Begin typing your search above and press return to search.

২০২০ চনৰ ঈদৰ সময়ত আহিব ভাইজান খ্যাত ছলমান খানৰ নতুন ছবি 'ৰাধে'

২০২০ চনৰ ঈদৰ সময়ত আহিব ভাইজান খ্যাত ছলমান খানৰ নতুন ছবি ৰাধে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Feb 2020 10:08 AM GMT

২০২০ চনৰ ঈদৰ সময়ত আহিব ভাইজান খ্যাত ছলমান খানৰ নতুন ছবি 'ৰাধে' । জনপ্ৰিয় অভিনেতা ছলমান খানৰ অনুৰাগীৰ সংখ্যা যথেষ্ঠ। প্ৰতি বছৰে ঈদৰ সময়ত মুক্তি লাভ কৰে ছলমান খানৰ নতুন ছবি। প্ৰতি বছৰৰ দৰে চলিত বৰ্ষৰ ঈদৰ সময়ত আহিব ছলমান খানৰ আন এখন নতুন ছবি‌ ৰাধে ।

২০২০ চনৰ লগতে ছলমান খানৰ ২০২১ চনত ঈদৰ সময়ত মুক্তি লাভ কৰিব লগীয়া ছবিৰ ঘোষনা হয়। উল্লেখযোগ্য যে ২০২১ চনৰ ঈদৰ সময়ত মুক্তি লাভ কৰিব ''কভী ঈদ ,কভী দিৱালী''। এই ছবি খনত অভিনেতা ছলমান খানৰ লগত অভিনয় কৰিব হাউচফুল ৪ ৰ অভিনেত্ৰী পূজা হেগড়ে । আহিবলগীয়া ছবি 'কভী ঈদ কভী দিৱালী''নামৰ ছবি খনৰ নিৰ্দেশনা কৰিব বেনাৰ নাডিয়াডৱালা গ্ৰেডচনে । ছবি খনৰ নিৰ্মাতা জনে ২০২১ চনত আহিবলগীয়া ছবি খনৰ ঘোষনা কৰে । ছবি খনৰ ঘোষনা কৰাৰ পিছত ছবি খনৰ প্ৰডাকচন হাউচে টুইট কৰে যে '' কভী ঈদ কভী দিৱালী' ত অভিনয় কৰিব লগীয়া পূজা হগড়াক আমি এন জি ই এফ ৰ পৰিয়াললৈ জনাইছো "।

ছবি খনৰ নিৰ্দেশক গৰাকীয়ে কয় যে , " এই ছবিখনত অভিনয়ৰ বাবে ২৯ বছৰীয়া পূজা হেগড়া যোগ্য "। তেওঁ কয় যে , " হাইচফুল ৪ ত পূজা হেগড়াৰ লগত কাম কৰাৰ পিছত অনুভৱ কৰিছো যে ' কভী ঈদ কভী দিৱালী' ছবি খনৰ বাবে পূজা হেগড়া সকলোতকৈ যোগ্য অভিনেত্ৰী" । উল্লেখযোগ্য যে পূজা হেগড়াৰ ভাইজান ছলমান খানৰ লগত এইখন প্ৰথম ছবি । লগতে ছবি খন ২০২১ চনৰ ঈদৰ সময়ত মুক্তি লাভ কৰিব।

ছলমান খানৰ প্ৰতি বছৰে ঈদৰ সময়ত ছবি মুক্তি লাভ কৰে। চলিত বৰ্ষৰ ঈদৰ সময়ত মুক্তি লাভ কৰিব "ৰাধে" । এই ছবি খনৰ নিৰ্দেশনা কৰিছে প্ৰভু দেৱাই । লগতে প্ৰয়োজনা কৰিছে। ছলমান খান, অতুল অগ্নিহোত্ৰী , সোহালী খানে ।

ইয়াৰ পূৰ্বে ঈদৰ সময়ত ছলমান খানৰ ছবি ৱান্টেড, দবং, বডিগাৰ্ড ,এক থা টাইগাৰ, কিক বজৰংগী ভাইজান,টিউৱলাইট আদি বিভিন্ন ছবিয়ে মুক্তি লাভ কৰিছিল।

কিছুদিন পূৰ্বে ছলমান খানৰ ছবি দবং ৩ মুক্তি লাভ কৰিছিল । এই ছবি খনত ছলমান খানৰ লগতে অভিনয় কৰিছিল সোণাক্ষী সিন্হাই । এই ছবি খনে দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম নহ'ল । দবং ৩ ৰ পিছত ৰাধে ছবি খনে দৰ্শকৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : অস্কাৰ ২০২০ : দক্ষিণ কোৰিয়াৰ ছবি ‘ পেৰাছাইট’ এ অৰ্জন কৰিলে চাৰিটাকৈ একাডেমি বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক : 196 sq feet Rangoli, Teacher Deepika Singh from Digboi creates State Record

Next Story
চাকৰি