মনোৰঞ্জন

পতি পত্নী আৰু ৱ' ছবিৰ দৃশ্যগ্ৰহণৰ কাৰণে সাজু হৈছে কলা কুশলীসকল

Sentinel Digital Desk

কাৰ্তিক আয়ান,অন্যন্যা পাণ্ডে আৰু ভূমি পাডনেকাৰ সাজু হৈছে পতি,পত্নী অ’ৰ ৱ' ছবিখনৰ দৃশ্যগ্ৰহণৰ কাৰণে ৷ ছবিখনৰ দৃশ্য গ্ৰহণৰ কাৰণে ১০ আৰু ১১ তাৰিখে কলা কুশলীসকল লক্ষ্ণৌলৈ দুমাহৰ কাৰণে যাত্ৰা কৰিব ৷

সত্তৰ দশকত মুক্তি লাভ কৰা বলীউডৰ ছবি পতি পত্নী আৰু ৱ’ৰ পুনৰ নিৰ্মান হ’ব ৷সত্তৰ দশকৰ পতি পত্নী আৰু ৱ’ ছবিখনত সঞ্জীৱ কুমাৰ,ৰঞ্জীতা কৌৰ আৰু বিদ্যা সিন্হাই অভিনয় কৰিছিল ৷এক বিশেষ সূত্ৰ মন্তব্য অনুসৰি ছবিখনত অন্যন্যা পাণ্ডেই পতি পত্নী আৰু ৱ ছবিখনৰ ৰঞ্জিতা কৌৰৰ চৰিত্ৰটোত অভিনয় কৰিব পাৰে । ইয়াৰ বিপৰীতে ভূমি পাডনেকাৰে বিদ্যা সিন্হাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে । পুৰণি ছবি খনৰ দৃশ্য গ্ৰহণ হৈছিল মুম্বাইত৷ আনহাতে নতুন পতি পত্নী আৰু ৱ ছবিখনৰ দৃশ্য গ্ৰহণ হ’ব উত্তৰ প্ৰদেশত ৷

ইফালে অভিনেত্ৰী ভূমি পাডনেকাৰে কয় যে নিজৰ জীৱনৰ সৈতে বহুত সাদৃশ্য আছে তেওঁৰ চৰিত্ৰটো ৷কাৰণ ভূমি বহুত প্ৰত্যাহ্বানক অতিক্ৰম কৰিব বিচাৰা যুৱতী ৷লগতে অনুৰাগীসকলে প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ চৰিত্ৰত দেখিবলৈ পাব বুলি মন্তব্য কৰে ভূমি পাডনেকাৰে ।মুদচ্চৰ অজীজৰ দ্বাৰা নিৰ্দেশিত এই ছবিখন মুক্তি পাব ৬ ডিচেম্বৰত ৷

ইফালে কাৰ্তিক আয়ান সম্প্ৰতি ব্যস্ত হৈ আছে লভ আজ কলত ৷সোমবাৰে পৰিচালক ইমতিয়াজ আলীৰ লভ আজ কল ২ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ দৃশ্য গ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছ ৷

ইয়াৰ পিছতেই বলীউডৰ আন এজন অভিনেতা ৰনবীৰ সিং সাৰা আৰু কাৰ্তিক আয়ানক কয় যে পাহৰি নাযাবা সকলোতকৈ প্ৰথমতে কোনে মিলাইছিল ৷ ইফালে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত সাৰা আলি খানে কৈছিল যে কাৰ্তিক আয়ানক ভাল লাগে সাৰাৰ ৷আৰু সেই সময়তে সাৰা আৰু ৰনবীৰ সিঙে চিম্বা ছবিৰ প্ৰম্যোশ্যন কৰি আছিল ৷ ইয়াৰ পিছতেই এটি অনুষ্ঠান ৰনবীৰ সিঙে সাৰা আলি খান আৰু কাৰ্তিক আয়ানক চিনাকি কৰাই দিয়ে৷সদ্যহতে সাৰা আৰু কাৰ্তিক আয়ানে ইমতিয়াজ আলীৰ লভ আজ কল টু দৃশ্য গ্ৰহণ কৰি আছে ৷ ছবিখনৰ দৃশ্য গ্ৰহণ দিল্লী,উদয়পুৰ,মুম্বাই আৰু হিমাচল প্ৰদেশত কৰা হৈছে ৷