Begin typing your search above and press return to search.

অসমৰ জনসাধাৰণৰ আদালতত কা- প্ৰত্যাখ্যান হৈছে: সমুজ্জ্বল ভট্টাচাৰ্য

অসমৰ জনসাধাৰণৰ আদালতত কা- প্ৰত্যাখ্যান হৈছে: সমুজ্জ্বল ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 6:15 AM GMT

অসমৰ জনসাধাৰণৰ আদালতত কা- প্ৰত্যাখ্যান হৈছে: সমুজ্জ্বল ভট্টাচাৰ্য। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে সদনত কেন্দ্ৰই অৰ্থাৎ বিজেপি শাসিত চৰকাৰ খনে নিজৰ শক্তি প্ৰয়োগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খন আইনলৈ পৰিবৰ্তিত কৰিছে কিন্তু অসমৰ জনসাধাৰণৰ আদালতত ইয়াত প্ৰত্যাখ্যান কৰা হৈছে ।

বুধবাৰে কামৰূপ জিলাৰ মিৰ্জাৰ ওচৰৰ আমৰংগা বৰিহাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা ''গণ হুংকাৰ'' প্ৰতিবাদী কাৰ্যসূচীত এই কথা ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

তেওঁ কয় যে , " চৰকাৰে কৈছে যে ৫ লাখতকৈ এজনো বেছি বাংলাদেশীয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভ কৰিব নোৱাৰিব । চৰকাৰে কিয় ৫ লাখ বাংলাদেশীৰ কথা কৈছে । আমি আনকি এজনো বাংলাদেশী গ্ৰহন কৰিবলৈ সাজু নহয় যি সকলে ১৯৫১-১৯৭১ ত অসমত প্ৰৱেশ কৰিছে " ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে পৰিবৰ্তনৰ কথা কৈছিল । কিন্তু ক্ষমতাত অহাৰ পিছৰ পৰাই তেওঁলোকে অসমৰ জনসাধাৰণৰ লগত বিশ্বাসঘাটকতা কৰিলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অভিনেত্ৰী বৰষা ৰাণী বিষয়া ও অংশগ্ৰহণ কৰি । এই গণ হুংকাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে বাংলাদেশী সকলৰ ভোট বেংকৰ বাবে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিব বিচাৰিছে ।

এই গণ হুংকাৰ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও সহযোগ কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন‌ বাতিল কৰা নহয় তেতিয়ালৈকে এই আন্দোলন চলি থাকিব ।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হোৱা এই গণ হুংকাৰ প্ৰতিবাদী কাৰ্যসূচীয়ে প্ৰতিবাদ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন‌ প্ৰযোজ্য হোৱাৰ পিছতো দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন‌ বিৰোধী প্ৰতিবাদ। শিল্পী সমাজ, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী সকলোৱে বিৰোধিতা কৰি আহিছে নাগৰিকত্ব সংশোধনী আইনৰ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখৰ আগলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰা হিন্দু ,শিখ, জৈন ,পাৰ্চী ,খ্ৰীষ্টানলোক সকলক নাগৰিকত্ব প্ৰদান কৰা হব।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যপাল জগদীশ মুখীয়ে সাহিত্য সমৃদ্ধিশালী কৰি তুলিবলৈ অসম সাহিত্য সভাৰ প্ৰশংসা কৰে

ভিডিঅ প্ৰতক্ষ্য কৰক : CM Sonowal and Cabinet Minister Himanta Biswa Sarma reviews preparations ahead PM Modi’s visit

Next Story
চাকৰি