বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ নতুন বিপদ

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ নতুন বিপদ

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ অনাগত ছবি "বালা"ৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ কাৰণ ছবিখনৰ কাহিনী চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাতাসকলৰ বিৰুদ্ধে ৷ এই কথাই বাৰুকৈয়ে বিপদত পেলাইছে ছবিখনৰ অভিনেতা আয়ুস্মান খুৰানাক।

এই সন্দৰ্ভত মুম্বাইৰ উচ্চ ন্যায়ালয়ত এক গোচৰো চলি আছিল ৷ সম্প্ৰতি ছবিখনৰ দৃশ্যগ্ৰহণ স্তব্ধ হৈ আছে ৷ ছবিখনৰ পৰৱৰ্তী শুনানি হ’ব ১০ জুনত ৷

২০১৮ বৰ্ষটো গায়ক তথা অভিনেতা আয়ুষ্মান খুৰানাৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ আয়ুষ্মানৰ ছবি “ৱাধাই হো” ৰ সফলতাই চৰ্চা লাভ কৰিছিল সকলোৰে মাজত ৷ ইয়াৰ পিছতে আন এখন ছবি “অন্ধাধুনে”চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সফলতা লাভ কৰিছে ৷

অন্ধাধুনত অভিনয় কৰিছিল আয়ুষ্মান খোৰানা আৰু জনপ্ৰিয় অভিনেত্ৰী টাবুয়ে ৷ ইয়াৰ বিপৰীতে আয়ুষ্মান খোৰানাৰে আন এখন ছবি “ৱাধাই হো”ৱে এই বৰ্ষৰ শ্ৰেষ্ঠ ছবিসমূহৰ তালিকাত আছে পাঁছ নম্বৰ স্থানত৷ গতিকে আয়ুষ্মান খোৰানাৰ কাৰণে এই বৰ্ষটো হৈছে যথেষ্ট উল্লেখযোগ্য ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com