মনোৰঞ্জন

২০০ কোটি টকা উপাৰ্জনৰ লক্ষ্যৰে বলীউডৰ ভাৰত: অনুৰাগীক ধন্যবাদ ছলমান খানৰ

Sentinel Digital Desk

বলীউডৰ অভিনেতা ছলমান খান আৰু কেটৰীনা কাইফৰ অভিনীত ভাৰত ছবিয়ে বৃহস্পতিবাৰে উপাৰ্জন কৰে ৫.২৫ কোটি ৷ আলী আব্বাচ জাফাৰৰ ছবি ভাৰতে মুক্তিৰ প্ৰথম দিনা বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে ৷ কিন্তু আইচিচি বিশ্ব কাপৰ সময়ত সম্প্ৰতি ছবিখনৰ উপাৰ্জন গতি সীমিত হয়।

বক্স অফিচৰ এক বিশেষ সুত্ৰ মতে ভাৰতে বৃহস্পতিবাৰে ৫.২৫ কোটি টকা উপাৰ্জন কৰে। মুক্তিৰ পৰা ছবিখনে ১৭৯.৬ কোটি টকা উপাৰ্জন কৰে। মুক্তিৰ প্ৰথম দিনা ছবিখনে ৪২.৩০ কোটি টকা উপাৰ্জন কৰে ৷ যাৰ জৰিয়তে ভাৰতে এই বছৰৰ সৰ্বাধিক টকা উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হয় ৷

সোমবাৰে ভাৰত ছবিয়ে উপাৰ্জন কৰাৰ ক্ষেত্ৰত ৫৫ শতাংশ হ্ৰাস কৰে ৷ ভাৰতে মংগলবাৰে ৯.২০ কোটি টকা উপাৰ্জন কৰে ৷ অন্যহাতে ভাৰত ছবিয়ে কিছুমান নতুন ইতিহাস গঢ়িছে। তাৰ ভিতৰত ভাৰত ছলমান খানৰ জীৱনত মুক্তিৰ প্ৰথম দিনা সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ইফালে ছলমান খান ভাৰত ছবিক আকোঁৱালি লোৱাৰ ক্ষেত্ৰত অনুৰাগীসকলক টুইটাৰ যোগে ধন্যবাদ জ্ঞাপন কৰিছে ৷

https://twitter.com/BeingSalmanKhan/status/1139113537991823360

ভাৰত ছবিক দৰ্শকে আকোঁৱালি লোৱাৰ পিছত অনুৰাগীক উদ্দেশ্য কৰি বলীউডৰ অভিনেতা ছলমান খানৰ এক বিশেষ বাৰ্তা ৷ ছ’চিয়েল মিডিয়াৰ যোগেৰে দৰ্শকক ভাৰত ছবিক আকোঁৱালি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ বলীউডৰ অভিনেতা ছলমান খানে টুইটাৰ যোগে প্ৰকাশ কৰে যে আপোনালোকক মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অপেনিং দিয়াৰ কাৰণে অশেষ ধন্যবাদ ৷ কিন্তু মোৰ কাৰণে সকলোতকৈ ডাঙৰ কথা এয়ে যে যেতিয়া ছবিখনত ৰাষ্ট্ৰীয় গান বাজে তেতিয়া সকলো আসনৰ পৰা উঠি সন্মান জনায় ৷আমাৰ দেশৰ কাৰণে ইয়াতকৈ আৰু সন্মানৰ কথা একো হ’ব নোৱাৰে ৷জয় হিন্দ ৷ এই মন্তব্য ছলমান খানৰ ৷

ভাৰত ছবিখন ৪৭০০ খন স্কীণত মুক্তি লাভ কৰে। ইয়াৰে ১৩০০ স্কীণ বহিঃদেশত মুক্তি লাভ কৰে।আমি বিগত সময়ত প্ৰত্যক্ষ কৰি আহিছো যে ছলমান খানৰ যিকোনো ছবিয়ে ঈদত মুক্তি লাভ কৰে ৷ ঈদত ছলমান খান এতিয়ালৈকে ৯ খন ছবি মুক্তি লাভ কৰিছে ৷ভাৰত হৈছে ছলমান খানৰ ১০ নম্বৰ ছবি ৷ মন কৰিব লগীয়া কথা এয়ে যে ছলমান খানৰ এতিয়ালৈকে ঈদত মুক্তি লাভ কৰা ৮ খন ছবিয়েই মুক্তি লাভ কৰিছে ৷২০০৯ চনত ছলমানৰ খানৰ ছবি ৱান্টেট ছবি মুক্তি লাভ কৰিছিল ৷ভাৰত ছবিখনত ছলমান খান,কেটৰীনা কাইফ,জেকী শ্ৰফ,সুনীল গোভৰ,দিশা পাটানী আৰু টাবুয়ে অভিনয় কৰিছে ৷