Begin typing your search above and press return to search.

 কেন্দ্ৰই আলফা (স্বাধীন) ল লগত মৰ্য্যদা সহকাৰে আলোচনা কৰিব লাগে : আছু

 কেন্দ্ৰই আলফা (স্বাধীন) ল লগত মৰ্য্যদা সহকাৰে আলোচনা কৰিব লাগে : আছু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 7:27 AM GMT

কেন্দ্ৰই আলফা (স্বাধীন) ল লগত মৰ্য্যদা সহকাৰে আলোচনা কৰিব লাগে : আছু । সদৌ অসম ছাত্ৰ সন্থাই কয় যে, কেন্দ্ৰই মৰ্যদা সহকাৰে সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনৰ লগত ৰাজনৈতিক আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হোৱাতো বিচাৰে ।

এই সন্দৰ্ভত সদৌ‌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে" সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে আলোচনাৰ সমস্যাকো চলি থকা বন্ধ হোৱাৰ লেখীয়া ‌,‌কিন্তু ই বাস্তবায়িত হোৱা নাই। আলফা (স্বাধীন)ৰ‌ লগত আলোচনা কেৱল উদ্দেশ্য নহয়, এই আলোচনা মৰ্যদা সহকাৰে ৰাজনৈতিক আৰু অৰ্থবহ হোৱা উচিত । আমি শান্তি বিচাৰো, কেন্দ্ৰই আলফা (স্বাধীন) ৰ লগত আলোচনা অৰ্থাৎ সমস্যাটো সমাধানৰ বাবে তৎপৰতা দেখাব লাগে "।

ইতিমধ্যে কিছুদিন পূৰ্বে বাতৰি প্ৰকাশ পাইছিল যে আলফা (স্বাধীন) য়ে অতি শীঘ্ৰেই কেন্দ্ৰৰ লগত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

আলফা (স্বাধীন)ৰ এই ব্যক্তব্য পিছত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৭ ফেব্ৰুৱাৰী তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত ৰাজ্য চৰকাৰে আলফা(স্বাধীন) ৰ লগত শান্তি আলোচনাৰ বিষয়ে অৱগত কৰাব ।‌

উল্লেখযোগ্য যে, উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথম ভাগত ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা কেডাৰে অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিছিল । তাৰ পিছতেই ৩০ জানুৱাৰী তাৰিখে এন‌ ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ নেতা কেডাৰৰ অস্ত্ৰ সম্বৰণে কৰে । ইয়াৰ বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলায় অশান্ত পৰিৱেশৰ ওৰ পেলাব বুলি আশা কৰা হৈছে। এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ মঞ্চৰ পৰাই বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন) আৰু পৰেশ বৰুৱাক অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এক মুকলি শান্তি আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছিল। গতিকে আলফা (স্বাধীন) আৰু কেন্দ্ৰৰ মাজত শান্তি আলোচনা সম্ভৱ হ'লে অসমৰো দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলি আশা কৰা যাব ।

অন্য খবৰৰ বাবে পঢ়ক : অসম সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰা: উখল মাখল শুৱালকুছি

ভিডিঅ প্ৰতক্ষ্য কৰক : NSUI unit in Guwahati demands immediate release of Youth Congress leaders

Next Story
চাকৰি