মনোৰঞ্জন

'সত্যমেৱ জয়তে ২' ত তিনিটা চৰিত্ৰত দেখা যাব জনপ্ৰিয় অভিনেতা জন আব্ৰাহমক

Sentinel Digital Desk

'সত্যমেৱ জয়তে ২' ত তিনিটা চৰিত্ৰত দেখা যাব জনপ্ৰিয় অভিনেতা জন আব্ৰাহমক । বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা জন আব্ৰাহম। বহু সময় বিৰতিৰ পিছত আহি আছে জন আব্ৰাহমৰ ছবি 'সত্যমেৱ জয়তে ২' । অভিনেতা জন আব্ৰাহমৰ অনুৰাগী সকলে বহু অপেক্ষাৰে বাট চাই আছে আহিবলগীয়া ছবি সত্যমেৱ ২ ৰ বাবে । কিছুদিনৰ পৰা ছবি খনক লৈ বিভিন্ন বাতৰি প্ৰকাশ পাইছে । তদুপৰি ছবি খনত জন আব্ৰাহমৰ চৰিত্ৰ সম্পৰ্কে ও বিভিন্ন কথা পোহৰলৈ আহিছে । বহুতে দাবী কৰিছে যে আহিবলগীয়া ছবি 'সত্যমেৱ জয়তে ২' ত জন আব্ৰাহমে ৩ টা চৰিত্ৰত অভিনয় কৰিব।

উল্লেখযোগ্য যে মিলাপ জাবেৰীৰ দ্বাৰা নিৰ্দেশিত 'সত্যমেৱ জয়তে ২' ত এক্সন ষ্টাৰ জন আব্ৰাহমে তিনিটা ভিন্ন চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিব । কিন্তু এই খবৰ সম্পূৰ্ণ সত্য হয়নে নহয় এয়া এতিয়াও স্পষ্ট হোৱা নাই ।‌

ইয়াৰ পূৰ্বে ২০১৮ চনত মুক্তি লাভ কৰিছিল জন আব্ৰাহমৰ ছবি সত্যমেৱ জয়তে । জানিব পৰা মতে ২০১৮ চনত মুক্তি লাভ কৰা 'সত্যমেৱ জয়তে' তকৈ আহিবলগীয়া 'সত্যমেৱ জয়তে ২' হ'ব সম্পূৰ্ণ পৃথক । এক সাক্ষাৎকাৰত অভিনেতা জন আব্ৰাহমে গৰাকীয়ে কয় যে " প্ৰথম খন ছবি 'সত্যমেৱ জয়তে' সাধাৰণ জনতাক লৈ নিৰ্মান কৰা হৈছিল। কিন্তু সত্যমেৱ জয়তে ২ প্ৰাসংগিক ঘটনাৰ ওপৰত আধাৰিত হ'ব "।

'সত্যমেৱ জয়তে ২' ত তিনিটা চৰিত্ৰত অভিনয় কৰাৰ প্ৰশ্নত অভিনেতা জন আব্ৰাহমে কয় যে এতিয়ালৈকে স্পষ্ট হোৱা নাই যে তেওঁ কেইটা চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিব ।

'সত্যমেৱ জয়তে ২' , ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিব।‌ এই ছবি খনৰ নিৰ্দেশনা কৰিব মিলাপ জভেৰিয়ে । লগতে ছবি খনৰ প্ৰয়োজনা কৰিব ভূষন কুমাৰ, নিখিল আডভানীয়ে । ছবি খৱৰ সংগীত পৰিচালনা বি পাৰক , টানচিক বাগচি , শচিন্ট পাৰম্পৰাৰ ।

ছবি খনত অভিনয় কৰিব লগীয়া অন্য অভিনেতা অভিনেত্ৰী সমূহ হ'ল দিব্যা কোচলা কুমাৰ, ছনী ৰাজদন, মনোজ বাজপেয়ী, কৰণবীৰ শৰ্মা আৰু বহুতো।

জনপ্ৰিয় অভিনেতা জন আব্ৰাহম তেওঁৰ এক্সনৰ বাবে জনাজাত। অভিনেতা জন আব্ৰাহমে সত্যমেৱ জয়তে, ফ'ৰ্চ , বাটলা হাউচ,পৰমানু , ফ'ৰ্চ ২ , দেছী বয়চ, ৰ'কী হেণ্ডচাম, হাউচফুল ২ , ৰেচ ২ আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। আহিবলগীয়া ছবি সত্যমেৱ জয়তে ২ দৰ্শকৰ সমাদৰ লাভ কৰিব পাৰে নে নাই সেয়া হ'ব লক্ষনীয়।‌

ভিডিঅ প্ৰতক্ষ্য কৰক : APL Vice Chairmen Bikul Deka visits new Methanol Project at Namrup