বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ ছুপাৰ ৩০ ৰ প’ষ্টাৰ মুকলি

বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ ছুপাৰ ৩০ ৰ প’ষ্টাৰ মুকলি

বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ (Hrithik Roshan) ছবি ছুপাৰ ৩০ ৰ নতুন প’ষ্টাৰ মুকলি হ’ল ৷ নতুন প’ষ্টাৰত ডাইৰেক্টৰ বিকাশ বহলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে ৷ ইফালে ঋতিক ৰোশনে টুইটাৰত ছুপাৰ ৩০ ৰ প’ষ্টাৰ শ্বেয়াৰ কৰি লিখে ট্ৰেইলৰ আহি আছে ৷ ছুপাৰ ৩০ ছবিখনৰ প’ষ্টাৰত ঋতিক ৰোশনক বৰষুণত তিতি থকা দেখিবলৈ পোৱা গৈছে।

https://twitter.com/iHrithik/status/1135433457528647680

ছবিখনত ঋতিক ৰোশনৰ উপৰিও পংকজ ত্ৰিপাঠী,মুনাল ঠাকুৰ,নন্দিশ সিং,অমিত সাধৰ লগতে বহু ন পুৰণি শিল্পী উপস্থিত আছে ।ছবিখন চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পাব লগা কথা আছিল ৷ কিন্তু ছবিখনৰ পৰিচালক বিকাশ বহলৰ ওপৰত মী টুৰ আৰোপ লগোৱাৰ পিছতে ছবিখনৰ মুক্তি হোৱাৰ দিন পৰিৱৰ্তন হয় ।

ছবিখন ২৬ জুলাইত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল কলা কুশলীসকলে ৷ কিন্তু এই দিনটোতে কংগনা ৰানাউটৰ ছবি মেন্টল হ্যে ক্যিয়াই মুক্তি লাভ কৰিব । সেয়েহে,ছুপাৰ ৩০ ছবিখনে ১২ জুলাইত মুক্তি লাভ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com