Begin typing your search above and press return to search.

বি টি আৰ শান্তিত থাকিব পাৰিব নেকি যদি অসম অশান্ত হয় : তৰুণ গগৈ‌

বি টি আৰ শান্তিত থাকিব পাৰিব নেকি যদি অসম অশান্ত হয় : তৰুণ গগৈ‌

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 6:10 AM GMT

বি টি আৰ শান্তিত থাকিব পাৰিব নেকি যদি অসম অশান্ত হয় : তৰুণ গগৈ‌। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেন্দ্ৰৰ অধীনস্থ বিজেপি চৰকাৰক প্ৰশ্ন কৰে যে যদি সমগ্ৰ অসমত অশান্তি হয় তেন্তে বি টি আৰ কেনেদৰে শান্তিত থাকিব পাৰে।

শনিবাৰে গুৱাহাটী অৱস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত হোৱা এক সংবাদ মেলত এই কথা ব্যক্ত কৰে গগৈয়ে ।‌ তেওঁ কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ ফলত বড়োলেণ্ডত শান্তি স্থাপন হ'ব । ইয়াৰ অৰ্থ এয়ে যে বড়োলেণ্ড আগতে শান্তিপূৰ্ণ অঞ্চল নাছিল । বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই কথাত গুৰুত্ব দিব লাগে যে তেওঁৰ শাসন কালৰ সময়ত বি টি এ ডিত শান্তি আৰু বিকাশ হোৱা নাই ।‌

বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে বড়ো সকলে বিগত চাৰি বছৰত যি লাভ কৰিছে সেয়া কংগ্ৰেছৰ ১৫ বছৰৰ শাসনকালত লাভ কৰা সুবিধাতকৈ বহুত বেছি। হাগ্ৰামা মহিলাৰীৰ এই কথাটোক কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে হাগ্ৰামা মহিলাৰী‌ বিজেপিৰ সহযোগী হিচাপে তেওঁ কয় যে যিয়ে ক্ষমতাত থাকে তেওঁ সেই সকলৰ লগতে থাকিব । কোনোৱে ভৱিষ্যত‌ৱাণী কৰিব নোৱাৰে যে তেওঁ কাইলৈ কাৰ প্ৰিয় হ'ব । আমি বড়ো শান্তি চুক্তিক লৈ আনন্দিত । কিন্তু বি টি আৰৰ অধিকাংশ লোক এই চুক্তিক লৈ সন্তুষ্ট নহয়। তেওঁলোকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক স্মাৰক পত্ৰ জ্ঞাপন কৰি বড়ো শান্তি চুক্তিৰ সমীক্ষা বিচাৰিছে। কেৱল কথাৰে অসমত শান্তি আনিব নোৱাৰে । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ ফলতহে অসমত শান্তি আহিব ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বক্তব্যৰ ওপৰত তৰুণ গগৈয়ে কয় যে তেওঁ অসমক লৈ দায়বদ্ধ নহয় । নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা তেওঁ অসমত অশান্তিৰ সৃষ্টি কৰিছে।‌

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে '' নৰেন্দ্ৰ মোদীৰ শাসন কালত আমি কি পাইছো ? তেওঁ এইচ পি চি মিল বন্ধ কৰিলে । এয়া মিছা কথা যে বিগত তিনি বছৰত কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলত ৩ লাখ কোটি টকা দিছে । এই ক্ষেত্ৰলৈ মূঠ ৰাশি আছিল ২,৬৩,৫৯৬ কোটি টকা। তাৰ ভিতৰত কেৱল ২,৩০,৬৪৬ কোটি টকাহে জাৰি কৰা হৈছিল। মোৰ সন্দেহ হৈছে যে তেওঁ কোকৰাঝাৰক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব নে নাই " ।

অন্য খবৰৰ বাবে পঢ়ক : উত্তৰ পূৰ্বাঞ্চল‌ এতিয়া আৰু অৱহেলিত অঞ্চল হৈ নাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU takes out torch rally against CAA 2019 in Guwahati

Next Story
চাকৰি