২০১৯ বৰ্ষত গুৱাহাটীৰ‌ বিভিন্ন আৰক্ষী চকীত ২,২৬৫ টা ঠগ-প্ৰৱঞ্চক মূলক গোচৰ ৰুজু

 ২০১৯ বৰ্ষত গুৱাহাটীৰ‌ বিভিন্ন আৰক্ষী চকীত ২,২৬৫ টা ঠগ-প্ৰৱঞ্চক মূলক গোচৰ ৰুজু

২০১৯ বৰ্ষত গুৱাহাটীৰ‌ বিভিন্ন আৰক্ষী চকীত ২,২৬৫ টা ঠগ-প্ৰৱঞ্চক মূলক গোচৰ ৰুজু। গুৱাহাটীৰ বিভিন্ন স্থানৰ আৰক্ষী থানাত ৰুজু হোৱা ঠগ প্ৰৱঞ্চক সম্বন্ধীয় গোচৰৰ লেখ সমূহে বিপদৰ সংকেত বৃদ্ধি কৰিছে । ২০১৫ চনত গুৱাহাটী পুলিছ কমিচনাৰেট গঠন হৈছিল । এই কমিচনাৰেটৰ মূল উদ্দেশ্য আছিল মহানগৰীত অপৰাধ মূলক কাম কাজ ৰোধ কৰা। কিন্তু তিনি খন আৰক্ষী জিলা- কেন্দ্ৰীয় আৰক্ষী জিলা, পূৱ আৰক্ষী জিলা আৰু পশ্চিম আৰক্ষী জিলাত বিগত দুটা বৰ্ষত ঠগ প্ৰৱঞ্চণা মূলক গোচৰৰ সংখ্যা বৃদ্ধি পাইছে ।

এই তিনি খন আৰক্ষী জিলাৰ ভিতৰত ২০ খন আৰক্ষী থানা অন্তৰ্ভুক্ত আছে ।

উল্লেখযোগ্য যে এই ২০ খন আৰক্ষী থানাৰ শ ২০১৮ চনত ১৩৩৮ টা গোচৰ ৰুজু হৈছিল আৰু ২০১৯ চনত এই গোচৰৰ সংখ্যা বৃদ্ধি পাই ২,২৬৫ হয়গৈ । ২০১৯ চনত কেন্দ্ৰীয় আৰক্ষী জিলাত ৮৩৮ টা গোচৰ ৰুজু হয়, তদুপৰি আন আৰক্ষী জিলা পশ্চিম আৰক্ষী জিলাত ৩৮৯ টা গোচৰ আৰু পূৱ আৰক্ষী জিলাত ১,০৩৮ টা গোচৰ ৰুজু হয় । পূৱ আৰক্ষী জিলাত সৰ্বাধিক গোচৰ ৰুজু কৰা হৈছিল। তাৰ ভিতৰত দিছপুৰ আৰক্ষী চকী ( ৫১৯ টা গোচৰ ), হাতিগাঁও আৰক্ষী চকীত ( ১৬১ টা গোচৰ ), বশিষ্ঠ আৰক্ষী চকীত ( ১২৯ টা গোচৰ) ,ভাঙাগড় আৰক্ষী চকীত ( ১৩৫ টা গোচৰ ), ক্ষেত্ৰী আৰক্ষী চকীত ( ৩ টা গোচৰ) আৰু সোণাপুৰ আৰক্ষী চকীত ( ৯২ টা গোচৰ) ৰুজু হয় ।

কেন্দ্ৰীয় আৰক্ষী জিলাৰ অধীনত ২০১৯ বৰ্ষত চানমাৰী আৰক্ষী চকীত সৰ্বাধিক ২৬২ টা গোচৰ ৰুজু হয় ।

আন আৰক্ষী চকী সমূহ নুনমাটী আৰক্ষী চকীত ( ৪৭ টা গোচৰ), গীতানগৰ আৰক্ষী চকীত ( ৬৭ টা গোচৰ), প্ৰাগজ্যোতিষপুৰ আৰক্ষী চকীত ( ৯ টা গোচৰ), সাতগাঁও আৰক্ষী চকীত ( ৪৬ টা গোচৰ), পানবজাৰ আৰক্ষী চকীত ( ১৩৫ টা গোচৰ) , পল্টন বজাৰ আৰক্ষী চকীত (১৯৮ টা গোচৰ), লতাশিল আৰক্ষী চকীত ( ৬৯ টা গোচৰ), আৰু অল ৱমেন আৰক্ষী ছকীত ( ৫ টা গোচৰ) ৰুজু হয় ।

পশ্চিম আৰক্ষী জিলাত অন্তৰ্গত ৫ খন আৰক্ষী চকীত ২০১৯ বৰ্ষত সবাতোকৈ অধিক ঠগ প্ৰৱঞ্চণা মূলক গোচৰ ৰুজু হয় । ইয়াৰ ভিতৰত জালুকবাৰী আৰক্ষী চকীত ১২২ টা গোচৰ ৰুজু হয়, ভৰলুমুখ‌ আৰক্ষী চকীত ১১০ টা গোচৰ , গড়চুক আৰক্ষী চকীত ৮২ টা গোচৰ , ফটাশিল আৰক্ষী চকীত ৩৯ টা গোচৰ আৰু আজৰা আৰক্ষী চকীত ৩৬ টা গোচৰ ৰুজু হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Swearing in ceremony of State Chief Information Commissioner

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com