'মহাভাৰত' ছবিত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে

'মহাভাৰত' ছবিত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে

'মহাভাৰত' ছবিত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ইতিমধ্যে বিভিন্ন জনপ্ৰিয় ছবি ‘মস্তানী” ‘পদ্মাৱতী’ আদি বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ অধিক সমাদৰ লাভ কৰিছে । মস্তানী , ৰাণী পদ্মাৱতীৰ পিছত এইবাৰ দীপিকা পাডুকনক দেখা যাব দ্ৰৌপদীৰ চৰিত্ৰত।

দীপিকা পাডুকনৰ ছপাক ছবিৰ পিছত আহিব আন এখন ছবি 'মহাভাৰত' । জানিব পৰা মতে এই ছবি খন দীপিকাই প্ৰয়োজক মধু মন্টেনাৰ লগত নিৰ্মাণ কৰিব বিচাৰিছে।

উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে দীপিকা পাডুকনে মহাভাৰত ছবি সম্পৰ্কে মন্তব্য আগবঢ়াইছে । সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি দীপিকাই ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁ মহাভাৰত ছবি খনত অভিনয় প্ৰদৰ্শন কৰিব । ছবি সম্পৰ্কে দীপিকা পাডুকনে কয় যে, ' এই ছবি খন আন প্ৰজেক্টৰ দৰে নহ'ব , ইয়াৰ লগত এটা ডাঙৰ টিম জড়িত হৈ আছে। ছবি খনৰ বাবে টিমটোৱে কঠোৰ পৰিশ্ৰম কৰি আছে "।

তেওঁ কয় যে কিছুদিনৰ বাবে ছপাকৰ কামত তেওঁ ব্যস্ত আছিল যাৰ বাবে এই ছবি খন সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰিবলৈ সময় পোৱা নাছিল । তেওঁ জনোৱা অনুসৰি এতিয়ালৈ ছবি খনৰ আন চৰিত্ৰ সমূহত কোনো অভিনয় কৰিব সেয়া নিশ্চিত হোৱা নাই । দীপিকা পাডুকনে কয় যে , "মহাভাৰত সাধৰণ ছবিৰ দৰে নিৰ্মান কৰিব পৰা নাযায় । ছবি খনৰ প্ৰডাকচনৰ পৰা আৰম্ভ কৰি বাজেট আৰু সাজ সজ্জালৈ ভালেখিনি পৰিশ্ৰম কৰিব লাগিব। সাধাৰণ ছবিতকৈ এই ছবি খনত পাচ গুণ বেছি পৰিশ্ৰম কৰিব লাগিব। এইটো কৰ্মজীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ প্ৰজেক্ট" ।

বিগত বৰ্ষৰ অক্টোবৰ মাহত খবৰ প্ৰকাশ পাইছিল যে এই মহাভাৰত নামৰ ছবি খনত দীপিকা পাডুকনে অভিনয় কৰাৰ লগতে পৰিচালনা ও কৰিব । ছপাক, ৮৩ ৰ পিছত মহাভাৰত নামৰ ছবি খন দীপিকা পাডুকনৰ দ্বাৰা পৰিচালিত তৃতীয় খন ছবি। কিছুদিন পূৰ্বে দীপিকা পাডুকনে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে যে এই ছবি খনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰি তেওঁ অত্যন্ত সুখী।

তদুপৰি আহিবলগীয়া ছবি '৮৩' ত ৰণবীৰ সিঙৰ লগত দেখা যাব অভিনেত্ৰী দীপিকা পাডুকনক । এই ছবি খন ২০২০ চনৰ ১০ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব।

ভিডিঅ প্ৰতক্ষ্য কৰক : APL Vice Chairmen Bikul Deka visits new Methanol Project at Namrup

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com