অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিত অভিনয় কৰিব মিছ ৱৰ্ল্ড মানুসী ছিলাৰ

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিত অভিনয় কৰিব মিছ ৱৰ্ল্ড মানুসী ছিলাৰ

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিত অভিনয় কৰিব মিছ ৱৰ্ল্ড মানুসী ছিলাৰ । মিছ ৱৰ্ল্ড মানুসী ছিলাৰক এতিয়া দেখিবলৈ পোৱা যাব বলিউডৰ ছবিত । মিছ ৱৰ্ল্ড মানুসী ছিলাৰে বলিউডৰ প্ৰথম খন ছবিত অভিনয় কৰিব ছুপাৰ ষ্টাৰ অক্ষয় কুমাৰৰ সৈতে । মানুসী আৰু অক্ষয় কুমাৰৰ আহিবলগীয়া এই ছবি খনৰ নাম সম্ভৱত 'পৃথিৱীৰাজ' হ'ব পাৰে। সংবাদ মাধ্যমত জনোৱা অনুসৰি মিছ ৱৰ্ল্ড মানুসীয়ে তেওঁৰ বলিউডৰ যাত্ৰা অক্ষয় কুমাৰৰ লগত আৰম্ভ কৰিব পায় বহু সুখী । ইয়াৰ উপৰিও নিজৰ ছবি খন আৰু অক্ষয় কুমাৰৰ লগত অভিনয়ৰ বিষয়েও উল্লেখ কৰে মানুসী ছিলাৰে।

আহিবলগীয়া ছবি খনক লৈ মানুসী ছিলাৰে কয় যে অক্ষয় কুমাৰৰ লগত অভিনয় কৰাটো তেওঁৰ বাবে সন্মানৰ কথা । তাৰ বাবে তেওঁ বহুত সুখী বুলি কয়। লগতে তেওঁ জানিব দিয়ে যে আহিবলগীয়া ছবি খনক লৈ তেওঁ কঠোৰ পৰিশ্ৰমো কৰি আছে । মিছ ৱৰ্ল্ড মানুসী ছিলাৰে জনোৱা অনুসৰি আহিবলগীয়া ছবি খনত তেওঁ 'সমুক্তা' ৰ চৰিত্ৰত অভিনয় কৰিব ।

য়াশ ৰাজ ফিল্ম হাউচৰ ওপৰত মিছ ৱৰ্ল্ড মানুসী ছিলাৰে কয় যে তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰি এই ছবিৰ বাবে মোক বাচনি কৰিছে ।

আহিবলগীয়া ছবি 'পৃথিৱীৰাজ' ৰ নিৰ্দেশনা কৰিব চন্দ্ৰ প্ৰকাশ দুভেদিয়ে । লগতে এই ছবি খনৰ প্ৰয়োজক অজয় শোপ্ৰা আৰু সংগীত পৰিচালক বিশাল - শেখৰ । এই ছবি খন ২০২০ চনৰ দীপান্বিতাৰ সময়ত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। অক্ষয় কুমাৰ, মানুসী ছিলাৰৰ লগত এই ছবি খনত সম্ভৱত সঞ্জয় দত্ত, মানৱ বিজ, আছূতোষ ৰাণা , চনু সুদ ললিত তিৱাৰীৰ লগতে আন বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। এই ছবি খনৰ ঘোষনা কৰে ২০১৯ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে।

অক্ষয় কুমাৰ‌ বলিউডৰ এজন জনপ্ৰিয় অভিনেতা । কিছুদিন পূৰ্বে মুক্তি লাভ কৰা গুড নিউজ নামৰ ছবি খনে ও দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। এই ছবিখনত অক্ষয় কুমাৰৰ লগতে কৰিণা কাপুৰ , দিলজিৎ , কিয়াৰা আডৱানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । মানুসী ছিলাৰ আৰু কমেডি , এক্সন , ৰোমাঞ্চ সকলো চৰিত্ৰৰে দৰ্শকক মোহিত কৰিব পৰা অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি 'পৃথিৱীৰাজ' এ পৰৱৰ্তী সময়ত দৰ্শকৰ কিমান জনপ্ৰিয়তা লাভ কৰিব এয়া হ'ব লক্ষ্যনীয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com