Begin typing your search above and press return to search.

উত্তৰ পূৰ্বাঞ্চল‌ এতিয়া আৰু অৱহেলিত অঞ্চল হৈ নাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উত্তৰ পূৰ্বাঞ্চল‌ এতিয়া আৰু অৱহেলিত অঞ্চল হৈ নাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 6:31 AM GMT

উত্তৰ পূৰ্বাঞ্চল‌ এতিয়া আৰু অৱহেলিত অঞ্চল হৈ নাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে লোকসভাত কয় যে উত্তৰ পূৰ্বাঞ্চলৰ কেতিয়াও আৰু উপেক্ষিত অঞ্চল হৈ নাথাকে ।

লোকসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এতিয়া নাভাৱে যে দিল্লী অতি দূৰ ঠাই। এতিয়া চৰকাৰ তেওঁলোকৰ দুৱাৰত আছে । আমাৰ মন্ত্ৰী আৰু অধিকাৰী সকলে নিয়মিতভাৱে এই ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰি আছে ।

লোকসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে । চৰকাৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন উন্নয়ন মূলক কাম কৰিছে আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চল দেশৰ প্ৰমুখ বিকাশৰ ইঞ্জিন হয় ।

কিছুদিন পূৰ্বে স্বাক্ষাৰিত হোৱা বড়ো শান্তি চুক্তিৰ কথা উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বহু দশক পুৰণি সংকটৰ নিবাৰণ কৰিবলৈ সকলো হিতাধিকাৰীক একলগত আনিবলৈ প্ৰয়াস কৰা হৈছিল।

তেওঁ কয় যে এই সমস্যাটোক লৈ বহু লোকৰ মৃত্যু ও হৈছিল । অৱশেষত সকলো হিতাধিকাৰী একত্ৰিত হয় আৰু এতিয়া এই চুক্তি খনে স্পষ্ট কৰে যে ইয়াত এতিয়া কোনো ধৰণৰ সমস্যা নাই ।

উত্তৰ পূৱৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত কয় যে ব্ৰু শৰণাৰ্থী সকলৰ দুৰ্দশা অতি কৰুণ আছিল । তাৰ পিছতেই তেওঁ কংগ্ৰেছ আৰু আন বাওঁ পন্থী দল সমূহক কটাক্ষ কৰি কয় যে ইমান দশক ধৰি তাত শাসন কৰি থকা কোনো দলে ত্ৰিপুৰাৰ সেই সমস্যা সমূহ সমাধান কৰাৰ চেষ্টা কৰা নাছিল । এয়া কেৱল আমাৰ চৰকাৰে কৰিছে যাৰ ফলত এটা ডাঙৰ সমস্যাৰ সমাধান হৈছে ।

উল্লেখযোগ্য যে আজি অৰ্থাৎ ৭ ফেব্ৰুৱাৰী তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব । বড়ো ভুমি কোকৰাঝাৰ জাংখ্ৰিথাই ফৌথাৰত আজি উপস্থিত হব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱা ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিওটা গোটৰ , ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত তৃতীয় খন বড়ো চুক্তি স্বাক্ষৰ হৈ যোৱাৰ পাছত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কোকৰাঝাৰলৈ ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ১৩.৩০ বজাত উপস্থিত হ'ব কোকৰাঝাৰত । তৃতীয় বড়ো শান্তি চুক্তিৰ আদৰণি উৎসৱত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতা–সদস্য, এবছু নেতৃত্বৰ লগতে ৫ লক্ষাধিক লোক।

অন্য খবৰৰ বাবে পঢ়ক : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত কেন্দ্ৰৰ অনুমোদন ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক : Woman set on fire by in-laws in Katigara under Cachar, Rescued after one month

Next Story
চাকৰি