Begin typing your search above and press return to search.

এজন‌ ভাৰতীয়ৰ বিনামূলীয়াকৈ পদাৰ্থ আৰু ৰাসায়ন বিজ্ঞানৰ শিক্ষা প্ৰদান ইউটিউবত

এজন‌ ভাৰতীয়ৰ বিনামূলীয়াকৈ পদাৰ্থ আৰু ৰাসায়ন বিজ্ঞানৰ শিক্ষা প্ৰদান ইউটিউবত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2019 11:34 AM GMT

এজন‌ ভাৰতীয়ৰ বিনামূলীয়াকৈ পদাৰ্থ আৰু ৰাসায়ন বিজ্ঞানৰ শিক্ষা প্ৰদান ইউটিউবত ।আজিৰ সময়ত ক'চিঙৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা বহু লাখ টকা আদায় লয় বহু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে। জীৱনত কিবা কৰাৰ দুৰ্বাৰ সপোনে খেদি ফুৰা বহু ছাত্র ছাত্ৰীৰ আকাংক্ষা যেন থমকি ৰয় কোছিং চেণ্টাৰৰ দুৱাৰ দলিত। এই চেণ্টাৰ বিলাকৰ শাকত পৰিমাণৰ মাচুল আদায় দিব নোৱাৰাৰ ফলতেই বহু ছাত্র ছাত্ৰীৰ সপোন লীন হৈ যায় অটল গহ্বৰত।

কিন্তু এনে অৱস্থাটো সপোন দেখুৱাইছে এজন ব্যক্তিয়ে। নাম অলস পাণ্ডে, ঘৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। আজিৰ এই কোছিং নিৰ্ভৰ ব্যৱস্থাৰ বিপৰীত পাণ্ডে নামৰ লোকজনে অনলাইন যোগে বিনামূলীয়াকৈ ছাত্র ছাত্ৰীক পদাৰ্থ বিজ্ঞান আৰু ৰাসায়ন বিজ্ঞানৰ শিক্ষা প্ৰদান কৰি আহিছে। মাত্ৰ দুবছৰত অলস পাণ্ডেয়ে ইউটিউব‌ চেনেলত ১.৪৯ মিলিয়ন চাব্সক্ৰাইবাৰ লাভ কৰিছে। কেৱল মাত্ৰ ভাৰতৰে নহয় পাকিস্তান , বাংলাদেশ, নেপাল , চৌদি আৰৱৰ আদিৰ পৰাও চাব্সক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে এই শিক্ষক জনে।

তেওঁৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাইছে কিছুদিন পূৰ্বে দিয়া এইচ বি টি আয় ( Harcourt Butler technological institute) কানপুৰৰ পৰা বি টেক স্নাতকৰ পাঠ্যক্ৰমৰ‌ বাবে । এই ভিডিঅ'টোত‌ এটা মাহৰ ভিতৰত তেওঁৰ ইউটিউব‌ চেনেলটো কমেও ২২ মিলিয়ন লোকে চায় । তেওঁৰ ইউটিউব‌ চেনেলটোৰ নাম হল‌ " physics wallah " । বৰ্তমান তেওঁ সমগ্ৰ বিশ্বৰ জনপ্ৰিয় অনলাইন গুৰুৰ ভিতৰত এজন ।

অলস পাণ্ডে প্ৰয়াগৰাজৰ কালিন্দীপুৰমৰ নিৱাসী । তেওঁ ২৬ বছৰ বয়সতে ইউটিউবৰ প্ৰতিষ্ঠিত " গোল্ডেন প্লে বটন " লাভ কৰিছিল । সেই সময়ত তেওৰ চাব্সক্ৰাইবাৰ ১০ লাখৰো অধিক আছিল । লাহে লাহে ছাত্ৰ ছাত্ৰীৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰে। ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি তেওঁ এটা ৱেবছাইটো আৰম্ভ কৰে। য'ত ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া কিতাপ , নোট , হোষ্ট কুইজ উপলব্ধ আছে ।

অলস পাণ্ডে এই জনপ্ৰিয়তা বহু কষ্ট , ত্যাগ আৰু অধ্যৱসায়ৰ ফলত লাভ কৰিছে । তেওঁ কয় যে, তেওঁ নিজৰ পৰিয়ালৰ সৈতে দক্ষিন মালাকাত আছিল । ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা হেতুকে তেওঁ কালিন্দীপুৰমলৈ যাব লগা হৈছিল । ২০১০ চনত‌ তেওঁ প্ৰয়াগৰাজৰ বিছপ জনছন স্কুল আৰু কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰা পিছত ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ বাবে সাজু হৈছিল । তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে কোছিং কিমান খিনি খৰছী । পিছতেই অলস পাণ্ডেয়ে নিজেই পৰীক্ষাৰ বাবে সাজু হৈছিল লগতে আত্মনিৰ্ভৰশীল হ'বলৈ কঠোৰ প্ৰয়াস কৰা বুলি জানিবলৈ দিছে।

২০১১ চনত তেওঁ ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এইচ বি টি আই কলেজত নামভৰ্তি কৰায় । শিক্ষা সমাপ্ত হোৱাৰ পিছতেই ২০১৭ চনত তেওঁ ইউটিউব চেনেল আৰম্ভ কৰি ছাত্র ছাত্ৰী সকলক বিনামূলীয়াকৈ শিক্ষা দানত ব্ৰতী হয় ।

অধিক খবৰৰ বাবে পঢ়ক: টাইমুৰৰ ভগ্নী ইনায়াই গালে গায়ত্ৰী মন্ত্ৰ , ভিডিঅ’ হ’ল ভাইৰেল

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Next Story
চাকৰি