মনোৰঞ্জন

সমালোচনাকাৰীসকললৈ বলীউডৰ অভিনেতা ৰনৱীৰ সিঙৰ তীক্ষ্ণ বাণঃকি ক’লে অভিনেতাগৰাকীয়ে?

Sentinel Digital Desk

বলীউডৰ অভিনেতা ৰনৱীৰ সিঙ প্ৰায়ে চৰ্চাৰ শীৰ্ষত থাকে ৷ ৰনৱীৰ সিঙে ছবিত কৰা অনবৈদ্য অভিনয়ৰ কাৰণে সকলোৰে পৰা সমাদৰ লাভ কৰাৰ বিপৰীতে অভিনেতাগৰাকীৰ পোচাকক লৈ প্ৰায়ে বিভিন্ন জনে বিভিন্ন মন্তব্য দিয়া দেখা যায় ।কিন্তু সদ্যহতে বলীউডৰ অভিনেতা ৰনৱীৰ সিঙে পোচাকক লৈ নেতিবাচক সমালোচনাকাৰীসকলক উচিত প্ৰত্যুত্তৰ দিছে। আৰু নেতিবাচক সমালোচনাকাৰীসকলক দিয়া ৰণৱীৰ সিঙৰ এই উত্তৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইফালে ইনষ্টাগ্ৰামৰ জৰিয়তে লাইভ অহাৰ সময়তে ৰনৱীৰ সিঙে সমালোচনাকাৰীসকলক নিজৰ কামত ব্যস্ত থাকিবলৈ কয়। লগতে ৰণৱীৰলৈ অহা এই মিউজিক বন্ধ কৰা,হিন্দী ক’ব নাজানে নেকি? দেখিবলৈ জ’কাৰ দৰে লাগিছে এনেধৰণৰ মন্তব্য সমূহ পঢ়ি দিয়ে অভিনেতাগৰাকীয়ে ।লগতে ৰণৱীৰে সমালোচনাকাৰীসকলক কয় যে তোমালোকৰ নিজৰ কাম নাই নেকি ? মোৰ জীৱনৰ ওপৰত মন্তব্য কৰাৰ বিপৰীতে তোমালোকে অন্য কাম কৰা ৷ ইয়াৰ বিপৰীতে সমালোচনাকাৰীসকললৈ দিয়া এই প্ৰত্যুত্তৰত ৰনৱীৰৰ অনুৰাগীসকলে সহমত প্ৰকাশ কৰিছে।

https://www.instagram.com/p/B4aCKNhhBm0/

আনহাতে ইতিমধ্যে ৰনৱীৰে নিজৰ মেকআপ আৰ্টিষ্ট গুনীত বিৰ্দীক "নবৌ"বুলি সম্বন্ধ কৰাক লৈ যথেষ্ট সমাদৰ লাভ কৰিছিল । আৰু বহু লোকে ৰনৱীৰৰ এই ভিডিঅ’টিক আদৰি লৈছিল । ইফালে গুণীতে ৰনৱীৰৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি কয় যে যেতিয়া ৰনৱীৰে আপোনাক ভাবী বুলি সম্বোধন কৰে ৷তেতিয়া চকুৰ পানী ওলাই যায় ৷

https://www.instagram.com/p/B3zDAH3BuCz/

উল্লেখ্য যে ৰনৱীৰ সিঙে ইতিমধ্যে সূৰ্যবংশী ছবিৰ ক্লাইমেক্স দৃশ্যৰ দৃশ্যগ্ৰহণ কৰি উভতি আহিছে ৷প্ৰযোজক,পৰিচালক ৰোহিত চেট্টীৰ এইছবিখনত ৰনৱীৰ সিঙে বিশেষ অতিথি হিছাপে অভিনয় কৰিছে ।ইফালে ৰনৱীৰ সিঙে কবীৰ খানৰ পৰিচালনাৰে নিৰ্মিত ৮৩ ছবিতো অভিনয় কৰিব। এই ছবিখনত ৰনৱীৰ সিঙে কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব। আনহাতে ৰনৱীৰ সিঙৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে ৮৩ ত কপিল দেৱৰ পত্নী ৰোমী ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Man trampled to death by wild jumbo in Margherita