চৰকাৰে সত্ৰভূমিৰ যৌথ জৰীপৰ ক্ষেত্রেত বৰ্তমান পযর্ন্ত লোৱা নাই কোনো পদক্ষেপ

চৰকাৰে সত্ৰভূমিৰ যৌথ জৰীপৰ  ক্ষেত্রেত বৰ্তমান পযর্ন্ত লোৱা নাই কোনো পদক্ষেপ

চৰকাৰে সত্ৰভূমিৰ যৌথ জৰীপৰ ক্ষেত্রে ত বৰ্তমান পযর্ন্ত লোৱা নাই কোনো পদক্ষেপ। ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত দিশপুৰত এক বৈঠকত বিজেপি মিত্ৰজোঁট চৰকাৰে সত্ৰ ভূমি সংৰক্ষণৰ ক্ষেত্রত কিছু পদক্ষেপ গ্ৰহণ কৰিছিল। সত্ৰসমূহক প্ৰায়বোৰ সত্ৰৰ মাটি বেদেখলৰ কবলত আছে। সেই মাটি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে বৈঠকত ৰাজ্যৰ ৰাজহ বিভাগ আৰু অসম সত্ৰ মহাসভাক সত্ৰসমূহৰ অধিগ্ৰহণৰ তথ্য একত্ৰিত কৰিবলৈ সংযুক্ত সমীক্ষাৰ বাবে প্ৰতিশ্ৰুতি কৰিছিল। চৰকাৰৰ কাৰ্যকাল অন্ত পৰিবলৈ এবছৰ থকাৰ চত্তেও সংযুক্ত সমীক্ষাৰ প্ৰতিশ্ৰুতিৰ কাৰ্য্যকৰী হোৱা দেখা নগল। অসম চৰকাৰ ৰ এই অৱহেলাৰ বাবে অসম সত্ৰ মহাসভাই অসন্তোষ প্রকাশ কৰিছে।দ্য চেন্টিনেলৰ সন্মুখত অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে তেওঁ লোকে অসম চৰকাৰৰ সত্ৰসমূহৰ যুটীয়া সমীক্ষাৰ পদক্ষেপৰ কাৰ্যকৰী ওপৰত আশা কৰিছিল। কিন্তু অসম চৰকাৰে বৰ্তমান পযর্ন্ত ইয়াৰ কাৰ্যকৰী নোহোৱাত নিৰাশ হৈছে।

ৰাজ্যত সত্ৰসমূহৰ ভূমি সংৰক্ষণ আৰু সত্ৰৰ অতিৰিক্ত ভূমিসমূহৰ ভূমি নীৰিক্ষণৰ কৰাটো প্ৰয়োজন। অসম সত্ৰ মহাসভাই চৰকাৰৰ এই পদক্ষেপৰ পিছতেই প্ৰাক্তন দুযোর্গ বৱস্থাপনা আৰু ৰাজহমন্ত্ৰী পল্লৱ লোচন দাসৰ সৈতে আলোচনাত মিলিত হৈছিল। ছমাহ পূর্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি তেওঁলোকে সত্ৰভূমিৰ সংযুক্ত সমীক্ষাৰ এই বিষয়টিৰ উত্থাপন কৰে। তেখেতে প্ৰস্তাৱটো গ্ৰহণ কৰি কয় যে চৰকাৰ আৰু অসম সত্ৰ মহাসভাৰ সদস্যৰ ওপৰিও পূৰাত্ববিদ আৰু শিক্ষাবিদ সকলেও সত্ৰ সংযুক্ত সমীক্ষাৰ ক্ষেত্রেত যোগদান কৰিব পাৰিব। কিছু দিন পূর্বে ৰাজ্যিক পূৰাত্ববিদ বিভাগৰ সঞ্চালকালয়ৰ পৰা অসম সত্ৰ মহাসভাই প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত উল্লেখিত অনুসৰি পূৰাত্ববিদ বিভাগৰ সঞ্চালকালয়ে যৌথ জৰীপৰ বাবে জিলা উপায়ুক্ত ক দায়িত্ব দিয়ে। পূৰাত্ববিদ বিভাগে জিলা উপায়ুক্তক দিয়া জৰীপৰ প্ৰস্তাৱত অসম সত্ৰ মহাসভাই অসন্তোষ প্ৰকাশ কৰে।

অসম সত্ৰ মহাসভাই কয় যে জিলা উপায়ুক্তক প্ৰদান কৰা এই জৰীপৰ দায়িত্ব ত তেওঁলোকে নিজ বিষয়ববীয়া সকলক নিয়োগ কৰিব যাৰ ফলত এই জৰীপ একপক্ষীয়া ভাৱে সম্পন্ন হব। এই একপক্ষীয়া জৰীপক অসম সত্ৰ মহাসভাই প্ৰস্তাৱ নাকচ । অসম সত্ৰ মহাসভাই সত্ৰ ভূমিৰ সংযুক্ত সমীক্ষা যৌথ জৰীপৰ জৰিয়তে হে এই তদন্ত সম্পূর্ণ হৈ উঠিব বুলি কয়।

সত্ৰ ভূমি মুঠ ভূমি হিচাপৰ ক্ষেত্রেত মহন্তই কয় যে ১২৪২ খন সত্ৰ অসমত আছে। তথ্য অনুসৰি ৬৫৫০ বীঘা সত্ৰৰ মাটি অবৈধ ভাবে ব্যবহাৰ হৈ আছে। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাজ্যৰ বিধান সভা অধিৱেশনত অৱগত কৰোৱা হৈছে যে ২৩১ বীঘা আৰু ৪কথা সত্ৰ ভূমি অবৈধ ভাবে ৰাজ্যত ব্যৱহাৰ হৈ আছে। অসম সত্ৰ মহাসভাই চৰকাৰে যাতে কাৰ্যকালৰ দিন উকলাল আগতেই যাতে সত্ৰ তথা সত্ৰ ভূমি সংৰক্ষণৰ ওপৰত নজৰ দিয়ে।

ভিডিঅ প্ৰতক্ষ্য কৰক : NSUI unit in Guwahati demands immediate release of Youth Congress leaders

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com