Begin typing your search above and press return to search.

ৰাজ্যপাল জগদীশ মুখীয়ে সাহিত্য সমৃদ্ধিশালী কৰি তুলিবলৈ অসম সাহিত্য সভাৰ প্ৰশংসা কৰে

ৰাজ্যপাল জগদীশ মুখীয়ে সাহিত্য সমৃদ্ধিশালী কৰি তুলিবলৈ অসম সাহিত্য সভাৰ প্ৰশংসা কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Feb 2020 7:25 AM GMT

ৰাজ্যপাল জগদীশ মুখীয়ে সাহিত্য সমৃদ্ধিশালী কৰি তুলিবলৈ অসম সাহিত্য সভাৰ প্ৰশংসা কৰে।‌ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰে যে অসমীয়া ভাষা প্ৰচাৰৰ পথত অহা সকলো প্ৰত্যাহ্বানক ব্যৰ্থ কৰাৰ বাবে সাহিত্য সভাই ভাল কাম কৰি আহিছে আৰু সাহিত্য সংস্থা হিচাপে সংস্থাপন লাভ কৰাৰ পৰাই অসমীয়া ভাষাৰ বিস্তাৰ তথা সমৃদ্ধি দৃঢ় হৈছে ।

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশনৰ দ্বিতীয় মুকলি অধিৱেশনত সোমবাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখী । এই অধিৱেশনত উপস্থিত থাকি জগদীশ মুখীয়ে কয় যে বিশ্বত অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক সুকীয়া স্থান আছে । আহোম সাম্ৰাজ্যৰ দিনৰ পৰাই অসমীয়া সাহিত্যই এক উৰ্দ্ধমুখী যাত্ৰা আৰম্ভ কৰিছে । তদুপৰি শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ যি কৃতি সেয়া পৰৱৰ্তী সময়ত শিল্পী সকলে আগবঢ়াই নিছে। পূৰ্বৰ পৰাই বহু সাহিত্যিকে সাহিত্য সমৃদ্ধিশালী বনাবলৈ যোগদান দী আহিছে । এই সন্দৰ্ভত অসম সাহিত্য সভাই এক উল্লেখনীয় কাম কৰি আছে"।

লগতে ৰাজ্যপাল গৰাকীয়ে কয় যে ," ভাষা মাত্ৰ যোগাযোগৰ মাধ্যম নহয় ,বহু ক্ষেত্ৰত ই আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত বিয়পি পৰে। এয়া ব্যক্তিৰ অন্তৰ্নিহিত যি মাতৃভাষাৰ সৈতে এক বিশেষ বন্ধন আছে "।

জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা উল্লেখ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে মাতৃভাষাক সৰ্বোত্ৰ ক্ষেত্ৰত ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে অসম সাহিত্য সভাই বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰিব লাগিব। মাতৃভাষা সদায়‌ এক ব্যতিক্ৰমী উপায়েৰে এজনৰ অনুভূতি তথা আৱেগ প্ৰকাশ কৰাৰ প্ৰয়োজন। তেওঁ কয় যে অসম সাহিত্য সভাৰ মূলমন্ত্ৰ ' চিৰ চেনেহী মোৰ ভাষা জননী' লৈ সাহিত্য সভা গঠন হৈছে ।

ইয়াৰ পূৰ্বে ৰাজ্যপাল জগদীশ মুখীক ফুলাম গামোচা, জাপি , স্মৃতিচিহ্ন, কিতাপৰ টোপোলাৰে সম্বোৰ্ধনা জ্ঞাপন কৰা হয় ।

এই অধিবেশনতে সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰসিদ্ধ মাৰাঠী সাহিত্যিক বিশ্বাস পাটিলক ড° ইন্দিৰা গোস্বামী আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰা হয় । বঁটা গ্ৰহন কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে যথেষ্ট সুখ অনুভৱ কৰে ।

এই দিনটোৰ কাৰ্যসূচী কৃষ্ণ দাসৰ স্মৃতিত কবি বৈঠকৰ দ্বাৰা আৰম্ভ হয় ।

তদুপৰি অসম সাহিত্য সভাৰ এই অধিবেশনত বিভিন্ন গ্ৰন্থমেলা ,প্ৰদৰ্শনী আদি দেখা যায় । গ্ৰন্থমেলা , বানিজ্যমেলা, প্ৰদৰ্শনী আদিত বহু জনগণৰ ভিৰ পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হোৱা অসম সাহিত্য সভাৰ আজি সামৰণি পৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰে সত্ৰভূমিৰ যৌথ জৰীপৰ ক্ষেত্রেত বৰ্তমান পযর্ন্ত লোৱা নাই কোনো পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক : NSUI unit in Guwahati demands immediate release of Youth Congress leaders

Next Story
চাকৰি