Begin typing your search above and press return to search.

অজয় দেৱগণৰ তানাজীয়ে বক্স অফিচত ভংগ কৰিলে পদ্মাৱতৰ ৰেকৰ্ড

অজয় দেৱগণৰ তানাজীয়ে বক্স অফিচত ভংগ কৰিলে পদ্মাৱতৰ ৰেকৰ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2020 12:13 PM GMT

অজয় দেৱগণৰ তানাজীয়ে বক্স অফিচত ভংগ কৰিলে পদ্মাৱতৰ ৰেকৰ্ড । বলিউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ ছবি 'তানাজী - দা আনচাং ৱৰিয়ৰ' ছবি খন যোৱা ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰে । এই ছবি খনে দৰ্শক সকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে । এই ছবি খন উপভোগ কৰি দৰ্শক সকলক সুখী অনুভৱ কৰা দেখা যায় । এই ছবি খনে বক্স অফিচতো যথেষ্ট সফলতা অৰ্জন কৰা দেখা যায়। অজয় দেৱগনৰ ছবি তানাজীয়ে ছবী মুক্তি লাভ কৰাৰ প্ৰথম সপ্তাহত ১০০ কোটি টকা আয় কৰা দেখা যায়। ইয়াৰ মাজতে ছবি খনৰ এক নতুন ৰেকৰ্ডে স্থান লাভ কৰিছে বলিউডৰ বক্স অফিচ ।

বক্স অফিচ ইণ্ডিয়াৰ অনুসৰি দ্বিতীয়টো শুকুৰবাৰত এই ছবি খনে ৯.৫০ কোটি টকা আয় কৰি এই ছবি খন 'টপ ছেকেণ্ড ফ্ৰাইডে'ৰ ১০ নং ৰেংক পাইছে । ইয়াৰ পূৰ্বে এই ৰেংকত আছিল দীপিকা পাডুকনৰ জনপ্ৰিয় ছবি পদ্মাৱত । এই ছবি খনে দ্বিতীয় সপ্তাহত আয় কৰিছিল প্ৰায় ২৫ কোটি টকা।

ওম ৰাওতৰ দ্বাৰা নিৰ্দেশিত তানাজী ছবি খনত অভিনয় কৰিছে অজয় দেৱগণ , ছৈয়ফ আলী খান , কাজল , শাৰদা কেলকৰ , নেহা শৰ্মাৰ লগতে আন বহ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় প্ৰদৰ্শন কৰা দেখা যায়।

এই ছবি খনৰ বিষয়ে বিভিন্ন ভিডিঅ'ও ভাইৰেল হোৱা দেখা যায়।জানিব পৰা মতে অজয় দেৱগনৰ তানাজী ছবি খন এটি সঁচা কাহিনীৰ ওপৰত আধাৰিত।

উল্লেখযোগ্য যে এই ছবি খনত অজয় দেৱগনে তানাজী মালুচাৰেৰ চৰিত্ৰত অভিনয় কৰিছে। লগতে কাজলে সাবিত্ৰীবাই আৰু ছৈয়ফ আলী খানে উদয়ভান সিং ৰাথোৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

এই ছবি খনৰ নিৰ্দেশনা কৰিছে ওম ৰাউটে । লগতে এই ছবি খনৰ সংগীত পৰিচালনা কৰিছে অজয় , অতুল ,শছীত, সন্দীপ শ্ৰীৰোধকাৰে ।

অন্য খবৰৰ বাবে পঢ়ক : টিকটকত দিয়া প্ৰত্যাহ‌বানক লৈ ট্ৰ’লৰ সন্মুখীন হ’ল অভিনেত্ৰী দীপিকা পাডুকন

ভিডিঅ প্ৰতক্ষ্য কৰক : BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি