আহি আছে জনপ্ৰিয় অভিনেতা চাহিদ কাপুৰৰ আন এখন ছবি জেৰ্সী

আহি আছে জনপ্ৰিয় অভিনেতা চাহিদ কাপুৰৰ আন এখন ছবি জেৰ্সী

আহি আছে জনপ্ৰিয় অভিনেতা চাহিদ কাপুৰৰ আন এখন ছবি 'জেৰ্সী '। কিছুদিন পূৰ্বে ছুপাৰ হিট ছবি কবীৰ সিংৰ পিছত আহি আছে চাহিদ কাপুৰৰ আন এখন ছবি জেৰ্সী । চাহিদ কাপুৰৰ ছবি কবীৰ সিঙে কমেও ৩০০ কোটি টকা আয় কৰিছে । কবীৰ সিং ছবি খন তামিল ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক আছিল ।

কবীৰ সিঙৰ পিছত চাউথৰ আন এখন ৰিমেক ছবি লৈ আহিছে জনপ্ৰিয় অভিনেতা চাহিদ‌ কাপুৰ। কবীৰ সিঙত চিকিৎসকৰ ৰূপত দেখা চাহিদ‌ কাপুৰক এইবাৰ দেখা যাব ক্ৰিকেটাৰৰ ৰূপত ।চাহিদ কাপুৰৰ লগতে ৰনবীৰ সিংৰ আহিবলগীয়া ছবি ৮৩ ত‌ ৰনবীৰ সিঙে ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব ।

৩৮ বছৰীয়া চাহিদ‌ কাপুৰে চোছিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছে ।যি খন ফটোত চাহিদে ক্ৰিকেট বেট লৈ থকা দেখা যায়।‌ লগতে তেওঁ লিখে যে ইতিমধ্যে তেওঁৰ নতুন ছবি জেৰ্সীৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । লগতে এই ছবি খনৰ নিৰ্দেশনা কৰিব গৌতম তিন্নৌনুৰীয়ে । গৌতম তিন্নৌনুৰীয়ে তামিল ছবি খনৰো নিৰ্দেশনা কৰিছিল । তাৰোপৰি তামিল ছবি খন ২০১৯ চনত মুক্তি লাভ কৰিছিল য'ত অৰ্জুন নামৰ এজন লোকৰ সংঘৰ্ষ দেখুওৱা হৈছিল । অৰ্জুনে ভাৰতীয় ক্ৰিকেট দলত সন্নিবিষ্ট হবলৈ কি দৰে সংঘৰ্ষ কৰিছিল তাৰ আধাৰত নিৰ্মাণ হৈছিল ছবি খন ।

সংবাদ মাধ্যমৰ আগত চাহিদ কাপুৰে কয় যে কবীৰ সিঙৰ পিছত তেওঁ কি কৰিব ভাৱি পোৱা নাছিল কিন্তু তেওঁ যেতিয়া জেৰ্সীৰ কাহিনী পঢ়িছিল তেতিয়া তেওঁ ছবি খনৰ প্ৰতি আকৰ্ষিত হৈছিল ।‌ কিয়নো জেৰ্সীত এজন ব্যক্তিৰ জীৱন যুদ্ধৰ বিষয়ে উল্লেখ আছে । তাৰোপৰি এনেকুৱা কাহিনীৰ দ্বাৰা দৰ্শকে প্ৰেৰণা লাভ কৰে বুলিও কয় অভিনেতা গৰাকীয়ে ।জানিব পৰা মতে এই ছবিখনৰ শ্বুটিং ছণ্ডিগড়ত হ'ব লগতে এই ছবি খন ২৮ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব।‌

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com