Begin typing your search above and press return to search.

অস্কাৰ ২০২০ : দক্ষিণ কোৰিয়াৰ ছবি ' পেৰাছাইট' এ অৰ্জন কৰিলে চাৰিটাকৈ একাডেমি বঁটা

অস্কাৰ ২০২০ : দক্ষিণ কোৰিয়াৰ ছবি  পেৰাছাইট এ অৰ্জন কৰিলে চাৰিটাকৈ একাডেমি বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Feb 2020 7:28 AM GMT

অস্কাৰ ২০২০ : দক্ষিণ কোৰিয়াৰ ছবি ' পেৰাছাইট' এ অৰ্জন কৰিলে চাৰিটাকৈ একাডেমি বঁটা।‌ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ নিউ ডলবী থিয়েটাৰত কালি অনুষ্ঠিত হয় ৯২ সংখ্যক একাডেমী বঁটা। এই অনুষ্ঠানত বং জুন হোৱেৰ দ্বাৰা নিৰ্দেশিত ' পেৰাছাইট' এ লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান । অস্কাৰৰ ইতিহাসত প্ৰথম বাৰৰ বাবে বিদেশী অৰ্থাৎ ইংৰাজী ভাষাৰ বাদে বেলেগ ভাষাত নিৰ্মিত ছবিয়ে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰি ইতিহাস ৰচিলে । এই ছবি খনে লগতে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা, শ্ৰেষ্ঠ নিৰ্দেশক আৰু শ্ৰেষ্ঠ আন্তজাৰ্তিক ছবিৰ সন্মান লাভ কৰে ।‌দক্ষিণ কোৰিয়াৰ ছবি ' পেৰাছাইট' এ ৬ টা শিতানত মনোনয়ন লাভ কৰে আৰু তাৰ ভিতৰত ৪ টা শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

গোল্ডেন গ্লোব, স্ক্ৰীণ এক্টৰ গীল বঁটা লাভ কৰাৰ পিছত বং জুন হোৱে কয় যে এই ছবি খনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰি দৰ্শকৰ মাজত ভাষাৰ বান্ধোন চিঙি পেলাইছে ।

অস্কাৰ ২০২০ ৰ আন বঁটা সমূহ-

১) শ্ৰেষ্ঠ ছবি - পেৰাছাইট

২) শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা - ৰিণি জেলৱেগাৰ ( জুডি)

৩) শ্ৰেষ্ঠ অভিনেতা - জোৱাকুইন ফিনেক্স ( জ'কৰ )

৪) শ্ৰেষ্ঠ নিৰ্দেশক - বং জুন হো ( পেৰাছাইট)

৫) শ্ৰেষ্ঠ সহ: অভিনেতা - ব্ৰেড পীট ( ৱানছ আপন এ টাইম ইন হলিউড )

৬) শ্ৰেষ্ঠ সহ : শিল্পী : লৌৰা ডাৰ্ণে ( মেৰিজ ষ্ট'ৰি)

৭) শ্ৰেষ্ঠ মৌলিক গীত - এল্টন জনৰ (আই এম গনা লাভ মি এগেইন) ৰকেটমেন

৮) শ্ৰেষ্ঠ মৌলিক সংগীতৰ বঁটা- জ'কাৰ ৰ হিলডুৰ গুৱানাডটিৰ।

৯) শ্ৰেষ্ঠ চিত্ৰনাট্য ( অভিযোজনা) বঁটা ( জজ ৰেবিট, টাইকা ৱেইটিটিৰ ৰচনা ।

১০) শ্ৰেষ্ঠ আন্তজাৰ্তিক ছবি - পেৰাছাইট

১১) শ্ৰেষ্ঠ এনিমেটেড ষ্ট'ৰী - টয় ষ্ট'ৰী ফ'ৰ

১২) শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি - হেয়াৰ লাভ

১৩) শ্ৰেষ্ঠ লাইভ এক্সন চুটি ছবি - দ্য নাইবৰ্ছ উইণ্ড

১৪) শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন - বৰাবৰ লিং আৰু নেনচি হেইগৰ 'ৱনচ আপন‌ এ টাইম ইন হলিউড ' ।

১৫) শ্ৰেষ্ঠ সাজসজ্জা ডিজাইন - লিটিল ৱমেনৰ বাবে জেকুইলিন ডুৰাণ ।

১৬) শ্ৰেষ্ঠ ডকুমেণ্টৰী : আমেৰিকান ফেক্টৰী

১৭) শ্ৰেষ্ঠ চুটি ডকুমেণ্টৰী - লাৰ্নিং টু স্কেটব'ৰ্ড ইন এ ৱাৰ জন

১৮) শ্ৰেষ্ঠ চাউণ্ড এডিটিং - ফ'ৰ্ড ভাৰ্চেছ ফেৰাৰী

১৯) শ্ৰেষ্ঠ চাউণ্ড মিক্সিং - ১৯১৭

২০) শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ - ১৯১৭

২১) শ্ৰেষ্ঠ ছবি এডিটিং - ফ'ৰ্ড ভাৰ্চেছ ফেৰাৰী

২২) শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট - ১৯১৭

২৩) শ্ৰেষ্ঠ ৰূপসজ্জা আৰু কেশসজ্জা - ব'মশ্বেল'

অন্য খবৰৰ বাবে পঢ়ক : ২০১৯ বৰ্ষত গুৱাহাটীৰ‌ বিভিন্ন আৰক্ষী চকীত ২,২৬৫ টা ঠগ-প্ৰৱঞ্চক মূলক গোচৰ ৰুজু

ভিডিঅ প্ৰতক্ষ্য কৰক : Swearing in ceremony of State Chief Information Commissioner

Next Story
চাকৰি