Begin typing your search above and press return to search.

বিগ বি অমিতাভ বচ্চনৰ আহিবলগীয়া ছবি ঝুণ্ডৰ টিজাৰ মুকলি

বিগ বি অমিতাভ বচ্চনৰ আহিবলগীয়া ছবি ঝুণ্ডৰ টিজাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2020 11:55 AM GMT

বিগ বি অমিতাভ বচ্চনৰ আহিবলগীয়া ছবি ঝুণ্ডৰ টিজাৰ মুকলি । আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি ঝুণ্ড । সোমবাৰে বিগ বি অমিতাভ বচ্চনে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে ছবি খনৰ পোষ্টাৰ শ্বেয়াৰ কৰে । ছবি খৱৰ পোষ্টাৰ বিগ বিয়ে টুইটাৰত প্ৰচাৰ কৰাৰ লগতে তেওঁ লিখিছে যে, " ঝুণ্ড আহি গ'ল আহি গ'ল " । ছবি খনৰ পোষ্টাৰত অভিনেতা গৰাকীক কেমেৰাৰ পিঠি কৰি বহি থকা দেখা গৈছে।

https://twitter.com/SrBachchan/status/1219512272373989376

টুইটাৰত শ্বেয়াৰ কৰা পোষ্টাৰত বিভিন্ন মন্তব্য আগবঢ়াইছে । কিছুমানে লিখিছে যে, ' সুন্দৰ দৃশ্য । আপোনাৰ পৃথক অৱতাৰৰ অপেক্ষা মহাশয় !"

অভিনেতা অমিত সাধেও বিগ বি অমিতাভ বচ্চনক ছবি খনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

ছবিখনৰ ইতিমধ্যে টিজাৰ মুক্তি লাভ কৰিছে । এই ছবি খনত বিগ বি অমিতাভ বচ্চনে এজন অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰিব আৰু ছবি খনত তেওঁ লৰা ছোৱালীক ফুটবল দল তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰেৰিত কৰা দেখা যাব ।

ছবি খনৰ টিজাৰ চাওক :

https://youtu.be/45lj-bGVOHE

ছবি খনৰ টিজাৰত অমিতাভ বচ্চনৰ এটা সংলাপ শুনিবলৈ পোৱা যায়। সংল্পাটোত আছিল যে, " পশুপাল নহয় মহাশয় , দল কওক দল " ।

উল্লেখযোগ্য যে ২০১৬ বৰ্ষত মুক্তি লাভ কৰা মাৰাঠী ছবি 'সৈৰাত' সেই সময়ৰ এখন চুপাৰহিট ছবি আছিল। এই ছবি খনৰ নিৰ্দেশক আছিল নাগৰাজ মঞ্জুল । আহিব লগীয়া ছবি ঝুণ্ডৰ ও নিৰ্দেশনা কৰিব নাগৰাজ মঞ্জুলে । এই ছবি খনৰ প্ৰযোজনা কৰিছে নাগৰাজ মঞ্জুল, কৃষ্ণ কুমাৰ, ভূষন কুমাৰ, সবিতা ৰাজ হিৰেমাঠ আৰু ৰাজ হিৰেমাঠে । লগতে ছবি খনৰ সংগীত পৰিচালনা কৰিছে অজয় অতুল , সচিন্ত পৰম্পৰা আৰু বিশাল মিশ্ৰই ।

জানিব পৰা মতে এই ছবি খনত বিগ বি অমিতাভ বচ্চনৰ নাম বিজয় বৰসে হ'ব । এই ছবি খনৰ কাহিনী 'স্লাম সাকৰ' নামৰ এটা এন জি অ' চলোৱা বিকাশ বৰসেৰ কাহিনীৰ ওপৰত আধাৰিত। ছবি খনৰ টিজাৰৰ লগত ছবি খনৰ মুক্তিৰ তাৰিখো প্ৰকাশ পাইছে । এই ছবি খন ২০২০ চনৰ ৮ মে' তাৰিখে মুক্তি লাভ কৰিব।

অন্য খবৰৰ বাবে পঢ়ক : মানসিক স্বাস্থ্য জনিত ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দীপিকা পাডুকনে লাভ কৰে ক্ৰিষ্টাল বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক : BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি