মনোৰঞ্জন

বলীউডৰ ছবিত ৰাজকুমাৰ ৰাও আৰু আয়ুস্মান খুৰানাঃ উৎসুক অনুৰাগী

Sentinel Digital Desk

বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও আৰু আয়ুস্মান খুৰানাক সম্প্ৰতি দেখিবলৈ পোৱা যাব "শুভ মংগল জ্যাদা সাৱধান" ত ৷বৰেলী কে বৰফী নামৰ ছবি খনৰ পিছত আকৌ দুয়োজন ছুপাৰ ষ্টাৰক একেলগে দেখিবলৈ পাব বুলি ওলোৱা খবৰে উৎসুকতাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত ৷

এক বিশেষ সূত্ৰ মত অনুসৰি ৰাজকুমাৰ ৰাওক এই ছবিখনৰ কাৰণে প্ৰথমতে যোগাযোগ কৰা হৈছিল যদিও ৰাজকুমাৰে ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল ৷যদিও সম্প্ৰতি শুভ মংগল জ্যাদা সাৱধানত অভিনয় কৰিব বুলি তথ্য পোৱা গৈছে ৷ ইফালে ৰাজকুমাৰে ৰাওে দোস্তানা ২ ত অভিনয় কৰিব বুলি তথ্য পোৱা গৈছিল।

দোস্তানা আৰু শুভ মংগল জ্যাদা সাৱধানৰ ছবিৰ কাহিনীৰ মাজত সাদৃশ্য দেখা গৈছিল কাৰণেই ৰাজকুমাৰে এই ছবিখন কৰিবলৈ অসন্মতি প্ৰদান কৰিছিল ৷ শুভ মংগল জ্যাদা সাৱধানৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব ৷ছবি খন নিৰ্মাতা সকলে ভেলেনটাইল দিৱসত মুক্তি দিব ৷

অন্যহাতে দুয়োগৰাকী অভিনেতা ছবিসমূহ যথেষ্ট উল্লেখ্য হিছাপে পৰিগণিত হয় বলীউডত ৷তাৰ ভিতৰত বৰেলী কী বৰফি অন্যতম ৷ ৰাজকুমাৰ ৰাওৰ সম্প্ৰতি আহিবলগীয়া ছবিখন হৈছে জজমেন্টেল হ্যে কিয়া ৷এই ছবি খনত কংগনা ৰানাউটে অভিনয় কৰিছে ৷

প্ৰথমবাৰৰ কাৰণে নিগেটি মানসিক ৰোগীৰ চৰিত্ৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও ৷ কংগনা ৰানাউড আৰু ৰাজকুমাৰ ৰাওে কুইন ছবিৰ পিছত আকৌ এবাৰ ৰূপালী পৰ্দালৈ আহিব জজমেন্টেল হ্যে কিয়া ছবিৰ জৰিয়তে ৷ গতিকে সম্প্ৰতি চৰ্চাত আছে ৰাজকুমাৰ আৰু কংগনা ৷ইফালে জজমেন্টেল হ্যে কিয়া ছবিত প্ৰথমবাৰৰ কাৰণে ৰাজকুমাৰে নেতিবাছক চৰিত্ৰত অভিনয় কৰিব ৷ ছবিখনৰ সন্দৰ্ভে অহা তথ্য অনুসৰি এক চিৰিয়েল কিলাৰৰ চৰিত্ৰত অভিনয় কৰিব ৰাজকুমাৰে ৷

লগতে কংগনা ৰানাউটে মেন্টেল বিষয়বোৰৰ সন্দৰ্ভত বুজা বুজি কৰে । কংগনা আৰু ৰাজকুমাৰ ৰাওে বুলগেৰিয়াত মিলিত হয় ৷ আৰু ইয়াৰ পিছতেই আৰম্ভ হয় ছবিখনৰ কাহিনী ৷মংগলবাৰে ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰে ৷ট্ৰেইলটোৰ পুনৰ কংগনা আৰু ৰাজকুমাৰ ৰাওৰ মোহনীয় অভিনয় দেখিবলৈ পোৱা গৈছে। প্ৰকাশ কোবেলামুদীৰ নিৰ্দেশত নিৰ্মাণ কৰা ছবিখন মুক্তি পাব ২৬ জুলাইত ৷ ছবিখনত কিছু কিছু দৃশ্য চিমৰান ছবিখনৰ লগত সাদৃশ্য আছে ৷য’ত কংগনা ৰানাউটে কমেডী কৰে তাতেই যেন কংগনাৰ প্ৰতিভা ফুটি উঠিছে ৷

কংগনা ৰানাউটৰ লগত ৰাজকুমাৰ ৰাওে অতি সাৱলীলতাৰে অভিনয় কৰিছে ৷ গতিকে সম্প্ৰতি হত্যা,প্ৰেম আদি বিভিন্ন দৃশ্যৰ সমাবেশেৰে দৰ্শকৰ মাজত উৎসুকতা বঢ়াইছে জজমেন্টেল হ্যে ক্যিয়া ছবিখনে ৷ উল্লেখ্য যে ছবিখনৰ প্ৰথম নামটো আছিল মেন্টেল হ্যে কিয়া ৷ কিন্তু বহু তৰ্ক বিতৰ্কৰ অন্তঃত ছবিখনৰ নাম জজমেন্টেল হ্যে কিয়া নামলৈ পৰিৱৰ্তন কৰে ।