মনোৰঞ্জন

কছোটি জিন্দেগী কী জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰা বিদায় ললে মিষ্টাৰ বাজাজে

Sentinel Digital Desk

কছোটি জিন্দেগী কী জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰা বিদায় ললে মিষ্টাৰ বাজাজে । ষ্টাৰ প্লাছৰ এখন‌ জনপ্ৰিয় ধাৰাবাহিক " কছোটি জিন্দেগী কী " । জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰা বিদায় ললে কৰন সিং গ্ৰোবৰে । কৰন সিং গ্ৰোভৰ এতিয়া আহি আছে চৰ্চাত । কৰন সিং গ্ৰোভৰে ধাৰাবাহিক খনত ৰিসভ বাজাজৰ ভূমিকাত অভিনয় কৰিছিল । মিষ্টাৰ বাজাজে জুন মাহৰ পৰা মুখ্য চৰিত্ৰ অনুৰাগ আৰু প্ৰেৰনাৰ মাজত দূৰত্বৰ সৃষ্টি কৰিছিল । যি নহওক মিষ্টাৰ বাজাজৰ অভিনয়ৰে তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সুযোগ লাভ কৰিছিল ।

সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে , বহু প্ৰচাৰৰ পিছতো মিষ্টাৰ বাজাজ চৰিত্ৰটোৱে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰাত অসমৰ্থ হৈছে । জানিব পৰা মতে বহু দৰ্শকৰ বাবে কেৱল‌ অনুৰাগ প্ৰেৰনাৰ প্ৰেম‌ বেছি প্ৰিয় । দৰ্শকে অনুৰাগ প্ৰেৰনাৰ প্ৰেম বেছি উপভোগ কৰে । লগতে ধাৰাবাহিক নিৰ্মাতাই ও তেওঁলোকৰ ওপৰত বেছি গুৰুত্ব দিয়ে । এই কথাত কৰন সুখী নহয় আৰু তেওঁৰ চৰিত্ৰটো ৰূপায়ণৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে । এই কথা খিনিযে ধাৰাবাহিক নিৰ্মাতা জনৰ লগত আলোচনা কৰাৰ পিছত মিষ্টাৰ বাজাজ চৰিত্ৰটোৰ সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

কৰন সিং গ্ৰোভৰে ছোছিয়েল মিডিয়াত তেওঁৰ সহ শিল্পী আৰু একতা কাপুৰক ধন্যবাদ জ্ঞাপন কৰি পোষ্ট কৰে । কৰনে তেওঁৰ পোষ্টত লিখে যে , " সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমান ধুনীয়া সময় আৰু আশ্বৰ্যজনক বিদায় সভাৰ বাবে । সকলোৰে লগত কাম কৰি অতি সুখী । ধন্যবাদ " ।

video sources : internet

https://www.instagram.com/p/B3suKrTFm2c/?utm_source=ig_embed

ৰিসভ বাজাজৰ ভূমিকা প্ৰথমতে পালন কৰিছিল ৰোনিত বচ ৰয়ে । সেই চৰিত্ৰ জনে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ লগতে তেওঁ নিজৰ জীৱনৰ এক নতুন পথৰ সূচনা কৰিছিল ।

লগতে আন এক গুৰুত্বপূৰ্ণ খবৰ যে মিষ্টাৰ বাজাজৰ বিদায়ৰ লগে লগে " কছোটি জিন্দেগী কী " জনপ্ৰিয় ধাৰাবাহিক খনত প্ৰৱেশ হ'ব জনপ্ৰিয় চৰিত্ৰ কমোলিকাৰ ।‌ এই সময়ছোৱাত মিষ্টাৰ বাজাজ আৰু তেওঁৰ পৰিয়ালক দেখা নাযাব । প্ৰথমতে এই কমোলিকা চৰিত্ৰটোৰ ৰূপত হীনা খানক দেখা গৈছিল । কিন্তু হীনা খানৰ আহিব লগীয়া ছবিৰ বাবে কমোলিকা চৰিত্ৰটোৰ পৰা বিদায় লৈছিল হীনা খানে । জানিব পৰা মতে আমনা ছাৰিফে কমোলিকা চৰিত্ৰটোত অভিনয় কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction