৰে সোন পৰিধান কৰিব ৷

সম্প্ৰতি প্ৰশান্ত চপকালৰ এই সপোন বাস্তৱত ৰূপায়িত হৈছে ৷ প্ৰশান্ত চপকালে প্ৰতি দিনে অন্যান্য জুৱেলাৰীৰ লগতে প্ৰায় পাঁচ সোণ পৰিধান কৰে ৷ যাৰ মূল্য প্ৰায় ১.৫ কোটি টকা ৷ অন্যহাতে প্ৰশান্ত চপকালে নিজৰ আইফ’নটোৱে এটা সোনেৰে নিৰ্মিত বাকচতহে লৈ ফুৰে। মন কৰিব লগীয়া যে ব্ৰেচলেট,কাড়া, পেনডেন্টৰ লগতে প্ৰশান্তই পৰিধান কৰা চেন্দেলযোৰো সোনৰেই ৷

ইফালে ডিঙিত পিন্ধা পেনডেন্টত নিজৰ পি আখৰটো সোনেৰে নিৰ্মিত কৰি লৈছে ৷ কাৰণ প্ৰশান্তৰ প্ৰিয় পি আখৰ ৷ সৰ্ব সাধাৰণতে সংগীত শিল্পীসকলৰ অনুৰাগীসকলে তেওঁলোকৰ কণ্ঠৰ দ্বাৰা প্ৰভাৱিত হয় সংগীত জগতত খোজ পেলাই ৷ বিশেষকৈ ৯০ দশকৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী দাৰ কন্ঠই এটা সময়ত সকলোকে মুগ্ধ কৰিছিল ৷

সাম্প্ৰতিক সময়তো বাপ্পী দাৰ কণ্ঠই সকলোৰে মাজত যাদুৰ সৃষ্টি কৰিছে। বাপ্পী দাৰ ষ্টাইল, কথা কোৱাৰ সাৱলীলতা আদিয়ে সকলোকে মোহিত কৰে ৷তেনে সময়তে প্ৰশান্ত চপকালৰ দৰে অনুৰাগীয়ে চৰ্চা লাভ কৰিছে সাম্প্ৰতিক সময়ত ৷