ছুপাৰ ৩০ ছবিৰ কাৰণে উৎসাহী হৈ পৰিছে বলীউডৰ অভিনেতা ঋতিক ৰোশন

ছুপাৰ ৩০ ছবিৰ কাৰণে উৎসাহী হৈ পৰিছে বলীউডৰ অভিনেতা ঋতিক ৰোশন

বলীউডৰ অভিনেতা ঋতিক ৰোশনে আজি চুপাৰ ৩০ ৰ প্ৰসংগত নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফ’টো শ্বেয়াৰ কৰিছে ৷ ফ’টো শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে জীৱন আৰু গণিতৰ বিষয়ৰ এক বাৰ্তা লিখিছে। ছবিখনত ঋতিক ৰোশনে পাটনাৰ এগৰাকে গণিতৰ শিক্ষকৰ ৰূপত অভিনয় কৰিছে ৷ আৰু ছবিখনত ঋত্বিকে আৰ্থিক ভাৱে পিছ পৰা লোকসকলৰ সন্তানক পঢ়াই। ইফালে ছুপাৰ ৩০ ছবিখনৰ ট্ৰেইলৰ মুক্তিৰ লগে লগে ছবিখনে আদৰ লাভ কৰে দৰ্শকসকলৰ পৰা ৷

https://www.instagram.com/p/BykBTb3Hv9B/

কিছুসংখ্যকে নিজৰ প্ৰিয় অভিনেতাগৰাকীক পৰ্দাত প্ৰত্যক্ষ কৰিবলৈ উৎসুকতা প্ৰদান কৰাৰ লগতে আন কিছুমানে ট্ৰ’ল কৰিছে অভিনেতাগৰাকীক ৷অন্যহাতে সঁচা কাহিনীৰ ওপৰত আধাৰিত ছবিখনৰ মূল নায়কজন হৈছে গণিতৰ যাদুগৰ আনন্দ কুমাৰ।

https://www.instagram.com/p/ByflJU0n0KX/

বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ (Hrithik Roshan) ছবি ছুপাৰ ৩০ ৰ নতুন প’ষ্টাৰ মুকলি হ’ল কিছুদিন পূৰ্বে ৷ নতুন প’ষ্টাৰত ডাইৰেক্টৰ বিকাশ বহলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে ৷ ইফালে ঋতিক ৰোশনে টুইটাৰত ছুপাৰ ৩০ ৰ প’ষ্টাৰ শ্বেয়াৰ কৰি লিখে ট্ৰেইলৰ আহি আছে ৷ ছুপাৰ ৩০ ছবিখনৰ প’ষ্টাৰত ঋতিক ৰোশনক বৰষুণত তিতি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত ঋতিক ৰোশনৰ উপৰিও পংকজ ত্ৰিপাঠী,মুনাল ঠাকুৰ,নন্দিশ সিং,অমিত সাধৰ লগতে বহু ন পুৰণি শিল্পী উপস্থিত আছে ।ছবিখন চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পাব লগা কথা আছিল ৷ কিন্তু ছবিখনৰ পৰিচালক বিকাশ বহলৰ ওপৰত মী টুৰ আৰোপ লগোৱাৰ পিছতে ছবিখনৰ মুক্তি হোৱাৰ দিন পৰিৱৰ্তন হয় ।

ছবিখন ২৬ জুলাইত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল কলা কুশলীসকলে ৷ কিন্তু এই দিনটোতে কংগনা ৰানাউটৰ ছবি মেন্টল হ্যে ক্যিয়াই মুক্তি লাভ কৰিব । সেয়েহে,ছুপাৰ ৩০ ছবিখনে ১২ জুলাইত মুক্তি লাভ কৰিব ৷

ইফালে ছুপাৰ ৩০ ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰাৰ লগে লগে বলীউডৰ চেলীব্ৰেট্ৰী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিষেক বচ্ছনে ছুপাৰ ৩০ ট্ৰেইলৰ মুক্তিৰ পোৱাৰ পিছতেই লিখে অনাগত দিনলৈ শুভেচ্ছা জনালো ৷ লগতে জনপ্ৰিয় লেখক চেতন ভগতেও মন্তব্য কৰি কয় যে বহুত ভাল লাগিল ৷ অনাগত পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা প্ৰত্যেকজন শিক্ষাৰ্থীৰ কাৰণে এই ছবিখন যথেষ্ট উপযোগী ৷ইয়াৰ লগতে আলিয়া ভাট্ট আৰু সোনালী বেন্দ্ৰেও ঋতিক ৰোশনৰ অনাগত ছবিখনৰ কাৰণে শুভেচ্ছা দিয়াৰ লগতে ছবিখনক প্ৰশংসা কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com