মনোৰঞ্জন

আহিবলগীয়া ছবিত জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা যাব ৰণবীৰ কাপুৰৰ সৈতে

Sentinel Digital Desk

আহিবলগীয়া ছবিত জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা যাব ৰণবীৰ কাপুৰৰ সৈতে । বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ । বৰ্তমান সময়ত অভিনেত্ৰী গৰাকীক তেওঁৰ আহিবলগীয়া ছবি ' ষ্ট্ৰীট ডান্স' ৰ বাবে উৎসুক হৈ থকা দেখা যায়। এই ছবি খনত শ্ৰদ্ধা কাপুৰৰ লগত অভিনয় কৰিছে বৰুণ ধাৱনে । অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক আহিবলগীয়া ছবি ষ্ট্ৰীট ডান্সৰ প্ৰচাৰৰ বাবে ব্যস্ত হৈ থকা দেখা যায়। ছবি খনৰ প্ৰচাৰৰ বাবে অভিনেতা অভিনেত্ৰী গৰাকীয়ে বিভিন্ন সংবাদ মাধ্যমৰ লগত কথা বতৰা পতা দেখা যায় ।

ষ্ট্ৰীট ডান্সৰ প্ৰচাৰৰ সময়তে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে সংবাদ মাধ্যমৰ আগত ঘোষনা কৰিলে আগন্তুক ছবি এখনৰ বিষয়ে । অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে জনায় যে ষ্ট্ৰীট ডান্সৰ পিছতেই তেওঁ আহিবলগীয়া ছবিত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে । শ্ৰদ্ধা কাপুৰে সংবাদ মাধ্যমৰ আগত জনায় যে ' আহিবলগীয়া ছবিত মই ৰণবীৰ কাপুৰৰ লগত কাম কৰিম । লাভ ৰঞ্জনৰ ছবিত মই আৰু ৰণবীৰ কাপুৰ থাকিম । লাভ ৰঞ্জনৰ ছবি প্যাৰ কা পঞ্চনামা, সোনু কি তিতো কি ছুইটী ছবি ইত্যাদিত মই উপভোগ কৰিছো । এই ছবি কেইখন মই যথেষ্ট খিনিয়েই ভাল পাইছো " । ৰণবীৰ কাপুৰ সন্দৰ্ভত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কয় যে , " তেওঁৰ লগত কাম কৰাৰ সুযোগ লাভ কৰি মই অতি উৎসাহিত । তেওঁ আমাৰ সময়ৰ অভিনেতা সকলৰ ভিতৰত এজন জনপ্ৰিয় অভিনেতা" ।

উল্লেখযোগ্য যে শ্ৰদ্ধা কাপুৰ আৰু ৰণবীৰ কাপুৰৰ অভিনেত এই খন প্ৰথম ছবি । তদুপৰি শ্ৰদ্ধা কাপুৰে জানিব দিয়া অনুসৰি সম্ভৱত মাৰ্চ মাহৰ পৰা তেওঁৰ নতুন ছবিৰ কাম আৰম্ভ হ'ব । অৱশ্যে এতিয়ালৈকে আহিবলগীয়া ছবি খনৰ নাম সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাই ।

তদুপৰি শ্ৰদ্ধা কাপুৰ আৰু বৰুণ ধাৱনৰ আহিবলগীয়া ছবি ষ্ট্ৰীটত ডান্স থ্ৰী ডি মুক্তি লাভ কৰিব ২০২০ চনৰ ২৪ জানুৱাৰী তাৰিখে। এই ছবি খনৰ নিৰ্দেশনা কৰিছে জনপ্ৰিয় নৃত্য পৰিচালক ৰেমো ডিছোজাই । লগতে ছবি খনৰ প্ৰয়োজনা কৰিছে ভূষন কুমাৰ, দিব্য কোশলা কুমাৰ আৰু কৃষন কুমাৰে । এই ছবি খনত শ্ৰদ্ধা কাপুৰ আৰু বৰুণ ধাৱনৰ উপৰিও অভিনয় প্ৰদৰ্শন কৰিব নোৰা ফটেহি , কাৰোলিনা উলড , ৰাঘৱ জুৱাল ,প্ৰভু দেৱাই।