Begin typing your search above and press return to search.

গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম বাৰ্ষিক সন্মিলনৰ আৰাম্ভণী

গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম বাৰ্ষিক সন্মিলনৰ আৰাম্ভণী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 8:08 AM GMT

গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম বাৰ্ষিক সন্মিলনৰ আৰাম্ভণী । ৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা বোকাখাটৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক সন্মিলন ।কমাৰগাঁও দিহিঙ্গীয়া মহুৰা পথাৰত হোৱা এই অধিবেশনত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম পৰিলক্ষিত হয়। এই অধিৱেশন ৮ ফেব্ৰুৱাৰী তাৰিখলৈ চলিব ।

কাজিৰঙা সমন্বয় ক্ষেত্ৰত এতিয়া উৎসৱমুখৰ পৰিবেশ। চাৰি দিন ধৰি চলিব লগীয়া এই অধিবেশনত বিভিন্ন সাহিত্য, সাংস্কৃতিক প্ৰতিযোগিতা, অংকীয়া ভাওনা, ধৰ্মীয় আৰু সংস্কৃতিক বিষয়ৰ ওপৰত আলোচনা হ'ব । আয়োজক সকলে আশা কৰিছে যে এই চাৰিদিনত প্ৰায় ৩০ লাখ ভক্তৰ সমাগম ঘটিব এই অধিৱেশনত ।

এই অধিৱেশন প্ৰায় ১,৭১৮ বিঘা ঠাই আগুৰি আছে আৰু ভক্ত সকলৰ বাবে ২১৫ টা শিবিৰ নিৰ্মাণ কৰা হৈছে লগতে ১০,০০০ ভকতৰ বাবে আপ্যায়নৰ বাবে সাজু কৰি লোৱা হৈছে ভোজানালয় । বিশাল আকাৰৰ এই ভোজনালয়টোত প্ৰায় ৩০০ জোৰা ডেক্স-বেঞ্চৰ ব্যৱস্থা কৰাৰ লগতে ৰন্ধনশালাত প্ৰায় ৩০০ চৌকাত ৬০০ৰো অধিক ৰন্ধনকৰ্মী ব্যস্ত থাকিব অহৰ্নিশে ৷অধিবেশনৰ কেন্দ্ৰীয় ভঁৰালত বিভিন্ন ঠাইৰ পৰা অহা সামগ্ৰী সমুহ মজুত কৰা হৈছে ৷ ভকত-বৈষ্ণৱক আপ্যায়ন কৰিবৰ বাবে ৪০০ কুইণ্টল চাউল,১৫০ টিন মিঠাতেল,দাইল ১৫০ কুইণ্টল,আলু ৩০০ কুইণ্টল আদিৰ লগতে সকলো প্ৰয়োজনীয় সামগ্ৰী কেন্দ্ৰীয় ভঁৰালত মজুত কৰিছে ৷

অধিৱেশনৰ প্ৰথম দিনা খন বিভিন্নটা শিবিৰ, নাটঘৰ , নামঘৰ উদ্ঘাটন কৰা হয় লগতে গ্ৰন্থ উন্মোচন কাৰ্যসূচী ও অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে ১৪ খন গ্ৰন্থ উন্মোচন কৰা হয়।

অধিৱেশনৰ দ্বিতীয় দিনা খন জিলা সমিতিৰ বৈঠক হ'ব তাৰ পিছতেই প্ৰতিনিধি সকলৰ বৈঠক হ'ব । অধিৱেশনৰ দ্বিতীয় দিনা খন সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

অধিৱেশনৰ তৃতীয় দিনা খন ভাগৱত ব্ৰাহ্মণ আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ । এই সভাত সভাপতিত্ব কৰিব শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

উল্লেখযোগ্য যে এই অধিৱেশনত আজি অৰ্থাৎ ৬ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখী , বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব ।

তদুপৰি এই অধিৱেশনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি ৰখা হৈছে । নিৰাপত্তা ব্যৱস্থা কটকটীয়া ৰখাৰ উদ্দেশ্যে ড্ৰ'ণ , স্নিফয ডগৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমৰ জনসাধাৰণৰ আদালতত কা- প্ৰত্যাখ্যান হৈছে: সমুজ্জ্বল ভট্টাচাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক : CM Sonowal and Cabinet Minister Himanta Biswa Sarma reviews preparations ahead PM Modi’s visit

Next Story
চাকৰি