Begin typing your search above and press return to search.

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত কেন্দ্ৰৰ অনুমোদন ঘোষণা

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত কেন্দ্ৰৰ অনুমোদন ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 8:18 AM GMT

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত কেন্দ্ৰৰ অনুমোদন ঘোষণা। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে লোকসভাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনত অনুমোদন ঘোষণা কৰে। ৰাম মন্দিৰ নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত সকলো দিশ চোৱা চিতা কৰিব লগীয়া এই ন্যাসটোৰ নাম হ'ব ' শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ' ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ৯ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদমান ভূমিত ন্যাসৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠন কৰা হ'ব । তদুপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই ন্যাসৰ স্বতন্ত্ৰ সিদ্ধান্ত থাকিব আৰু ন্যাসে ৰাম মন্দিৰ আৰু আন সমস্যা সমাধানৰ বাবে সিদ্ধান্ত স্বতন্ত্ৰভাৱে ভাৱে ল'ব পাৰিব । ন্যাসে যিকোনো সিদ্ধান্ত ল'ব পাৰিব ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৬৭.৭০৩ একৰ ভূমিৰ ঘোষনা কৰে আৰু ন্যাসক প্ৰদান কৰা হ'ব ।

তেওঁ কয় যে ৰামৰ জন্মস্থলীত মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈছে।

লোকসভাত উপস্থিত থকা প্ৰতি গৰাকী সদস্যক এই ঐতিহাসিক ক্ষণত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সহায় কৰিবলৈ আহ্বান জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাম জন্মভূমি সম্পৰ্কত যি ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল সেয়া দেশৱাসীৰ লগত ব্যক্ত কৰিব পাই তেওঁ অত্যন্ত সুখী ।

অন্য খবৰৰ বাবে পঢ়ক : গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম বাৰ্ষিক সন্মিলনৰ আৰাম্ভণী

ভিডিঅ প্ৰতক্ষ্য কৰক : Woman set on fire by in-laws in Katigara under Cachar, Rescued after one month

Next Story
চাকৰি