Begin typing your search above and press return to search.

আহি আছে আয়ুস্মান খুৰানাৰ নতুন ছবি "শুভ মংগল জ্যাদা সাৱধান "

আহি আছে আয়ুস্মান খুৰানাৰ নতুন ছবি শুভ মংগল জ্যাদা সাৱধান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2020 10:50 AM GMT

আহি আছে আয়ুস্মান খুৰানাৰ নতুন ছবি "শুভ মংগল জ্যাদা সাৱধান "। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিছে বলিউডৰ অভিনেতা আয়ুস্মান খুৰানাই । এখনৰ পিছত আন এখন চুপাৰহিট ছবিৰে দৰ্শকৰ সমাদাৰ লাভ কৰা আয়ুস্মান খুৰাণাৰ আহি আছে নতুন হিন্দী ছবি শুভ মংগল জ্যাদা সাৱধান। প্ৰতিবাদৰ দৰে এইবাৰো এই ছবি খনে দৰ্শকক যথেষ্ট মনোৰঞ্জন কৰিব । ইতিমধ্যে ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছে । ছবি খনৰ ট্ৰেইলৰ চালে গম পোৱা যায় যে ছবি খন হাস্যৰসেৰে পৰিপূৰ্ণ হ'ব ।

ছবি খনৰ পোষ্টাৰ মুক্তি লাভ কৰাৰ পিছতেই দৰ্শক সকলে অপেক্ষা কৰি আছিল ছবি খনৰ ট্ৰেইলৰ বাবে । অৱশেষত মুক্তি লাভ কৰিলে আহিবলগীয়া ছবি খনৰ ট্ৰেইলৰ।

জানিব পৰা মতে আহিবলগীয়া ছবি শুভ মংগল জ্যাদা সাৱধান মুক্তি লাভ কৰিব ২০২০ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে।‌

তদুপৰি ছবি খনৰ ট্ৰেইলৰ চায় গম পোৱা যায় যে ইয়াত সমকামীৰ প্ৰেমৰ কাহিনী দেখুওৱা হ'ব । এই ছবি খনত আয়ুস্মান খুৰানাৰ লগতে নীনা গুপ্তা আৰু গজৰাজ ৰাৱে ও অভিনয় প্ৰদৰ্শন কৰিব । তদুপৰি এই ছবি খনত সুনীতা ৰাজবাৰ , মানৱী গাগৰু, পংখুৰী অৱস্থী ,নীৰজ সিং, মনু ঋষিৰ লগতে আন বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় প্ৰদৰ্শন কৰিব ।

শুভ মংগল জ্যাদা সাৱধান নামৰ ছবি খনৰ নিৰ্দেশনা কৰিছে হিতেশ কেৱালয়াই , ছবি খনৰ প্ৰয়োজনা আনন্দ এল ৰয় , ভূষন কুমাৰ, কৃষ্ণ কুমাৰ আৰু হিমাংশু শৰ্মাৰ ।

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানাই ইতিমধ্যে বিভিন্ন খন জনপ্ৰিয় ছবিত অভিনয় কৰিছে। অন্ধাধুন নামৰ ছবি খনৰ বাবে আয়ুস্মান খুৰানাই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে । তাৰো বধাই হো, ৱালা , ড্ৰিম গাৰ্ল, বিকি দোনাৰ , ডম লগাকে হায়চা , আৰ্টিকল ১৫ আদি বিভিন্ন ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি আয়ুস্মান খুৰানাৰ আহিবলগীয়া ছবি শুভ মংগল জ্যাদা সাৱধান নামৰ ছবি খনে কিমান খিনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় এয়া পৰৱৰ্তী সময়ত হ'ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিত অভিনয় কৰিব মিছ ৱৰ্ল্ড মানুসী ছিলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Morigaon MLA Rama Kanta Deuri’s escort vehicle hit an E-Rickshaw, one seriously injured.

Next Story
চাকৰি