Begin typing your search above and press return to search.

টিকটকত দিয়া প্ৰত্যাহ‌বানক লৈ ট্ৰ'লৰ সন্মুখীন হ'ল অভিনেত্ৰী দীপিকা পাডুকন

টিকটকত দিয়া প্ৰত্যাহ‌বানক লৈ ট্ৰলৰ সন্মুখীন হল অভিনেত্ৰী দীপিকা পাডুকন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2020 11:46 AM GMT

টিকটকত দিয়া প্ৰত্যাহ‌বানক লৈ ট্ৰ'লৰ সন্মুখীন হ'ল অভিনেত্ৰী দীপিকা পাডুকন । বৰ্তমান সময়ৰ এটা জনপ্ৰিয় এপ হৈছে টিকটক । সৰুৰ পৰা বৃদ্ধলৈকে সকলো ধৰণৰ লোকে টিকটক ব্যৱহাৰ কৰা দেখা যায়। বহু লোকে এই জনপ্ৰিয় এপ টিকটক ব্যৱহাৰ কৰি জনপ্ৰিয় হোৱাও দেখা যায় । বিভিন্ন জনে তেওঁলোকৰ প্ৰতিভা টিকটকৰ জৰিয়তে প্ৰকাশ কৰে।

বলিউডৰ বিভিন্ন অভিনেতা অভিনেত্ৰী সকলেও টিকটক ব্যৱহাৰ কৰা দেখা যায় । বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনেও টিকটক ব্যৱহাৰ কৰা দেখা যায় । অতি কম সময়ৰ ভিতৰতে অভিনেত্ৰী গৰাকী টিকটকতো জনপ্ৰিয় হৈ পৰে । এই সময় চোৱাত অভিনেত্ৰী দীপিকা পাডুকন তেওঁৰ কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ছপাক ছবি খনক লৈ চৰ্চাত আছে । এই ছবি খন এগৰাকী এছিড আক্ৰমন কৰা যুৱতীৰ জীৱনৰ সংঘৰ্ষৰ ওপৰত বনোৱা হৈছিল । কিন্তু এই ছবি খনৰ মুক্তিৰ পিছতো দীপিকা পাডুকন আৰু ছবি খন বিতৰ্কত আছে । এইবাৰ দীপিকা পাডুকন ট্ৰ'লৰ সন্মুখীন হ'ব লগীয়া হৈছে অভিনেত্ৰী গৰাকীয়ে দিয়া এটি টিকটক প্ৰত্যাহ্বান লৈ ।

জানিব পৰা মতে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ছপাকৰ প্ৰমোচনৰ বাবে অভিনেত্ৰী দীপিকা পাডুকনে টিকটকত এক প্ৰত্যাহ্বান জনাইছে । দীপিকা পাডুকনৰ এই প্ৰত্যাহ্বানক লৈ দৰ্শক সকলে ক্ষুব্ধ হোৱা দেখা যায়।

দীপিকা পাডুকনে অনুৰাগী সকলক ছপাকৰ মুখ্য চৰিত্ৰ মালতীৰ দৰে প্ৰসাধন কৰাৰ প্ৰত্যাহ্বান জনাই। তাৰ পিছতেই অনুৰাগী সকলে তেওঁক অমানৱীয় আৰু হৃদয়হীন আখ্যা দিছে ।

https://twitter.com/smitabarooah/status/1218482611196059648

এজন টিকটক ব্যৱহাৰ কাৰীয়ে দীপিকা পাডুকনৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখে যে , " দীপিকা , এই প্ৰমোচন ভাল নহয় ।‌এয়া অসংবেদনশীল আৰু ভয়ানক । ছবি খন আপুনি আৰু আপোনাৰ প্ৰসাধনক লৈ নাছিল । এই ছবি এগৰাকী মহিলাৰ জীৱন সংঘৰ্ষ আৰু তেওঁৰ দৰে পীড়িত মহিলা সকলক লৈ আছিল। যাৰ দাগ আপোনাৰ প্ৰসাধনে নোহোৱা কৰিব নোৱাৰে " ।

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ছপাক নামৰ ছবি খনৰ নিৰ্দেশনা কৰিছিল মেঘনা গুলজাৰে। লগতে এই ছবি খনৰ প্ৰয়োজনা কৰিছে দীপিকা পাডুকনে। এই ছবি খনত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে মালতী নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰে। লগতে এই ছবি খনত বিক্ৰান্ত মেছীকো দেখিবলৈ পোৱা যায়। এই ছবিখনত বিক্ৰান্ত মছীয়ে এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

অন্য খবৰৰ বাবে পঢ়ক : অজয় দেৱগনৰ তানহাজী উপভোগ কৰি ছবি গৃহতে দৰ্শকে উৰুৱালে নোট

ভিডিঅ প্ৰতক্ষ্য কৰক : BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি