Begin typing your search above and press return to search.

প্ৰত্যেকটো কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও হয়ঃ ঋতিক ৰোশন

প্ৰত্যেকটো  কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও হয়ঃ ঋতিক ৰোশন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 12:25 PM GMT

প্ৰত্যেকটো কথাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও হয় ৷এই মন্তব্য বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ৷ কংগনা ৰানাউট আৰু ঋতিক ৰোশন ইজনে সিজনক কৰা কটাক্ষ বলীউডত নতুন কথা নহয়। এক সাক্ষাৎকাৰত ঋতিক ৰোশনে কয় যে সম্প্ৰতি মই বুজি পালো যে লোকৰ দোষ খুচৰি সকলৰ লগত এটা সময়ত ভাল ব্যৱহাৰ কৰিব লাগে ৷তেওঁলোকৰ কথাৰ কোনো প্ৰতিক্ৰিয়া দিব নালাগে ৷

লগতে কংগনাৰ নাম নোলোৱাকৈয়ে ঋতিক ৰোশনে কয় যে মোৰ সেই মহিলা গৰাকীৰ লগত কোনো আইন সন্মত কেছ নাই ৷ ইফালে সম্প্ৰতি ঋতিক ৰোশনে চৰ্চিত ছবি ছুপাৰ ৩০ ৰ প্ৰমোশ্যনত ব্যস্ত হৈ আছে ৷ তাৰ মাজতে কংগনা ৰানাউট আৰু কংগনাৰ ভগ্নী ৰংগলী তথা ঋতিক ৰোশনৰ মাজত শীতল যুদ্ধখন চলি আছে ৷

উল্লেখ্য যে কংগনা ৰানাউট যে কেৱল ঋতিক ৰোশন,বৰুণ ধাৱান আৰু তাপ্সী পান্নুৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনে নহয় ৷শেহতীয়াকৈ কংগনা ৰানাউটে জজমেন্টেল হ্যে কিয়া ছবিৰ গীত লন্স কৰাৰ সময়ত এগৰাকী সংবাদ মাধ্যমৰ লোকৰ ওপৰত টিঙিৰি তুলা হৈ পৰে ।অনুষ্ঠানটিত কংগনাই পত্ৰকাৰজনক উদ্দেশ্য কৰি কয় যে তুমিতো মোৰ শত্ৰু হৈ গ’লা ৷ বহুত নিম্ন মানদণ্ডৰ কথা লিখি আছা মোৰ বিষয়ে ৷ইমান বেয়া কেনেকৈ ভাবিব পাৰা ৷

কংগনাৰ প্ৰতিক্ৰিয়াৰ পিছতে সংবাদদাতা গৰাকীয়ে কয় যে এনেধৰণৰ অভিযোগ ভাল কথা নহয় ৷তেতিয়া কংগনা ৰানাউটে কয় যে তোমাৰ কাৰণে এনে ধৰণৰ ব্যৱহাৰ উচিত ৷ লগতে মনিকৰ্নিকা ছবিৰ প্ৰসংগৰ কথা উল্লেখ কৰি কংগনাই কয় যে তুমি কৈছিল যে মই এগৰাকী জিংগোষ্টিক মহিলা ৷যিয়ে মনিকৰ্নিকা নিৰ্মাণ কৰিছিল ৷

লগতে জাতীয়তাবাদৰ ক্ষেত্ৰত ছবি নিৰ্মাণ কৰি মই কিবা ভূল কাম কৰিলো নেকি বুলিও প্ৰশ্ন কৰে কংগনা ৰানাউটে ৷ তেতিয়া সংবাদদাতা গৰাকীয়ে কয় যে মই মনিকৰ্ণিকা ছবিক লৈ কোনো টুইট কৰা নাই ৷ কংগনা ৰানাউটে কয় যে মই তোমাক সেই টুইট দিম৷ ইয়াৰ লগে লগে সংবাদদাতা গৰাকী কয় যে এইয়া ভাল কথা নহয় ৷আপুনি লগত শক্তি আছে বুলিয়েই সংবাদদাতাক ভয় খুৱাব নোৱাৰে ৷তেতিয়া কংগনাই কয় যে মই কাকো ভয় খুওৱা নাই ৷ সকলোৱে যেনেধৰণে কাম কৰি আছে মইও তেনেধৰণে কথা পাতিছো ৷উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত আছিল ৰাজকুমাৰ ৰাওৰ লগতে ছবিখনৰ কলা কুশলী সকল ৷

অন্য খবৰৰ বাবে পঢ়ক: ছুপাৰ ৩০ ছবিৰ কাৰণে উৎসাহী হৈ পৰিছে বলীউডৰ অভিনেতা ঋতিক ৰোশন

Next Story
চাকৰি