মনোৰঞ্জন

চকু টিপেৰে দৰ্শকৰ হৃদয় জয় কৰা প্ৰিয়া প্ৰকাশৰ আহি আছে নতুন ছবি

Sentinel Digital Desk

চকু টিপেৰে দৰ্শকৰ হৃদয় জয় কৰা প্ৰিয়া প্ৰকাশৰ আহি আছে নতুন ছবি । আপোনাৰ মনত আছেনে প্ৰিয়া প্ৰকাশক ? চকু টিপেৰে জনতাৰ হৃদয় জয় কৰিছিল প্ৰিয়া প্ৰকাশেৰ । কিন্তু বহু দিনৰ পৰা পোহৰলৈ অহা নাই প্ৰিয়া প্ৰকাশৰ কোনো খবৰ । প্ৰিয়া প্ৰকাশৰ অনুৰাগী সকলে আদিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰিয়া প্ৰকাশক ডাঙৰ পৰ্দাত চাবলৈ । অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আপোনালোকৰ মাজলৈ আহি আছে প্ৰিয়া প্ৰকাশ । অনুৰাগীৰ বাবে প্ৰিয়া প্ৰকাশেৰ লৈ আনিছে এক চাৰপ্ৰাইজ ।

আহি আছে প্ৰিয়া প্ৰকাশৰ নতুন ছবি । চকু টিপেৰে জনপ্ৰিয়তা অৰ্জন কৰা প্ৰিয়া প্ৰকাশে অভিনয় কৰিব 'লাভ হেকাৰ্চ' নামৰ ছবি খনত । বৰ্তমান সময়ত আহিবলগীয়া ছবি লাভ হেকাৰ্চৰ শ্বুটিং চলি আছে । এই ছবি খনৰ শ্বুটিঙৰ কিছু দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে । কম সময়ৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়া প্ৰকাশৰ আহিবলগীয়া ছবি লাভ হেকাৰ্চৰ শ্বুটিঙৰ দৃশ্য।

এই ছবি খনত প্ৰিয়া প্ৰকাশে এগৰাকী চাৰিবাৰ ক্ৰিমিনেলৰ বলি হোৱা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিব । ভাইৰেল হোৱা ছবি খনৰ দৃশ্যত প্ৰিয়াৰ সেউজীয়া ৰঙৰ পোচাক পৰিধান কৰা দেখা যায়। জানিব পৰা মতে ছবি খনৰ শ্বুটিং মুম্বাইত চলি আছে ।

এই ছবিখন এখন ক্ৰাইম থ্ৰীলৰ ছবি আৰু এই ছবি খনত চাইবাৰ ক্ৰাইমৰ বলি হোৱা লোকৰ সমস্যা সম্পৰ্কে দেখুওৱা হৈছে।

লাভ হেকাৰ্চ ছবি খনৰ নিৰ্দেশনা কৰিছে মায়ংক প্ৰকাশ শ্ৰী বাস্তৱে । লগতে এই ছবি খনত প্ৰিয়া প্ৰকাশৰ লগতে মুখ্য অভিনেতাৰ ছবিত অভিনয় কৰিব সিদ্ধাৰ্থ মহাজনে ।

উল্লেখযোগ্য যে প্ৰিয়া প্ৰকাশে‌ তেওঁৰ অভিনয় জগতৰ আৰম্ভণি মালায়লম ছবি 'ওৰু অদাৰ লাভ' ৰ জৰিয়তে কৰিছিল। প্ৰিয়া প্ৰকাশ ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় । প্ৰিয়াৰ ইন্চটাগ্ৰামত প্ৰায় ৭.৪ মিলিয়ন ফলোৱাৰ আছে ।